• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Friday, September 19, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

অচিৰেই গঠন হ’ব চুতীয়া জাতিৰ ৰাজনৈতিক মঞ্চ; ১০ টা সমষ্টিত প্ৰক্ষেপ কৰিব প্ৰাৰ্থী

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
September 2, 2020 6:30 pm
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

অচিৰেই গঠন হ’ব চুতীয়া জাতি-জনগোষ্ঠীৰ এখন ৰাজনৈতিক মঞ্চ। গুৱাহাটীৰ সতী সাধনী ভৱনত এক সংবাদমেল সম্বোধন কৰি এই ঘোষণা কৰিছে চুতীয়া জাতি সন্মিলনৰ নেতৃত্বই।

বুধবাৰে সতী সাধনী ভৱনত সদৌ চুতীয়া জাতি সন্মিলন, চুতীয়া ছাত্ৰ সন্থা, চুতীয়া যুৱ সন্মিলন আৰু মহিলা সন্মিলনৰ প্ৰতিনিধিৰ উপস্থিতিত অনুষ্ঠিত হয় প্ৰথমখন ৰাজনৈতিক সভা।

তাৰ পাছতে সংবাদমেল সম্বোধন কৰে চাৰিওটা সংগঠনৰ নেতৃত্বই।

উক্ত সংবাদমেলত সদৌ চুতীয়া জাতি সন্মিলনৰ সভাপতি হৰেণ চুতীয়াই কয় ‘আমি অৰাজনৈতিক অনুষ্ঠান। কিন্তু বিভিন্ন পৰিবেশ পৰিস্থিতিয়ে বিভিন্ন সাংগঠনিক দিশৰ ব্যক্তিসকলক ৰাজনৈতিকভাৱে চিন্তা চৰ্চা কৰিবলৈ বাধ্য কৰাইছে।‘

‘চুতীয়াসকল ৰাজনৈতিকভাৱে সচেতন, সজাগ আৰু ৰাজনৈতিক ক্ষেত্ৰত বিশেষ শক্তিশালী নোহোৱাৰ কাৰণে ৰাজনৈতিক দলবোৰে অৱহেলাৰ দৃষ্টিৰে চাই আহিছে।‘ চুতীয়াই লগতে কয়।

ইপিনে, বিভিন্ন সময়ত নিৰ্বাচনসমূহত চুতীয়া জনগোষ্ঠীৰ পৰা প্ৰাৰ্থীত্ব প্ৰদান কৰিবলৈ দাবী জনাই আহিছে যদিও চৰকাৰে সময়োপযোগী সিদ্ধান্ত গ্ৰহণ নকৰাৰ বাবে চুতীয়া জনগোষ্ঠী ৰাজনৈতিকভাৱে পিছপৰি আহিছে বুলি চুতীয়াই সংবাদমেলত অভিযোগ উত্থাপন কৰে।

তেওঁৰ মতে ‘ৰাজনৈতিকভাৱে একত্ৰিত নহ’লে চুতীয়া জনগোষ্ঠীৰ লোকসকল সদায় পিছপৰি ৰ’ব।‘

অহা ৮ ছেপ্টেম্বৰত জিলাই জিলাই ৰাজনৈতিক সচেতনতা সভা আয়োজন কৰা হ’ব বুলি উল্লেখ কৰি তেওঁ লগতে কয় ‘ছেপ্টেম্বৰৰ শেষৰ ফালে ৰাজনৈতিক অভিৱৰ্তন আৰম্ভ কৰা হ’ব। ৰাজনৈতিক সিদ্ধান্ত লৈয়ে আগবাঢ়ি যাব লাগিব। বিভিন্ন জিলা বা বিভিন্ন সমষ্টিত প্ৰাৰ্থীত্ব প্ৰদানৰ বাবে ঠিক কৰা হৈছে। ১০ টা সমষ্টি ঠিক কৰা হৈছে ১৮ টা সমষ্টিত নিৰ্ণায়ক ভুমিকা লোৱা হ’ব।‘

উক্ত সংবাদমেলতে উপস্থিত থাকি চুতীয়া যুৱ সন্মিলনৰ উপদেষ্টা নৃপেন শইকীয়াই কয় ‘স্বাধীনতাৰ পাছৰে পৰা ৰাজ্যসভা বা লোকসভা দুখনকৈ সংসদত চুতীয়া জনগোষ্ঠীৰ প্ৰতিনিধি নাই। বিধানসভাতো চুতীয়া জনগোষ্ঠীৰ প্ৰতিনিধি নাই। জনজাতিকৰণ, স্বায়ত্ত শাসন ইত্যাদি বিষয় চৰকাৰক অৱগত কৰিবলৈ আমাৰ কোনো ৰাজনৈতিক প্ৰতিনিধি নাই।‘

‘সেয়েহে সুকীয়াভাৱে চুতীয়া জনবহুল এলেকাৰ পৰা আমাৰ প্ৰতিনিধি নিৰ্বাচিত কৰাৰ চিন্তা চৰ্চা কৰা হৈছে। সুকীয়াকৈ ৰাজনৈতিক মঞ্চ গঠন কৰা হ’ব। ইয়াৰ দিক নিৰ্ণয় কৰিবৰ কাৰণে অহা ৮ ছেপ্টেম্বৰত প্ৰত্যেক জিলা সদৰত ৰাজনৈতিক সজাগতা সভাৰ আয়োজন কৰা হ’ব।‘ শইকীয়াই লগতে জনাই কয়।

