NORTHEAST NOW (Assamese)

‘চকীদাৰ’-এ বিব্ৰত কৰিছে বিজেপিক; ১০মাহে দৰমহা নোপোৱা এজন ‘সঁচা চকীদাৰ’ৰ আহ্বান হিমন্তলৈ

March 20, 2019 2:38 pm · এন ই নাও নিউজ
হিমন্ত বিশ্বলৈ আহ্বান এজন ফেইচবুক য়ুজাৰৰ।

নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে মোদীয়ে নিজকে দেশৰ এজন ‘চকীদাৰ’ বুলি ঘোষণা কৰাৰ লগতে বিজেপিয়ে #MainBhiChowkidar বুলি এটা হেছটেগ সৃষ্টি কৰিছে। সমান্তৰালভাৱে প্ৰায়বোৰ বিজেপি নেতাই তেওঁলোকৰ ছ’চিয়েল মিডিয়াৰ নামৰ আগত Chowkidar শব্দটো সংযোগ কৰি লৈ মোদীৰ এই অভিযানৰ প্ৰতি সঁহাৰি দিছে।

কিন্তু এইদৰে দেশজুৰি ‘চকীদাৰ অভিযান’ত নামি পৰা দলটোৱে এই শ্ল’গানক লৈ যোৱা এটা সপ্তাহত কেইবাবাৰো বিব্ৰত হ’ব লগীয়া হৈছে। ৰাষ্ট্ৰীয় পৰ্য্যায়ত ইতিমধ্যে দলটোৱে বিৰোধীৰ ‘চকীদাৰ চৌৰ হ্যে’ আৰু বহুজন সমাজ পাৰ্টীৰ নেত্ৰী মায়াৱতীৰ ‘চাইৱালাৰ পৰা চকীদাৰ’ কটাক্ষ হজম কৰিব লগীয়া হৈছে।

কিন্তু ডাঙৰ কথাটো হ’ল বিজেপিৰ এই শ্ল’গানক অপমানজনক আখ্যা দিছে দেশত চকীদাৰৰ কামত নিয়োজিত হৈ থকা প্ৰকৃত চকীদাৰসকলে। ইতিমধ্যে বহুকেইঠাইত চকীদাৰৰ য়ুনিয়নে ইয়াৰ তীব্ৰ প্ৰতিক্ৰিয়া কৰিছে। বিভিন্ন দুৰ্নীতি, যৌন কেলেংকাৰি, ৰাইজৰ টকা চুৰ কৰা বিজেপিৰ নেতাই নিজক চকীদাৰ বুলি অভিহিত কৰা বাবে সঁচা চকীদাৰসকল অপমানিত বোধ কৰিছে।

দৰমহাৰ দাবীত মৌন প্ৰতিবাদ কৰা ঝাৰখণ্ডৰ কেইজনমান চকীদাৰ। ফটোৰ উৎস : দ্যা টেলিগ্ৰাফ

আনপিনে ঝাৰখণ্ডৰ বিজেপি চৰকাৰে প্ৰায় ১০ হাজাৰ চকীদাৰক দৰমহা দিয়া নাই যোৱা ৪ মাহ, যাৰ বাবে প্ৰতিবাদ কৰিব লগীয়া হৈছে এই পদত থকা কৰ্মচাৰীসকলে। জেদ প্লাছ ছিকিউৰিটি লৈ থকা ‘চকীদাৰ’সকলৰ ৰাজনীতি আৰু প্ৰকৃত চকীদাৰসকলৰ ভাতমুঠিৰ চিন্তাৰ মাজত ৰৈ যোৱা এই বাস্তৱতাই নৰেন্দ্ৰ মোদীৰ দৃষ্টি লাভ কৰাৰ আশা কৰিছে মৌন প্ৰতিবাদত বহা ঝাৰখণ্ডৰ কৰ্মচাৰীসকলে।

অসমত এই অভিযানৰ অগ্ৰণী দূত হিমন্ত বিশ্ব শৰ্মা আৰু অন্যান্য নেতাসকলকো নিজৰ টুইটাৰ নামৰ আগত Chowkidar শব্দ সংযোগ কৰা দেখা গৈছে। সদায়ে আনতকৈ এখোজ আগবঢ়া মন্ত্ৰী হিমন্তই সিমানতে ক্ষান্ত নাথাকি #MainBhiChowkidar –অক caller tune হিচাপে পাবলৈ কোনটো টেলিকম সেৱাৰ বাবে কি কি ডায়েল কৰিব লাগিব তাৰো তালিকা দিয়ে। টুইটাৰৰ উপৰি তেওঁৰ ফেইচবুক পেইজতো এই তালিকাৰ পোষ্ট দিয়ে ১৯ মাৰ্চত।

কিন্তু হিমন্তৰ এই পোষ্টটোৰ পিছতে শিৱসাগৰৰ ৰাজেন কুমাৰ ছেত্ৰী নামৰ এজন যুৱকে হিমন্তক কমেণ্টত জনায় যে তেওঁ যোৱা ১০ মাহ দৰমহা পোৱা নাই।

‘‘ছাৰ মই এজন সঁচা চকীদাৰ হয়। শিৱসাগৰ মিউনিচিপেলিটি অফিচৰ অধীনত ছুপাৰ মাৰ্কেটত চকীদাৰ কৰি আছো। কিন্তু ১০ মাহ দৰমহা পোৱা নাই’’, ৰাজেন কুমাৰ ছেত্ৰীয়ে হিমন্তক জানিবলৈ দি কয়।

এতিয়ালৈকে যুৱকজনৰ এই মন্তব্যৰ একো উত্তৰ দিয়া নাই মন্ত্ৰীজনে। ইপিনে caller tune ল’বৰ বাবে জনোৱা অনুৰোধৰ বাবেও বহুতে ব্যংগ কৰে মন্ত্ৰীজনক।

Related News