বিজেপি নেতৃত্বই দুটা কথা খুব দৃঢ়তাৰে কৈ আছে : ১) নাগৰিকত্ব আইন সংশোধনী বিধেয়ক,২০১৬-ক আইনত পৰিণত কৰিবই আৰু ২) অসম চুক্তিক অৱমাননা নকৰাকৈ ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীকো চূড়ান্ত ৰূপদান কৰিবই। এই দুয়োটা কামকে কিদৰে সমানে সম্পন্ন কৰিব সেয়া আমাৰ দৰে সৰলমতিৰ বাবে সাঁথৰ। কিন্তু, বিচক্ষণ লোকৰ বাবে ই হৈছে সাপো মাৰি লাঠীও নভঙাকৈ ৰখাৰ অপূৰ্ব কৌশল বা আধুনিক ভাষাত ক’ব লাগিলে চমৎকাৰ জুমলা!
আমি সহজভাৱে যি বুজিছোঁ সেয়া হৈছে এই যে ইয়াৰে প্ৰথম কামটো হিন্দু অনুপ্ৰৱেশকাৰীৰ বাবে আৰু দ্বিতীয় কামটো মুছলমান অনুপ্ৰৱেশকাৰীৰ বাবে। অসম চুক্তিক আখৰে আখৰে পালন কৰিব বিচৰা হৈছে কেৱল মুছলমান অনুপ্ৰৱেশকাৰীৰ ক্ষেত্ৰত। ১৯৭৪ চনৰ ২৫ মাৰ্চৰ লক্ষণৰেখাডাল এওঁলোকৰ বাবেহে প্ৰযোজ্য। এওঁলোকৰ কথা মনত ৰাখিয়ে নাগৰিকপঞ্জী উন্নীতকৰণৰ কামফেৰাও সমাধা হোৱাটো বিজেপিয়ে বিচাৰিছে। হিন্দু বাংলাদেশীৰ নাম প্ৰতীক হাজেলাকৃত নাগৰিকপঞ্জীত নাই যদি নাই, নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ক আইনত পৰিণত কৰি সিবিলাকৰ নাম পিছে-পৰেও ভৰাই দিব পৰা যাব।
কোৱা বাহুল্য, অসমৰ নিৰপেক্ষ আৰু শুভবুদ্ধিসম্পন্ন জনগণে বিজেপিৰ এই দুতলীয়া ফৰ্মুলা নাকচ কৰিছে আৰু কৰিব। বুজিব পাৰি যে নাগৰিকপঞ্জী উন্নীতকৰণৰ ক্ষেত্ৰত উচ্চতম ন্যায়ালয়েও হিন্দু-মুছলিম বিভাজনৰ ফৰ্মুলাক প্ৰশ্ৰয় নিদিব। কেৱল অসমীয়াৰ অস্তিত্বৰ প্ৰশ্নৰ ভিত্তিত জন্ম লাভ কৰা অসম গণ পৰিষদ দল আৰু অসমীয়াৰ স্বাৰ্থৰ হকে মাত মতা একাংশ দল-সংগঠনকহে মাছৰ ৰখীয়া উদ নহয় বুলি ৰাইজ আশ্বস্ত হ’ব পৰা নাই।
অসম গণ পৰিষদ দল আৰু কোনো কোনো জাতীয় নায়ক-নেতাই এনে এক ভাব দি আছে যেন নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬ আইনত পৰিণত হ’লেই তেওঁলোকে প্ৰলয় সৃষ্টি কৰিব; গোটেই দুনিয়া তল-ওপৰ কৰি পেলাব। নখ-দন্তহীন এনে বিবৃতি-বাঘৰ শূন্য পাত্ৰৰ মহানাদ সদৃশ গোঁজৰনি শুনি বিজেপিৰ নেতা-কৰ্মীয়ে নিশ্চয় হাঁহিত ঢলি পৰে।
উক্ত বিধেয়ক আইনত পৰিণত হ’লে এওঁলোকৰ গোঁজৰনিৰ কি কাম থাকিব? যদি কিবা কৰিবই খোজে, তেন্তে বিধেয়কখন আইনলৈ ৰূপান্তৰিত হোৱাৰ আগতেই কিবা ফলপ্ৰসূ বাস্তৱিক পদক্ষেপ ল’ব লাগিব। ক্ষমতাসীন দল এটাই অসমীয়া জাতিক নিঃশেষ কৰিব পৰা কাম এটা কৰিবই বুলি বাৰম্বাৰ দৃঢ়তাৰে কৈয়েই আছে– তেনেস্থলত সেই দলটোৰ সৈতে প্ৰত্যক্ষ ৰাজনৈতিক সংঘাতত নামি নপৰাৰ কাৰণ কি? নে মৃদু মৃদু হিন্দুত্ববাদ আছে এই সকলোৰে মাজত?
