সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয় উচ্ছেদ ; তীব্র উত্তেজনা অব্যাহত

a chutiya

গোলাঘাটৰ ভি আই পি ৰোডত অৱস্থিত সদৌ গোলাঘাট জিলা চুতীয়া ছাত্ৰ সন্থাৰ মুখ্য কাৰ্যালয়ত শেহতীয়াকৈ জিলা প্ৰশাসনৰ জে চি বিৰ হাতুৰী পৰিলে।

নিমিষতে ভাঙি লণ্ড-ভণ্ড কৰিলে কাৰ্যালয়টোৰ লগতে বহু মূল্যবান আচ-বাব।

জিলা প্ৰশাসনে চলোৱা উচ্ছেদ অভিযানত বাদ নপৰিল চুতীয়া ছাত্র সন্থাৰ মুখ্য কাৰ্যালয়। সেই লৈ এতিয়া জাঙুৰ খাই উঠিছে ছাত্ৰ সংগঠনটোৰ লগতে আন সংগঠনসমূহো।

সদৌ অসম চুতীয়া ছাত্ৰ সন্থাৰ সভাপতি মহেন বৰাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে, ২০১৪-১৫ চনৰ পৰা গোলাঘাট জিলা সাংবাদিক সংস্থাৰ মুখ্য কাৰ্যালয়ৰ সমীপত আধা কঠা মাটিত পিটনি পুতি এই ছাত্ৰ সংগঠনটোৰ কাৰ্যালয় নিৰ্মাণ কৰা হৈছিল।

যদিও জিলা উপায়ুক্তৰ নগৰৰ কেউফালে থকা অবৈধ বে-দখল চকুত নপৰাতো দুৰ্ভাগ্যজনক। লগতে জিলাখনত অবৈধ চুপাৰি চিণ্ডিকেট, অবৈধ কয়লা চিণ্ডিকেট, অবৈধ অৰুণাচলী সুৰাৰ ৰমৰমীয়া বেপাৰ চলি থকা কথা সৰ্বজনবিদিত যদিও কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰি  ছাত্ৰ সংগঠনৰ কাৰ্যালয় উচ্ছেদ কৰাৰ কথািই বিৰূপ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

অবৈধ বেপাৰ বন্ধ কৰিব নোৱাৰা,সকলো অবৈধ বে – দখল উচ্ছেদ কৰিব নোৱাৰা জিলা প্ৰশাসনে বাৰে বাৰে চুতীয়া ছাত্ৰ সন্থাৰ কাৰ্যালয় উচ্ছেদ কৰাটোৱে কি সূচায় বুলিও  বহুতে প্ৰশ্ন উত্থাপন কৰিছে।

জিলা উপায়ুক্ত বিভাস চন্দ্ৰ মোডীৰ এনেধৰণৰ কাৰ্যক বহুতে সমালোচনা কৰা পৰিলক্ষিত হৈছে।