চীনত জন্মৰ হাৰ অভাৱনীয়ভাৱে হ্ৰাস পাইছে। দেশখনে যোৱা বছৰ আটাইতকৈ কম জন্মৰ হাৰৰ ৰেকৰ্ড গঢ়িছে।ইয়াৰ পূৰ্বে জন্মৰ হাৰৰ সৰ্বনিম্ন ৰেকৰ্ড আছিল ১৯৪৯চনত।
দেশখনৰ নেশ্যনেল ব্যুৰো অফ ষ্টেটিষ্টিকছে সোমবাৰে প্ৰকাশ কৰা এক নতুন প্ৰতিবেদনত এই কথা সদৰী কৰিছে।
প্ৰতিবেদন অনুসৰি, চীনত ২০২১বৰ্ষত প্ৰতি ১হাজাৰত জন্মদানৰ হাৰ আছি মাত্ৰ ৭.৫২শতাংশ।
সৰ্বনিম্ন জন্মৰ হাৰৰ ফলত দেশখনত জনসংখ্যাৰ সংকটে দেখা দিছে।অৰ্থনীতিকে ধৰি আন আন ক্ষেত্ৰত ইয়াৰ প্ৰত্যক্ষ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে।
লগতে পঢ়ক: Covid Update: অসমতো কৰ’নাৰ ৰঙা চকু! ২৪ ঘন্টাতে আক্ৰান্ত প্ৰায় ৭হাজাৰ; ১১গৰাকীৰ মৃত্যু
আনহাতে, বয়স্ক লোকৰ সংখ্যা আশাতীতভাৱে বৃদ্ধি পোৱাত দেশখনত অৰ্থনৈতিক বিকাশত নেতিবাচক প্ৰভাৱ পেলোৱাৰ বিষয়ে সতৰ্ক কৰিছে বিশেষজ্ঞসকলে।
দেশখনত সুদীৰ্ঘ দিন ধৰি চলি থকা এটা সন্তানৰ নীতিৰ বাবেই দেশখনৰ জনসাধাৰণৰ মাজত সন্তান জন্ম দিয়াৰ প্ৰতি আগ্ৰহ হ্ৰাস পাইছে।
অৱশ্যে চৰকাৰে ইতিমধ্যে চৰকাৰে এই নীতি প্ৰত্যাহাৰ কৰিছে আৰু দম্পতিসকলক তিনিটালৈকে সন্তান জন্ম দিয়াৰ বাবে অনুমোদন জনাইছে। তথাপি দেশখনত জন্মহাৰৰ ক্ষেত্ৰত পৰিস্থিতিৰ উন্নতি ঘটা নাই।