কোনো কোনোৱে কয় যে অসম গণ পৰিষদে বিজেপি নেতৃত্বাধীন চৰকাৰৰ পৰা ওলাই আহিলে একো লাভ নহয়। আৰে, সংখ্যাগতভাৱে বিজেপি চৰকাৰ ভাঙি নপৰিলহেঁতেন সঁচা। কিন্তু, অগপৰ তেনে পদক্ষেপৰ ভালেমান সুফল থাকিলেহেঁতেন। যেনে :- ১) বিজেপিৰ ওপৰত ৰাজনৈতিক চাপ বৃদ্ধি হ’লহেঁতেন। যিহেতু অগপৰ ভোটাৰেই বিজেপিৰো ভোটাৰ বা অগপৰ পূৰ্বৰ ভোটৰ ভিত্তিৰেই বিজেপিয়ে অসমত নিজৰ ভেটি গঢ়িছে, সেয়েহে অগপই এৰা দিলে বিজেপিৰ ভৰিৰ তলৰ মাটি বুজন পৰিমাণে খহি পৰিলহেঁতেন। অগপ-বিজেপিৰ দ্বিধাগ্ৰস্ত ভোটাৰে নিৰ্ণায়ক সিদ্ধান্ত ল’ব লগা হ’লহেঁতেন। ২) এনে পৰিস্থিতিয়ে সাময়িকভাৱে কংগ্ৰেছক লাভান্বিত কৰিলহেঁতেন সঁচা, কিন্তু অগপৰ বাবে দীৰ্ঘম্যাদী লাভৰ ভেটি তৈয়াৰ কৰিলে হেঁতেন। কাৰণ, দলটো পুনৰ ৰাইজৰ আস্থাৰ পাত্ৰ হৈ পৰিল হেঁতেন, যিটো বহু বছৰ জুৰি হৈ উঠা নাই। এই পৰ্যন্ত সুবিধাবাদী বুলিহে দলটোৱে কুখ্যাতি আৰ্জিছে। ৩) অগপৰ এনে সিদ্ধান্তই অসমীয়াৰ অস্তিত্ব ৰক্ষাৰ শেহতীয়া আন্দোলনটোক অসাধাৰণভাৱে উজ্জীৱিত কৰি তুলিলেহেঁতেন। সুবিধাৰ ৰাজনীতিৰ নাটকবোৰতে অভ্যস্ত অসমবাসীয়ে আদৰ্শৰ ৰাজনীতিৰ নৱতম পৰ্বৰ সাক্ষী হৈ উদ্বুদ্ধ আৰু অনুপ্ৰাণিত হ’লহেঁতেন। দুখ আৰু দুৰ্ভাগ্যৰ কথা যে অগপই কালৰ সেই সংকেত নুবুজিলে!
