NORTHEAST NOW (Assamese)

মাজ আকাশত বিকল হেল্লিকপ্টাৰ : যমৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিল মন্ত্ৰী জয়ন্ত মল্ল

October 18, 2023 6:48 pm · এন ই নাও নিউজ, গুৱাহাটী

কথমপি ৰক্ষা পৰিল মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ জীৱন। দক্ষিণ শালমাৰাৰ পৰা উভটি অহাৰ পথত মৃত্যুৰ দুৱাৰদলিৰ পৰা ঘূৰি আহিল মন্ত্ৰীগৰাকী

দক্ষিণ শালমৰাৰ পৰা হেলিকপ্টাৰেৰে উভটি অহাৰ সময়ত হঠাৎ মাজ আকাশত বিকল হৈ পৰে হেলিকপ্টাৰ খনৰ ইঞ্জিন। 

ইঞ্জিন বিকল হোৱাৰ পিছত বৰঝাৰ বিমানবন্দৰত জৰুৰীকালীন অৱতৰণ কৰে হেলিকপ্টাৰখনে। 

পাইলটৰ দক্ষতা আৰু উপস্থিত বুদ্ধিয়ে প্ৰাণ ৰক্ষা কৰে মন্ত্ৰী জয়ন্ত মল্লবৰুৱাৰ জীৱন। 

ইতিমধ্যে এই ঘটনাৰ তদন্ত আৰম্ভ কৰা হৈছে। তদন্তৰ পিছত জানিব পৰা যাব হেলিকপ্টাৰৰ ইঞ্জিন বিকল হোৱাৰ কাৰণ।

Related News