গণতন্ত্ৰ চেৰাই গৃহীত নহয় বিধেয়ক: বিজেপি

BJP

বিজেপিৰ প্ৰতীক। ফাইল ছবি।

গণতন্ত্ৰক চেৰাই গৈ ৰাজ্যসভাত গ্ৰহণ কৰা নহয় নাগৰিকত্ব বিধেয়ক, এই মন্তব্য অসম বিজেপিৰ মুখপাত্ৰ মুমিনুল আৱলৰ।

“বিলখন গণতান্ত্ৰিকভাৱে লোকসভাত গ্ৰহণ কৰা হৈছে। ৰাজ্যসভাতো গণতন্ত্ৰৰ ওপৰত  চেৰাই গৈ এই আইনৰ সংশোধন নহয়,” ৰাষ্ট্ৰীয় সম্পাদক ৰাম মাধৱে শেহতীয়াকৈ গুৱাহাটীত বিধেয়কৰ পক্ষত দলীয় স্থিতি স্পষ্ট কৰি যোৱাৰ বিপৰীতে দেওবাৰে সংবাদমেলযোগে এই মন্তব্য গেৰুৱা দলটোৰ ৰাজ্যিক নেতাজনৰ।

সমগ্ৰ উত্তৰ-পূবতে বিধেয়ক বিৰোধী বনজুইসদৃশ প্ৰতিবাদে পিছ নেৰা অৱস্থাত দেওবাৰৰ সংবাদমেলত পূৰ্বতকৈ নৰম যেন দেখা গ’ল দলটোৰ মুখপাত্ৰজনক।

লগতে পঢ়ক– সমুজ্জ্বল ভট্টাচাৰ্য্যলৈ ফোন গৃহ মন্ত্ৰী ৰাজনাথ সিঙৰ

আনকি বিধেয়ক সন্দৰ্ভত অসমৰ ৰাইজৰ মতামত গ্ৰহণৰ বাবে “অভিৱৰ্তন” আয়োজনৰো পৰামৰ্শ দিছে বিধেয়্কৰ উদ্যোগ লোৱা দলটোৰ ৰাজ্যিক মুখপাত্ৰজনে। তেওঁ বিধেয়কৰ সৰ্বাত্মক বিৰোধী আছুক এই আয়োজনৰ বাবে আহ্বান জনাইছে।

কিন্তু বিজেপি মুখপাত্ৰজনে এতিয়াও কোৱা নাই বিধেয়ক বাতিলৰ কথা। তেওঁৰ মতে বিধেয়কে কুফল দিব বুলি জনসাধাৰণে কৰা ধাৰণা সঠিক নহয়।

অৱশ্যে বিধেয়কে অসমবাসীৰ কি ভাল কৰিব বুলি সাংবাদিকে সোধা প্ৰশ্নৰ স্পষ্ট উত্তৰ দিব নোৱাৰিলে আৱলে।

“আগতে বিলখন পাছ হ’বলৈ দি লওক। সু-ফল নথকাহেঁতেন বিলখন লোকসভাত পাছ নহ’লহেঁতেন আৰু ৰাজ্যসভাতো পাছ নহ’ব,” বিধেয়কৰ “সুফল” সন্দৰ্ভত এই উত্তৰ আৱলৰ।