China’s Communist Party elevates Xi Jinping’s power চীনৰ কমিউনিষ্ট পাৰ্টিৰ নতুন সংবিধান অনুসৰি ৰাষ্ট্ৰপতি জিনপিঙক অধিক ক্ষমতা প্ৰদান কৰা হৈছে। শনিবাৰে সৰ্বসন্মতিক্ৰমে অনুমোদিত নতুন সংবিধানত কেইবাটাও বিষয়ত পৰিৱৰ্তনৰ আহ্বান জনোৱা হৈছে।
নতুন সংবিধান অনুসৰি, অভিলেখ তৃতীয়বাৰৰ বাবে সিংহাসনত বহিবলৈ আগবঢ়া থকা ছি জিনপিঙৰ ক্ষমতা দেশৰ প্ৰাক্তন সৰ্বোচ্চ নেতা মাও জেডঙৰ সমতুল্য কৰাৰ লগতে চীনৰ সামাজিক ব্যৱস্থাৰ মুখ্য নিয়ন্ত্ৰক হিচাপে কমিউনিষ্ট পাৰ্টিৰ কথা কোৱা হৈছে।
লগতে পঢ়ক: ‘পুলিৎজাৰ’ৰ মঞ্চত সজল মুহূৰ্ত! মৃত পিতৃৰ বঁটা গ্ৰহণ কৰিবলৈ আহিল দুই কণমানি সন্তান
ইয়াৰ ফলস্বৰূপে চীনত একদলীয় আৰু ব্যক্তিকেন্দ্ৰিক শাসনৰ ভেটি অধিক শক্তিশালী হোৱা বুলি ধাৰণা কৰা হৈছে।
নতুন সংবিধান মতে কমিউনিষ্ট পাৰ্টিৰ কেন্দ্ৰীয় সমিতি দেশৰ সমাজ আৰু ৰাজনীতিৰ উৰ্ধত থাকিব। এইটোও কোৱা হৈছে যে কেন্দ্ৰীয় সমিতিৰ সকলো সদস্য আৰু আন দলৰ কৰ্মীয়ে জিনপিঙক সৰ্বোচ্চ নেতা হিচাপে গ্ৰহণ কৰিব। ইয়াৰ ফলত চীনৰ আৰু সেই দেশৰ কমিউনিষ্ট পাৰ্টিৰ নেতা হিচাপে জিনপিঙৰ ক্ষমতা আৰু শক্তিশালী কৰা হ’ল।
চীনৰ কমিউনিষ্ট পাৰ্টিৰ এক নতুন লক্ষ্য দেশখনৰ সমাজবাদক সময়োপযোগী কৰি তোলাৰ লগতে চীনৰ সংস্কৃতিক এক উচ্চ স্থানত প্ৰতিষ্ঠা কৰা বুলি কোৱা হৈছে।
লগতে পঢ়ক: হত্যাতো কৰা নাছিল! উচ্চ ন্যায়ালয়ে হ্ৰাস কৰিলে ৪ বছৰীয়া কন্যাশিশুৰ ধৰ্ষণকাৰীৰ শাস্তি
আনহাতে, প্ৰথমবাৰৰ বাবে চীনৰ কমিউনিষ্ট পাৰ্টিয়ে টাইৱানৰ ওপৰত নিজৰ স্থিতি স্পষ্ট কৰিছে। পূৰ্বে চৰকাৰে এই বিষয়টোত মুখ খুলিছিল যদিও সেই দেশৰ কমিউনিষ্ট পাৰ্টি ইমান দিন ধৰি নীৰৱ আছিল। অৱশেষত নীৰৱতা ভংগ কৰি কমিউনিষ্ট পাৰ্টিৰ সংবিধানে স্পষ্ট কৰি দিছে যে দলটোৱে টাইৱানৰ স্বাধীনতাক স্বীকৃতি নিদিয়ে। এই ক্ষেত্ৰত দেশৰ ‘বিচ্ছিন্নতাবাদীসকল’ক দুৰ্বল কৰিবলৈ আৰু ‘মাতৃভূমিৰ একতা’ত একেলগে জড়িত হ’বলৈ আহ্বান জনোৱা হৈছে।