NORTHEAST NOW (Assamese)

কামাখ্যা দেৱোত্তৰ ব’ৰ্ড পৰিচালনাৰ দায়িত্ববাহীৰ বাসগৃহত চিআইডিৰ অভিযান

February 19, 2020 7:10 pm · কল্পজ্যোতি শইকীয়া
Updated: February 19, 2020 7:13 pm

শক্তিপীঠ কামাখ্যাৰ দেৱোত্তৰ ব’ৰ্ডৰ পৰিচালনাৰ দায়িত্ববাহী ৰিজু প্ৰসাদ শৰ্মাৰ বাসগৃহত চিআইডিৰ এটা দলে আজি পুৱাৰে পৰা অভিযান চলায়।

যোৱা ৩১ জানুৱাৰিত উচ্চতম ন্যায়ালয়ে ৰিজু প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰি চিআইডিক তদন্ত কৰিবলৈ নিৰ্দেশ দিছিল।

সেই নিৰ্দেশ অনুসৰিয়েই আজি পুৱা চিআইডিয়ে তেওঁৰ ঘৰত অভিযান। অভিযানকালত শৰ্মাৰ বাসগৃহৰ পৰা বহু নথি-পত্ৰৰ লগতে বেংকৰ পাচবুক জব্দ কৰিছে চিআইডিয়ে।

অহা ১৪ মে’ৰ ভিতৰত চিআইডিক তদন্তৰ প্ৰতিবেদন আদালতৰ মজিয়াত দাখিলৰ নিৰ্দেশ দিছে উচ্চতম ন্যায়ালয়ে।

ৰিজু প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে বিত্তীয় কেলেংকাৰিৰ অভিযোগ উত্থাপিত হৈছে। অভিযোগ অনুসৰি কামাখ্যা দেৱোত্তৰ ব’ৰ্ডে ২০১১ চনৰ ২১ নৱেম্বৰৰ পৰা দুটাকৈ বেংক ক্ৰমে য়ুক’ বেংক আৰু য়ুনাইটেড বেংক অৱ ইণ্ডিয়াৰ পৰা মুঠ ৭,৬২,০৩,৪৩৮ কোটি টকা উলিয়াইছিল।

দেৱোত্তৰ ব’ৰ্ডে এবাৰত ৫০ হাজাৰকৈ ভাগ ভাগ কৰি এই ধন বেংক দুটাৰ পৰা উলিয়াইছিল। জিলা উপায়ুক্তৰ পৰা অনুমোদন নোলোৱাকৈ ধন উলিওৱা কাৰ্য্যটোৱে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনা ভংগ কৰিছিল।

২০১৫ চনলৈকে কামাখ্যা মন্দিৰ পৰিচালনাৰ দায়িত্বত আছিল দেৱোত্তৰ ব’ৰ্ড। তাৰ পাছতে এই দায়িত্ব লাভ কৰে বৰদেউৰী সমাজে। বৰদেউৰী সমাজ এই বিত্তীয় কেলেংকাৰিৰ অভিযোগেৰে সৰৱ হৈ ২০১৫ চনতে উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হৈছিল আৰু ৰিজু প্ৰসাদ শৰ্মাৰ বিৰুদ্ধে এক গোচৰ ৰুজু কৰিছিল।

দীৰ্ঘদিন ধৰি এই গোচৰ চলি থকাৰ পাছতে যোৱা ৩১ জানুৱাৰিত চিআইডিক ইয়াৰ এক উচিত তদন্ত কৰি প্ৰতিবেদন দাখিল কৰিবলৈ নিৰ্দেশ দিয়ে।

ইফালে অভিযুক্ত ৰিজু প্ৰসাদ শৰ্মা বৰ্তমান পলাতক অৱস্থাত আছে বুলি জানিব পৰা গৈছে।

Related News