ব্যক্তিগত পৰ্যায়ৰ কথা-বতৰাতো “সচেতন” অসমীয়াৰ মুখত কেতিয়াবা শুনো- “দাদা, আপুনি কোৱাটো হয়। পিছে হিন্দুৰ তুলনাত যে মুছলমানৰ সংখ্যাও বাঢ়ি আহিছে- সেইটোৱো সঁচা।” অৰ্থাৎ অসমীয়াৰ জাতীয় অস্তিত্ব বচাই ৰাখিব খোজা এচামৰ মাজতো অবৈধ বিদেশী হিন্দুক নাগৰিকত্ব দি হ’লেও হিন্দু-মুছলিমৰ সংখ্যাগত বেলেন্স বৰ্তাই ৰখাৰ ভাবনা এটা গুপুতে গুপুতে বিদ্যমান। (শিক্ষা আৰু সদ্ভাৱনাৰ সম্প্ৰসাৰণেই যে এনে বেলেন্স বৰ্তাই ৰখাৰ কাৰ্যকৰী উপায়- সেইটো এওঁলোকৰ মনলৈ নাহেই!) এচাম অসমীয়া মানুহৰ এই দ্বিধাগ্ৰস্ততা অসমৰ জাতীয় দল-সংগঠনৰ কাম-কাজত প্ৰতিফলিত নোহোৱাকৈ নাথাকে। এই দ্বিধাগ্ৰস্ততাৰ বাবেই বিজেপিৰ দুতলীয়া ৰাজনীতিৰ বিৰুদ্ধে হোৱা আন্দোলনে যথোচিত তেজ আৰু তাপ দেখুৱাব পৰা নাই। আৰু বিজেপি দলেও অসমীয়াৰ মাজত উপস্থিত এই দ্বিধাগ্ৰস্ততা চিনাক্ত কৰি তাৰ পূৰ্ণ সুযোগ লৈছে। নহ’লে নাগৰিকত্ব আইন সংশোধনী বিধেয়ক, ২০১৬-ৰ বিৰুদ্ধে অসমৰ ৰাইজৰ ব্যাপক প্ৰতিবাদ-আন্দোলনক লেঠু দেখুওৱাৰ সাহস বিজেপি দলে কেনেকৈ অৰ্জন কৰিছে?
চাওক, ৰাইজৰ মতামত লৈ আলোচ্য বিধেয়কখন সম্পৰ্কে প্ৰতিবেদন দিবলৈ কেন্দ্ৰীয় চৰকাৰে এখন যুটীয়া সংসদীয় সমিতি তৈয়াৰ কৰি দিছিল, যিয়ে ভিন ভিন সময়ত ৰাইজৰ শুনানি গ্ৰহণ কৰিছিল। এতিয়া সেই সমিতিয়ে প্ৰতিবেদন দাখিল কৰাৰ আগতেই বিজেপিৰ গুৰুত্বপূৰ্ণ নেতা-মন্ত্ৰীয়ে ঘোষণা কৰিছে যে উক্ত বিধেয়ক আইনত পৰিণত হ’বই; অবৈধ হিন্দু বিদেশীক নাগৰিকত্ব দিবই। তেন্তে যুটীয়া সংসদীয় সমিতি গঠন কৰাৰ কি দৰকাৰ আছিল? মানে যিমানখিনিলৈ পাৰি সংসদীয় আৰু সাংবিধানিক উপায়ে কাম কৰিব, আৰু নোৱাৰিলে সংসদ, সংবিধান সকলোকে লেং মাৰি নিজৰ অভীষ্ট সিদ্ধি কৰিব? আমি এখন গণতান্ত্ৰিক দেশতে আছোঁনে সঁচাই?
সঁচাকৈয়ে আছোঁনে এক গণতান্ত্ৰিক দেশত? জনতাই যিটো বিচৰা নাই, সেয়া তোমালোকে জাপি দিব খুজিছা জনতাৰ ওপৰত? গণতন্ত্ৰত কি সংখ্যাগৰিষ্ঠ জনতাৰ ঐক্যবদ্ধ মতামতক লেঠু দেখুৱাব পাৰি? তোমালোকে জনতাৰ হৈ, জনতাৰ হকে, জনতাই দিয়া ক্ষমতাৰে দেশ চলাইছা। জনতাৰ ক্ষমতাৰেই ক্ষমতাশালী হৈ তোমালোকে জনতাৰ ওপৰতে ক্ষমতাৰ চাবুক চলাবা?
প্ৰশ্ন হয়, জনতাই নিজক চিনি ল’বনে? নিজৰ ঐতিহাসিক ভূমিকা উপলব্ধি কৰিবনে? টম পেইনে হেনো কৈছিল, “দেশপ্ৰেমিকৰ কাম হৈছে চৰকাৰৰ হাতৰ পৰা দেশখন ৰক্ষা কৰা।” আমাৰ জনতাই কথাটোৰ মৰ্ম বুজিবনে? জাতি-মাটি-ভেটি- বিৰোধী সিদ্ধান্ত বাতিল কৰিবলৈ ৰাজনৈতিক শক্তিসমূহক আমাৰ জনতাই বাধ্য কৰিব পাৰিবনে?
লেখক ডুমডুমা মহাবিদ্যালয়ৰ ইংৰাজী বিভাগৰ সহকাৰী অধ্যাপক