লোকসভাত আজি অমিত শ্বাহে উত্থাপন কৰিব বিতৰ্কিত নাগৰিকত্ব সংশোধনী বিধেয়ক

648310-amit-shah-rs-pti

ফটো উৎস: ইন্টাৰনেট

কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে সোমবাৰে লোকসভাত নাগৰিকত্ব সংশোধনী বিধেয়ক ২০১৯’ উত্থাপন কৰিব। বিধেয়কখন লোকসভাৰ নিয়মীয়া কাৰ্যসূচীৰ মাজতে তালিকাভুক্ত কৰা হৈছে।

এই সন্দৰ্ভত বিজেপিয়ে ইয়াৰ সাংসদসকলক ৩দিনৰ বাবে সদনত উপস্থিত থাকিবলৈ হুইপ জাৰি কৰিছে।

বিধেয়কখন আইনত পৰিণত হ’লে পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত ধৰ্মীয় নিৰ্যাতনৰ বলি হৈ ভাৰতলৈ অহা হিন্দু, খ্ৰীষ্টান, শিখ, পাৰ্ছী, জৈন আৰু বৌদ্ধ ধৰ্মৰ লোকসকলক “কেব’ৰ জৰিয়তে ভাৰতীয় নাগৰিকত্ব প্ৰদান কৰা হ’ব।

ইপিনে বিধেয়কখনৰ জৰিয়তে ভাৰতলৈ অহা মুছলমান লোকক নাগৰিকত্ব প্ৰদানৰ কোনো ব্যৱস্থা নাই। বিপক্ষত থকা প্ৰায় আটাইবোৰ দলে বিধেয়কখনৰ বিৰোধিতা কৰিছে।

আনহাতে, এনডিএৰ সহযোগী হিচাপে থকা বৰ্তমান কংগ্ৰেছ আৰু এনচিপিৰ সৈতে মিলি মহাৰাষ্ট্ৰত চৰকাৰ গঠন কৰা শিবসেনাই বিধেয়কখনৰ সমৰ্থন কৰিব।

ইপিনে, কংগ্ৰেছ, এনচিপি আৰু আন বিৰোধী দলে ইয়াৰ বিৰোধিতা কৰিব। বিৰোধীসকলৰ বক্তব্য হৈছে যে ইয়াৰ দ্বাৰা দেশখনক ধৰ্মৰ নামত বিভাজন কৰিব বিচৰা হৈছে।

ইপিনে, অসমত সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃত্বত বিধেয়কখনৰ বিৰুদ্ধে বিভিন্ন দল-সংগঠনে তীব্ৰ প্ৰতিবাদ গঢ়ি তুলিছে।

আছুৰ উপদেষ্টা ড০ সমুজ্জল কুমাৰ ভট্টাচাৰ্যই সংবাদ মাধ্যমৰ আগত কয় যে বিজেপিয়ে বাংলাদেশীৰ ভোট বিচাৰিছে, সেয়েহে দলটোৱে কেব আনিব বিচাৰিছে।

তেওঁ কয় যে যদি কেব ইনাৰ লাইন পাৰ্মিট থকা অঞ্চলৰ বাবে নহয়, ষষ্ঠ অনুসূচীৰ অন্তৰ্গত অঞ্চলত যদি নহয়, তেতিয়াহ’লে অসমৰ বাকী অংশ তথা উত্তৰ-পূবৰ কাৰণে কেনেকৈ প্ৰযোজ্য হ’ব পাৰে।

সূত্ৰসমূহৰ পৰা জানিব পৰা মতে, অৰুণাচল প্ৰদেশ, নাগালেণ্ড আৰু মিজোৰামক তথা ইনাৰলাইন পাৰ্মিট ব্যৱস্থা প্ৰযোজ্য হোৱা অঞ্চলক নাগৰিকত্ব সংশোধনী বিধেয়কৰ আওতাৰ বাহিৰত ৰখা হৈছে।

আন এক সূত্ৰ অনুসৰি, মণিপুৰ আৰু মেঘালয়কো বিধেয়কখনৰ আওতাৰ পৰা বাহিৰত ৰখা হ’ব পাৰে।