NORTHEAST NOW (Assamese)

স্বায়ত্ব শাসন, জনজাতিকৰণৰ দাবীত চুতীয়া ছাত্ৰ সন্থাৰ অৱস্থান ধর্মঘট

March 28, 2022 7:58 pm · জাহ্নৱী বৰুৱা, গুৱাহাটী

অসমৰ অন্যতম ভূমিপুত্ৰ চুতীয়া সকলক ষষ্ঠ অনুসুচীৰ আধাৰত স্বায়ত্বশাসন আৰু জনজাতিকৰণৰ মৰ্যাদা প্ৰদানৰ দাবীত সোমবাৰে গুৱাহাটীৰ চছলত সদৌ অসম চুতীয়া ছাত্র সম্বাই ২ ঘণ্টীয়া অৱস্থান ধর্মঘট কাৰ্যসূচী পালন কৰে।

অৱস্থান ধর্মঘট কাৰ্যসূচীত অসমৰ বিভিন্ন প্ৰান্তৰ প্ৰায় চাৰি শতাধিক প্রতিনিধিয়ে অংশগ্ৰহণ কৰি বিভিন্ন শ্ল’গানেৰে পৰিৱেশ উত্তাল কৰি তোলে।

অৱস্থান ধর্মঘট কার্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ মুখ্য উপদেষ্টা ক্ষীৰোদ শ‍ইকীয়াই চৰকাৰক তীব্র সমালোচনা কৰি কয় “বিজেপি নেতৃত্বাধীন চৰকাৰখনে চুতীয়া সকলৰ দীৰ্ঘদিনীয়া জনজাতিকৰণৰ বিষয়টোক লৈ কেৱল ৰাজনীতিহে কৰি আহিছে।”

তেওঁ চৰকাৰক চুতীয়া সকলৰ আবেগ অনুভূতিক সম্মান জনাই শীঘ্ৰেই জনজাতিৰ মৰ্যাদা আৰু স্বায়ত্বশাসন প্ৰদান কৰিবৰ বাবে দাবী জনায়।

কার্যসূচীত অংশগ্ৰহণ কৰি সন্থাৰ সভাপতি মহেন বৰাই চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্বশাসন প্ৰদানৰ নামত কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে চলোৱা ৰাজনীতি শীঘ্রেই বন্ধ কৰিবৰ বাবে সকিয়নী প্রদান কেৰে।

তেওঁ লগতে বিজেপি চৰকাৰে প্ৰতিশ্রুতি পালন কৰাত ব্যৰ্থ হৈছে বুলিও ক্ষোভ প্রকাশ কৰে।

শীঘ্ৰেই চুতীয়া জনগোষ্ঠীক জনজাতিকৰণ আৰু স্বায়ত্বশাসন প্রদান নকৰিলে বিজেপি চৰকাৰে ইয়াৰ ফল ভোগ কৰিবলৈ সাজু থাকিব লাগিব বুলি সকিয়নী প্রদান কৰে সভাপতি গৰাকীয়ে।

সভাপতি মহেন বৰাই কয় “জনজাতিকৰণ আমাক লাগিবই। অন্যথা যিকোনো পর্যায়লৈকে যাবৰ বাবে চুতীয়া ছাত্ৰ সন্থা সদাপ্রস্তুত।” তেওঁ লগতে ছাত্ৰ কৰ্মী সকলক ইয়াৰ বাবে সাজু হৈ থাকিবৰ বাবে আহ্বান জনায়।

আনহাতে সন্থাৰ সাধাৰণ সম্পাদক ৰাজু চুতীয়াই কয় “নৰেন্দ্র মোদী নেতৃত্বাধীন চৰকাৰখনে ২০১৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকমূহুৰ্তত চুতীয়াকে ধৰি ছয় জনগোষ্ঠীক জনজাতিৰ মৰ্যাদা প্ৰদান কৰা হ’ব বুলি এশ শতাংশ প্ৰতিশ্ৰুতি প্ৰদান কৰিছিল। কিন্তু অতি পৰিতাপৰ বিষয় যে দুবাৰকৈ বিজেপি দলে কেন্দ্ৰত চৰকাৰ গঠন কৰাৰ পাছতো জনজাতিকৰণৰ বিষয়টো সমাধানৰ ক্ষেত্ৰত কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ’ল।”

সম্পাদক গৰাকীয়ে অতি শীঘ্ৰেই চুতীয়া জনগোষ্ঠীক স্বায়ত্বশাসন আৰু জনজাতিৰ মৰ্যাদা প্ৰদান কৰিবৰ বাবে দাবী জনায়। কার্যসূচীত সদৌ চুতীয়া জাতি সম্মিলন, অসমৰ সভাপতি অমিয় কুমাৰ বৰা আৰু সাধাৰণ সম্পাদক পবন চুতীয়াই অংশ গ্রহণ কৰে।

Related News