তিনিগৰাকী মহাকাশচাৰী বুকুতলৈ মহাকাশলৈ যাত্ৰা চীনৰ মহাকাশ যান ছেনজৌ-১২ ৰ

Shenzhou-12-1-750x375

মহাকাশ গৱেষণাৰ ক্ষেত্ৰত আৰু এঢাপ আগুৱাই গ’ল চীন।আজি তিনিগৰাকী মহাকাশচাৰীক বুকুত বান্ধি মহাকাশলৈ যাত্ৰা কৰিলে চীনৰ মহাকাশ যান ছেনজৌ-১২ ই।

ইয়াৰ লগে লগে চীনৰ এটা দীৰ্ঘদিনীয়া সপোন পূৰণ হ’ল।

চীনৰ মেনড স্পেছ এজেন্সীয়ে আজি এই কথা প্ৰকাশ কৰিছে। উল্লেখ্য মহাকাশত চীনে এটা মহাকাশ আস্থান নিৰ্মাণ কৰি আছে। উক্ত মহাকাশ আস্থানক লক্ষ্য কৰিয়েই তিনি জনকৈ মহাকাশচাৰীক কঢ়িয়াই মহাকাশ যান খনে যাত্ৰা আৰম্ভ কৰে।

চীনে ২০২২ চনৰ ভিতৰত নিৰ্মাণ কৰি থকা মহাকাশ আস্থানটো সম্পূৰ্ণ কৰি তুলিব বুলি ঘোষণা কৰিছে।৬ ঘণ্টা ৩০ মিনিটৰ যাত্ৰাৰ অন্তত যান খনে নিৰ্মীয়মাণ মহাকাশ আস্থানটোত উপস্থিত হ’বলৈ সক্ষম হ’ব।

মহাকাশ যান খনে কঢ়িয়াই নিয়া চীনৰ মহাকাশচাৰী কেই জন হৈছে ক্ৰমে নি হাইচেং,লিউ ব’মিং আৰু তাং হংব’।তেওঁলোকে তিনি মাহ কাল মহাকাশ আস্থানটোত কটাব বুলি জানিব পৰা গৈছে।

ইপিনে পাকিস্তানেও ২০২২ চনৰ ভিতৰত চীনৰ সহায়ত মহাকাশলৈ দেশৰ প্ৰথমগৰাকী মহাকাশচাৰী প্ৰেৰণ কৰাৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে।

প্ৰাৰম্ভিক পৰ্যায়ত মহাকাশ অভিযানৰ বাবে ৫০ গৰাকী মহাকাশচাৰীক নিৰ্বাচন কৰা হ’ব পৰৱৰ্তী সময়ত ইয়াৰ পৰা ২৫ গৰাকীক ২০২২ চনৰ মহাকাশ অভিযানলৈ নিৰ্বাচিত কৰা হ’ব আৰু ইয়াৰ মাজৰ পৰা মাত্ৰ এগৰাকীক মহাকাশলৈ পঠোৱা হ’ব বুলি কয় পাকিস্তানে প্ৰকাশ কৰিছিল।

পাকিস্তানী বায়ুসেনা বাহিনীয়ে মহাকাশচাৰী নিৰ্বাচন কৰা সন্দৰ্ভত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব বুলি এটা খবৰত প্ৰকাশ পাইছে।

এছিয়াৰ ভিতৰত চোভিয়েট মহাসংঘৰ পাছতে দ্বিতীয়খন দেশ হিচাপে পাকিস্তানে ১৯৬৩ চনতে মহাকাশলৈ ৰকেট প্ৰেৰণ কৰিছিল।
পাকিস্তানক এই অভিযানত চীনে সহায় কৰিব বুলিও কথা দিছিল।