জিলিকি উঠিব শিৱসাগৰ চহৰ : ১০০ কোটিটকীয়া অভিলাষী আঁচনিত অনুমোদন চি আই ডি এফৰ

Sivasagar

অসমৰ অন্যতম পৰ্য্যটন নগৰী শিৱসাগৰ নগৰৰ সৌন্দৰ্য্যবৰ্ধন আৰু আন্তঃগাঁথনি উন্নয়নৰ বাবে শিৱসাগৰ জিলা প্ৰশাসনে চিটি ইনফ্ৰাচটাক্সাৰ ডেভেলপমেণ্ট ফাণ্ড (চি আই ডি এফ) জৰিয়তে ১০০ কোটি টকাৰ আবণ্টন লাভ কৰিছে। এই কথা জানিবলৈ দিয়ে শিৱসাগৰ জিলা উন্নয়ন আয়ুক্ত নবাব আল আজহাৰ আলীয়ে।

“অসমৰ অন্যতম পৰ্য্যটনস্থলী শিৱসাগৰক এখন উন্নতমানৰ পৰ্য্যটনক্ষেত্ৰ হিচাপে গঢ়ি তুলিবলৈ শিৱসাগৰৰ ৰাইজে চৰকাৰ আৰু প্ৰশাসনক বহুবাৰ আৱেদন কৰি আহিছিল। অৱশেষত শিৱসাগৰবাসীৰ এই দাবী পূৰ হোৱাৰ পথত।” জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে সংবাদ মাধ্যমৰ আগত কয়।

এই আঁচনিৰ জৰিয়তে শিৱসাগৰ কেন্দ্ৰীয় বজাৰৰ আন্তঃগাঁথনি উন্নয়নৰ বাবে ৩৩.৮২ কোটি টকা লাভ কৰিব। এই ধনেৰে চাৰিমহলীয়া বৃহৎ ভৱনেৰে কেন্দ্ৰীয় বজাৰখন অত্যাধুনিক প্ৰকল্পৰ জৰিয়তে জিলিকি উঠিব আৰু পৌৰসভাৰ ৰাজহো বৃদ্ধি হব। ঠিক সেইদৰে ঐতিসাহিক শিৱসাগৰ পুখুৰী আৰু যমুনাৰ উন্নয়ন-সৌন্ধৰ্য্যবৰ্ধন, দিখৌ নদী আৰু পুৰণি দিখৌ দলঙৰ সৌন্দৰ্য্যবৰ্ধন আৰু সংৰক্ষণ, শিৱসাগৰ নগৰৰ দুখন শ্মশানত বৈদ্যুতিক চিতাৰ ব্যৱস্থা, নগৰৰ পাৰ্ক, পদপথ আৰু ডিভাইডাৰসমূহৰ উন্নয়ন, নগৰৰ নিৰ্বাচিত জনবহুল এলেকাত চি চি কেমেৰাৰ সংযুক্ত কৰাৰ লগতে নগৰৰ সম্পূৰ্ণ তথ্য সমূহ প্ৰজেক্টৰৰ যোগেদি প্ৰদৰ্শন, ৰয়িং আৰু ব’ৰ্টিং ক্লাৱৰ নিৰ্মাণ আৰু সৌন্দৰ্য্যবৰ্ধন, নগৰত স্বয়ংচালিত ট্ৰেফিক ছিগনেলক ব্যৱস্থা, শতবৰ্ষ গৰকা টেনিছ ক্লাবৰ পুনৰ নিৰ্মাণ, নগৰৰ প্ৰৱেশৰ দুয়োটা মূল পথত আদৰণি তোৰণ, নগৰৰ নলা নৰ্দমাসমূহ বিজ্ঞানসন্মতভাৱে মেৰামতি কৰা আৰু তাই যাদুঘৰৰ উন্নয়নৰ ব্যৱস্থা কৰা হ’ব বুলি জিলা উন্নয়ন আয়ুক্তগৰাকীয়ে জানিবলৈ দিয়ে।

তেওঁ লগতে শিৱসাগৰ জিলা উপায়ুক্ত পল্লৱ গোপাল ঝা, পৌৰপতি মৃদুস্মিতা সিংহ আৰু উপ-পৌৰপতি আজাদ আলমৰ ঐক্যবদ্ধ প্ৰচেষ্টাত এই  অত্যাধুনিক আঁচনিখনে অনোমোদন লাভ কৰা বুলি কয়। এই ক্ষেত্ৰত সংসদ কামাখ্যাপ্ৰসাদ তাচাৰো যথেষ্ট অৱদান আছে বুলি উন্নয়ন আয়ুক্তগৰাকীয়ে স্বীকাৰ কৰে।