প্ৰশ্নকাকত ফাদিল: প্ৰাক্তন ডিআইজি পি কে দত্তৰ গুৱাহাটীৰ বাসগৃহ, হোটেলত চিআইডিৰ তালাচী

Assam-Police-1024x512

অসম আৰক্ষীৰ অপৰাধ অনুসন্ধান শাখাই (চিআইডি) বুধবাৰে প্ৰাক্তন ডিআইজি পি কে দত্তৰ গুৱাহাটীৰ বাসগৃহ আৰু তেওঁৰ দুখন হোটেলত তালাচী চলায়।

অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া লিখিত পৰীক্ষাৰ পূৰ্বে প্ৰশ্নকাকত ফাদিলৰ ঘটনাৰ সংক্ৰান্তত এই তালাচী অভিযান চলোৱা হয়।

আনহাতে, তদন্তকাৰী দল উপস্থিত হোৱাৰ পূৰ্বে অসম আৰক্ষীৰ প্ৰাক্তন বিষয়াগৰাকীয়ে তেওঁৰ পৰিয়ালৰ সদস্যৰ সৈতে পলাই যোৱাৰ বাবে চিআইডিয়ে তেওঁক আটক কৰিবলৈ সক্ষম নহ’ল।

চিআইডিয়ে তেওঁৰ হেঙেৰাবাৰীৰ ৰূপকোঁৱৰ পথত থকা বাসগৃহত কেইবাঘন্টা ধৰি তালাচী চচলায়।

চিআইডিৰ তদন্তকাৰী দলটোৱে লগতে তেওঁৰ আইএছবিটিৰ ওচৰত থকা হোটেল ভাৰ্গৱ গ্ৰেণ্ড আৰু লখৰাত থকা আন এখন হোটেলতো তালাচী চলায়।

ইপিনে, অসম আৰক্ষীৰ উপ-পৰিদৰ্শক পদৰ বাবে অনুষ্ঠিত হ’বলগীয়া পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ গোচৰত অভিযুক্ত বিজেপি নেতাক জেৰা চলোৱা হৈছে।

চি আই ডিয়ে জেৰা কৰিছে দিবন ডেকা নামৰ বিজেপিৰ নেতাজনক।

উল্লেখযোগ্য যে, যোৱা ২০ চেপ্তেম্বৰত অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ পৰীক্ষা আৰম্ভ হোৱাৰ সময়তে প্ৰশ্নকাকত ফাদিল হোৱাৰ ঘটনা পোহৰলৈ আহিছিল। লগে লগে লিখিত পৰীক্ষা বাতিল কৰা হৈছিল।

আনহাতে, অসম আৰক্ষীৰ অপৰাধ শাখাই বামুন্দিৰ পৰা কুশল দাস নামৰ আন এজনক আটক কৰাৰ লগতে নুনমাটিৰ পৰা আটক  কৰা হৈছে সঞ্জীৱ শৰ্মা নামৰ আন এজনক। সেইদৰে নগাওঁ খেৰণিৰ পৰা আটক কৰা হৈছে দ্বীপজ্যোতি বৰাক।

এক সুত্ৰৰ পৰা জানিব পৰা মতে গণেশগুৰিৰ থেংক ইউ লজত গোপনে পৰীক্ষা পাতিছিল দুষ্ট চক্ৰটোৱে।

১৯ ছেপ্টেম্বৰত গোপনে পৰীক্ষা অনুষ্ঠিত হৈছিল তথা ৫০ গৰাকী পৰীক্ষাৰ্থীয়ে  আগতীয়াকৈ  দিছিল লিখিত পৰীক্ষা। হাতেলিখা প্ৰশ্নকাকতেৰে চলিছিল এই পৰীক্ষা।

একোখন প্ৰশ্নকাকতৰ নামত এক লাখ টকাকৈ ধন লোৱাৰ অভিযোগ উত্থাপিত হৈছে বিজেপি নেতা দিবন ডেকাৰ বিৰুদ্ধে।

ইতিমধ্যে, বিশেষ সূত্ৰ তথ্যৰ ভিত্তিত চি আই ডিয়ে অভিযান চলায়  গণেশগুৰিৰ থেংক য়ু ল’জত।

অভিযানকাৰীৰ দলে জেৰা চলাইছে লজটোৰ স্বত্তাধিকাৰী প্ৰণৱ বৰাকো।

মহানগৰীৰ গণেশগুৰিৰ  THANK YOU ল’জৰ চাৰি স্বত্বাধিকাৰীকো আটক কৰিছে আৰক্ষীৰ অপৰাধ শাখাই। আটক কৰা হৈছে অলকেশ বৈশ্য, প্ৰাঞ্জল শৰ্মা, বিমল থাপা আৰু প্ৰণৱ বৰাক।

ল’জটোৰ পৰা  কম্পিউটাৰ হাৰ্ড ডিক্স, বৰ্ডৰ লগতে কিছু সামগ্ৰী আৰক্ষী অপৰাধ শাখাই লৈ যায় ৷প্ৰাপ্ত খবৰ অনুসৰি বিজেপি নেতা দিবন ডেকাই পৰীক্ষাৰ প্ৰশ্নকাকত ছপোৱাৰ ঠিকা লাভ কৰিছিল।

দিবন ডেকাৰ এটা ছপাশাল থকাৰ কথাও জানিব পৰা গৈছে।