• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Wednesday, July 2, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

ৰাণী এলিজাবেথৰ কফিনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া নহয় চীনা প্ৰতিনিধিক!

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
September 17, 2022 7:54 am
177
VIEWS
Share on FacebookShare on Twitter

চীনা প্ৰতিনিধিসকলক ৰাণী দ্বিতীয় এলিজাবেথৰ কফিনৰ ওচৰলৈ যাবলৈ অনুমতি দিয়া নহয়! আন্তৰ্জাতিক সংবাদ মাধ্যমৰ বাতৰিত এই কথা প্ৰকাশ পাইছে। ৰাণীৰ মৃতদেহ এতিয়া ব্ৰিটিছ সংসদৰ ৱেষ্টমিনষ্টাৰ হলত আছে। ৰাণীক সোমবাৰে ৱেষ্টমিনষ্টাৰ এবেট সমাধিস্থ কৰা হ’ব।

বাতৰি অনুসৰি, কূটনৈতিক উত্তেজনাৰ বাবে লণ্ডনে বেইজিঙক এই কঠোৰবাৰ্তা প্ৰদান কৰিছে। কেইদিনমান পূৰ্বে লণ্ডনে জিনজিয়াং প্ৰদেশত মানৱ অধিকাৰ উলংঘনৰ বিষয়টো উত্থাপন কৰিছিল। তাত আইন প্ৰণেতাসকলে উইঘুৰ মুছলমানসকলৰ ওপৰত জিনপিং প্ৰশাসনৰ অত্যাচাৰৰ বিৰুদ্ধে মাত মাতিছিল।

ইপিনে, বেইজিঙে একাংশ ব্ৰিটিছ কূটনীতিবিদৰ ওপৰত নিষেধাজ্ঞা আৰোপ কৰিছে। এই ঘটনাৰ পৰিপ্ৰেক্ষিতত ৰাণীৰ অন্ত্যেষ্টিক্ৰিয়াত চীনা প্ৰতিনিধিসকলক এক কঠোৰ বাৰ্তা প্ৰদান কৰা হৈছে।

বাতৰি মতে, ব্ৰিটিছ সংসদৰ নিম্ন সদন হাউচ অৱ কমন্সৰ অধ্যক্ষৰ আপত্তিৰ বাবে চীনা প্ৰতিনিধিসকলক ৱেষ্টমিনষ্টাৰ হললৈ যাবলৈ অনুমতি দিয়া নহয়।

আনহাতে, ব্ৰিটেইনৰ অধ্যক্ষৰ কাৰ্যালয়ে এই বিষয়ত মুখ খুলিবলৈ অনিচ্ছুক। ব্ৰিটিছ প্ৰধানমন্ত্ৰী লিজ ট্ৰাছৰ এগৰাকী মুখপাত্ৰই কয় যে বাকিংহাম পেলেচে চূড়ান্ত অতিথিৰ তালিকা প্ৰস্তুত কৰিব। আনকি বৈদেশিক কাৰ্যালয়ে এখন তালিকা দিলেও তেওঁলোকেহে চূড়ান্ত সিদ্ধান্ত ল’ব।

চীনৰ বৈদেশিক মন্ত্ৰালয়ৰ মুখপাত্ৰ মাও নিংয়ে কয়, “এই সন্দৰ্ভত আমাৰ ওচৰত কোনো তথ্য নাই। অৱশ্যে আয়োজক হিচাপে ব্ৰিটেইনে কূটনৈতিক নিয়ম অনুসৰি অতিথিসকলক সন্মান জনাব।”

ৰাণী দ্বিতীয় এলিজাবেথৰ মৃতদেহ যোৱা বুধবাৰে সন্ধিয়া ৱেষ্টমিনষ্টাৰ হললৈ অনা হৈছিল। তাতেই নাগৰিকসকলে তেওঁক শ্ৰদ্ধাঞ্জলি জনাইছে। কফিনৰ প্ৰতিটো দিশত ৰাজপৰিয়ালৰ দায়িত্বত থকা সৈনিকসকলৰ নজৰত আছে। সোমবাৰে অন্তিম সংস্কাৰৰ পূৰ্বে জনসাধাৰণে সন্ধিয়া ৬-৩০ বজালৈকে ৰাণীক শেষ শ্ৰদ্ধা জনাব পাৰিব। সেইদিনাই ৱেষ্টমিনষ্টাৰ এবেট তেওঁৰ স্বামী ফিলিপৰ কাষত সমাধিস্থ কৰা হ’ব।

Recent News

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

গুৱাহাটীৰ বন্ধ কোঠাত উদ্ধাৰ মহিলাৰ মৃতদেহ, হত্যাৰ সন্দেহ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

মুম্বাইত আশ্চৰ্যকৰ ঘটনাঃ এবছৰ ধৰি ১৬ বছৰীয়া ছাত্ৰক পঞ্চতাৰকাযুক্ত হোটেললৈ নি ধৰ্ষণ শিক্ষয়িত্ৰীৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

গুৱাহাটীৰ পানীযোগান সমস্যা সমাধানৰ দাবীত ধৰ্ণা কাৰ্যসূচী পালন নাগৰিক ঐক্য মঞ্চৰ

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

বৰ্ধিত অকাল মৃত্যুৰ বাবে দায়ী নেকি ক’ভিড ভেকচিন? কি উন্মোচিত হ’ল গৱেষণা কেন্দ্ৰ আইচিএমআৰ আৰু এইমছৰ যৌথ প্ৰতিবেদনত…

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd