ভাৰতীয় সেনাৰ প্ৰত্যুত্তৰৰ শংকা! গালৱানত ২ কিলোমিটাৰ পিছ হুহুকিল চীনা সৈন্য

main-qimg-70c483c6f971d7f3ba3d65908a7da21d

ফটো সৌজন্য: Quora.com

লাডাখ সীমান্তত ভাৰত-চীনৰ মাজত চলি থকা যুদ্ধমুখী পৰিস্থিতিত ভাৰতে এক দৃঢ় স্থিতি লাভ কৰিছে।

ভাৰতীয় সেনাৰ প্ৰত্যাক্ৰমণৰ আশংকাত প্ৰায় ২ কিলোমিটাৰ পিছুৱাই গৈছে চীনৰ সৈন্য বাহিনী।

আনহাতে, সংঘৰ্ষৰ কেন্দ্ৰস্থলৰ পৰা ভাৰতেও নিজৰ সেনা বাহিনী এক কিলোমিটাৰ ভিতৰলৈ লৈ আনিছে।

যোৱা মে’ মাহত গালৱানত চীনৰ পীপলছ লিবাৰেশ্যন আৰ্মিৰ সেনাই ঘাটি স্থাপন কৰিছিল।

বাতৰি অনুসৰি, গালৱান উপত্যকাত ১০০ৰো অধিক অস্থায়ী শিৱিৰ স্থাপন কৰিছিল চীনৰ সেনাই। কেইবাহাজাৰো সৈনিক তাত সমবেত হৈছিল।

বিগত প্ৰায় দুসপ্তাহ ধৰি চীনৰ সেনাক উভতি ধৰিবলৈ ভাৰতীয় সেনায়ো প্ৰস্তুতি গঢ়ি তুলিছিল। কেইবাহাজাৰো সেনা অস্ত্ৰ-শস্ত্ৰৰে সজ্জিত কৰি ৰখা হৈছিল।

কিন্তু বুধবাৰে চীনৰ সৈন্য নিজৰ অৱস্থানৰ পৰা প্ৰায় ২ কিলোমিটাৰ পিছ হুহুকি যায়।চীনৰ সেনাৰ প্ৰত্যাগমনৰ পাছতে ভাৰতীয় সেনায়ো এক কিলোমিটাৰ পিছুৱাই আহে।

গালৱান উপত্যকাত থকা ভাৰত আৰু চীনৰ সেনাৰ তিনিটা যুদ্ধকেন্দ্ৰৰ এটাৰ পৰা বুধবাৰে চীনৰ সেনা পিছুৱাই গৈছে।

উল্লেখ্য যে যোৱা কিছুদিন ধৰি গালৱান উপত্যকাত চীনৰ সেনা বাহিনীয়ে আক্ৰমণাত্মক স্থিতি প্ৰদৰ্শন কৰি আহিছিল।

হঠাৎ চীনৰ সেনা বাহিনীৰ এই পশ্চাদগমন সম্পৰ্কে কোনো স্পষ্ট কথা ক’ব পৰা হোৱা নাই যদিও এইবাৰ ভাৰতে গ্ৰহণ কৰা দৃঢ়তাৰ বাবেই চীনে ডোকলামৰ দৰে চাপ সৃষ্টি কৰাটো সম্ভৱ নহ’ব বুলিয়েই আঁতৰি যোৱাৰ ধাৰণা কৰা হৈছে।

আনহাতে, অহা শনিবাৰে সীমান্ত সমস্যাক লৈ দেশ দুখনৰ সেনা বাহিনীৰ লেফটেনেন্ট জেনেৰেল পৰ্যায়ৰ বিষয়াৰ বৈঠক অনুষ্ঠিত হ’ব।