ভাৰত-চীনৰ সম্পৰ্ক মসৃণ কৰাৰ চেষ্টা চলিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বেইজিং ভ্ৰমণৰ পূৰ্বে ভাৰতলৈ আহিছে চীনৰ বৈদেশিক মন্ত্ৰী ৱাং য়ি। সূত্ৰ অনুসৰি অহা সপ্তাহত তেওঁ দিল্লীত ভৰি দিব। তাতে ৰাষ্ট্ৰীয় নিৰাপত্তা উপদেষ্টা অজিত ডোভালক সাক্ষাৎ কৰিব।
শেহতীয়াকৈ বৈদেশিক পৰিক্ৰমা মন্ত্ৰী এছ জয়শংকৰে এছ চি অ’ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ চীনলৈ গৈছিল। পিছত প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙে একেখন বৈঠকতে অংশগ্ৰহণ কৰিবলৈ বেইজিংলৈ যায়। তাতেই তেওঁ চীনৰ প্ৰতিৰক্ষা মন্ত্ৰী এডমিৰেল ডং জুনক সাক্ষাৎ কৰে।আনহাতে জয়শংকৰে চীনৰ উপ-ৰাষ্ট্ৰপতি হান ঝং আৰু চীনৰ ৰাষ্ট্ৰপতি ছি জিনপিঙক সাক্ষাৎ কৰে। তাত তেওঁ এই বাৰ্তা প্ৰেৰণ কৰে যে, “এখন অশান্ত পৃথিৱীত ভাৰত আৰু চীনৰ বাবে ইজনে সিজনক সহযোগিতা আৰু মুকলি আলোচনা কৰাটো অতি প্ৰয়োজনীয়।”
২০২০ চনত Covid মহামাৰীয়ে কৈলাশ-মানসৰোৱৰ যাত্ৰা, দুয়োখন দেশৰ মাজত পোনপটীয়া বিমান সেৱা, আৰু ভিছাৰ ওপৰত প্ৰভাৱ পেলাইছিল। পাছত গালৱান সংঘৰ্ষৰ বাবে ভাৰত-চীনৰ সম্পৰ্ক অৱনতি ঘটে। ইয়াৰ পিছত দুয়োখন দেশৰ কেইবাখনো সামৰিক পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। অৱশেষত এইবাৰ বেইজিঙৰ গ্ৰীণ চিগনেলৰ পিছত আৰম্ভ হ’ল কৈলাশ-মানছাৰোৱৰ যাত্ৰা। যোৱা মাহত ভাৰতে আনকি চীনৰ নাগৰিকক পৰ্যটন ভিছা প্ৰদান কৰাৰ কথাও ঘোষণা কৰিছিল। কেৱল সেয়াই নহয়, অহা মাহৰ পৰা দুয়োখন দেশৰ মাজত প্ৰত্যক্ষ বিমান সেৱাও আৰম্ভ হ’ব বুলি জনা গৈছে। জ্ঞাত সূত্ৰৰ মতে, ইতিমধ্যে ৰাছিয়া-ইউক্ৰেইন যুদ্ধ আৰু ইৰাণ-ইজৰাইল সংঘাতৰ বাবে বিশ্ব অস্থিৰ হৈ পৰিছে। দুয়োখন দেশৰ সুবিধাৰ্থে ভাৰতৰ সৈতে নতুন বন্ধুত্বপূৰ্ণ সম্পৰ্ক গঢ়ি তুলিবলৈও চাইছে চীনে। কেৱল সেয়াই নহয়, আমেৰিকাৰ ৰাষ্ট্ৰপতি ড’নাল্ড ট্ৰাম্পৰ শুল্ক নীতিৰ পিছত ছি জিনপিঙৰ দেশখনে ভাৰতৰ সৈতে দ্বিপাক্ষিক সম্পৰ্ক সুদৃঢ় কৰিবলৈ আগ্ৰহী।
প্ৰসংগক্ৰমে চীনৰ টিয়ানজিনত অনুষ্ঠিত এছ চি অ’ৰ বৈঠকত অংশগ্ৰহণ কৰিবলৈ ৩১ আগষ্টত চীনলৈ যাব মোদী। ১ ছেপ্টেম্বৰলৈকে তেওঁ তাত থাকিব।২০২০ চনত গালৱান সংঘৰ্ষৰ পিছত মোডীৰ এইখন প্ৰথম চীন ভ্ৰমণ হ’ব।ইয়াৰ উপৰিও শেহতীয়াকৈ ড’নাল্ড ট্ৰাম্পে ভাৰতৰ ওপৰত ৫০ শতাংশ শুল্ক আৰোপ কৰিছিল। ইয়াৰ বিৰোধিতা কৰি ভাৰতৰ কাষত থিয় দিছে বেইজিঙে। এনে পৰিস্থিতিত সমগ্ৰ বিশ্বই মোদীৰ এই ভ্ৰমণৰ প্ৰতি অধিক মনোযোগ দিছে। কিন্তু তাৰ আগতে চীনৰ বৈদেশিক মন্ত্ৰী ভাৰতলৈ আহি আছে।