প্ৰতিবাদত সেও মানিলে বি চি চি আইয়ে; টাইটেল স্পনছৰাৰ ভিভো আঁতৰিল

আৰ এছ এছৰে সম্পৰ্ক থকা স্বদেশী জাগৰণ মঞ্চৰ লগতে বিভিন্নজনে কৰা প্ৰতিবাদৰ ওচৰত সেও মানিবলৈ বাধ্য হ’ল বিশ্বৰ আটাইতকৈ শক্তিশালী ক্ৰিকেট ব’ৰ্ড বি চি চি আই।

ভাৰত আৰু চীনৰ সংঘাতৰ পিছৰে পৰা বিভিন্নজনে জনাই অহা দাবী অনুসৰি আই পি এলৰ এইবাৰৰ সংস্কৰণৰ পৰা টাইটেল স্পনছৰাৰ ভিভোক আঁতৰ কৰাৰ সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই।

অৱশ্যে, যোৱা দেওবাৰে অনুষ্ঠিত আই পি এলৰ গভর্নিং কাউন্সিলৰ গুৰুত্বপূর্ণ বৈঠকত ভিভোকে আঁতৰ কৰোৱাৰ কোনো সিদ্ধান্ত লোৱা নাছিল৷

কিন্তু গভর্নিং কাউন্সিলৰ এই সিদ্ধান্তৰ বিৰোধিতাৰে ছ’চিয়েল মিডিয়াত বি চি চি আইক কঠোৰ সমালোচনা কৰাৰ পাছত আই পি এল কৰ্তৃপক্ষই স্থিতি সলনি কৰিবলৈ বাধ্য হ’ল।

অনুৰাগীক ক্ষুণ্ণ কৰি আই পি এলৰ দৰে বৃহৎ প্রতিযোগিতাৰ যে সফল আয়োজন সম্ভৱ নহয় সেই কথা উপলব্ধি কৰিয়েই আই পি এল কর্তৃপক্ষই এইবাৰৰ সংস্কৰণৰ পৰা ভিভোক বাদ দিয়াটোৱেই উচিত বুলি উপলব্ধি কৰে৷

উল্লেখ্য যে ভিভোৰ সৈতে চাৰি বছৰীয়া চুক্তিৰ ম্যাদ ২০২২ চনত শেষ হোৱাৰ কথা আছিল যদিও এতিয়া তেওঁলোকে ২০২৩ চনলৈ আই পি এলৰ টাইটেল স্পনছৰ হিচাপে থাকিব পাৰিব৷ এই চুক্তি স্বীকাৰ কৰিছে ভিভোৱেও৷

ইফালে এক অসমর্থিত সূত্রৰ মতে এইবাৰৰ আই পি এলৰ টাইটেল স্পনছৰ এটা ভাৰতীয় কোম্পানীৰ উপৰি এটা আমেৰিকান কোম্পানীয়ে লাভ কৰাৰ পূৰ্ণ সম্ভাৱণা আছে।