ইপিনে, অহা ১৫ ছেপ্টেম্বৰৰ দিনা সদৌ অসম ভিত্তিত যোৰহাটৰ টীয়কত অনুষ্ঠিত হ’বলগীয়া অভিৱৰ্তনত ৰাজনৈতিক মঞ্চ গঠনৰ বিষয়টোৰ ওপৰত বা ৰাজনৈতিকভাৱে কেনেদৰে আগবঢ়া হ’ব সেই সম্পৰ্কে সিদ্ধান্ত গ্ৰহণ কৰা হ’ব বুলি তেওঁ জনায়।

শইকীয়াৰ দাবী ‘আমি চুতীয়া জনগোষ্ঠীৰ প্ৰতিনিধি আগন্তুক নিৰ্বাচনত থিয় কৰাম। যদি জয়ী হ’বও নোৱাৰো তথাপি কাৰোবাক যে হৰুৱাম সেইটো নিশ্চিত।‘

ইপিনে, প্ৰাৰ্থীত্ব প্ৰদান কৰিবলগীয়া বা চুতীয়া জনবহুল সমষ্টিকেইটা কি কি বুলি সাংবাদিকে প্ৰশ্ন কৰাত তেওঁ কয় ‘গোলাঘাট, সৰুপথাৰ, বোকাখাত, তিতাবৰ, টীয়ক, শিৱসাগৰৰ আমগুৰি, শদিয়া, বিহপুৰীয়া আৰু গহপুৰ সমষ্টিত প্ৰাৰ্থী দিয়া হ’ব।‘

সংবাদমেলত উপস্থিত থকা চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি ক্ষিৰোদ শইকীয়াই কয় ‘চুতীয়া জনগোষ্ঠীৰ যিকেইটা দাবী আমি দীৰ্ঘদিনে সমাধান কৰিবলৈ কৈ অহা হৈছে, কোনো এখন চৰকাৰে সদিচ্ছা নেদেখুৱালে। বৰঞ্চ নিৰ্বাচনৰ আগমুহূৰ্তত প্ৰতিশ্ৰুতি দি ভোট ভিক্ষা কৰি জনগোষ্ঠীটোৰ ৰাইজৰ কাষ চাপে আৰু এইবাৰ সেয়া হ’বলৈ দিয়া নহ’ব।‘

উক্ত সংবাদমেলতে উপস্থিত থাকি চুতীয়া ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক মহেন বৰাই কয় ‘জনগোষ্ঠীটোক প্ৰতিখন চৰকাৰে চুড়ান্ত প্ৰতাৰণা কৰা দেখিবলৈ পাইছো। জনগোষ্ঠীটোৰ এশ এবুৰি সমস্যা আছে যদিও মূল সমস্যা সমাধানৰ ক্ষেত্ৰত কোনো এখন চৰকাৰে গুৰুত্ব প্ৰদান নকৰিলে। শেহতীয়াকৈ তিনিটা জনগোষ্ঠীক স্বায়ত্ত শাসনৰ কথা ঘোষণা কৰিলে। কিন্তু দুৰ্ভাগ্যজনকভাৱে ছয় জনগোষ্ঠীৰ মাজত বিভাজন আনিবৰ কাৰণে ৰাজনৈতিক ষড়যন্ত্ৰ আৰম্ভ কৰিছে। কি যুক্তিত চুতীয়াসকলে স্বায়ত্ত শাসন নাপাব? অহা ২১ ৰ নিৰ্বাচনৰ আগতে জনগোষ্ঠীটোক জনজাতিকৰণ আৰু স্বায়ত্ত শাসন প্ৰদান কৰিবই লাগিব। অন্যথা ইয়াৰ প্ৰত্যুত্তৰ ৰাজনৈতিকভাৱে দিয়া হ’ব।‘

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

দুই যুৱ অধ্যাপক দীপজ্যোতি দাস আৰু অৰ্পিতা সিংহাৰ সম্পাদনাত প্ৰকাশ পালে ‘Ethnicity, Identity & Tradition’ শীৰ্ষক গ্ৰন্থ

September 18, 2025 8:44 pm
মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

মোডীৰ জন্মদিনৰ স্বচ্ছতা অভিযানত ‘আৱৰ্জনা পেলাই চাফা কৰাৰ’ নাটক; শলঠেকত বিজেপি

September 18, 2025 8:31 pm

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

ৰাজহুৱা শৌচাগাৰ ব্যৱহাৰ কৰি আৰ্জি নল’ব বিপদ : জানি লওক সাৱধান হোৱাৰ উপায়

September 19, 2025 6:30 am
পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

পেলেষ্টাইনৰ কাহিনীৰে নিৰ্মিত ছবিলৈ ইজৰাইলৰ শ্ৰেষ্ঠ চলচ্চিত্ৰ বঁটা : বঁটাৰ ধন বন্ধ কৰি দিয়াৰ হুংকাৰ ইজৰাইলৰ সাংস্কৃতিক মন্ত্ৰীৰ

September 18, 2025 9:45 pm
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd