আজিৰ পৰা বৃদ্ধি পালে চিটি বাছৰ ভাড়া; উঠিলেই দিব লাগিব ৭ টকা

CityBus

প্ৰতিনিধিত্বমূলক চিত্ৰ

ধাৰাবাহিকভাৱে পেট্ৰ’ল-ডিজেল, ৰন্ধন গেছৰ লগতে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে সাধাৰণ ৰাইজক কোঙা কৰি পেলোৱা পৰিলক্ষিত হৈছে। ইটোৰ পাছত সিটো সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে মাধমাৰ শোধোৱাৰ সময়তে এইবাৰ বৃদ্ধি হ’ল বাছৰ ভাড়া।

মন কৰিব লগীয়া যে অভাৱনীয় হাৰত বৃদ্ধি হৈ থকা পেট্ৰ’ল-ডিজেলৰ মূল্যবৃদ্ধিৰ সুবিধা লৈয়ে আজিৰ পৰা গুৱাহাটীত বৃদ্ধি পালে চিটি বাছৰ ভাড়া। আজিৰ পৰা যাত্ৰীসকলে ৫ টকাৰ বিপৰীতে চিটি বাছত উঠিলেই নূন্যতম ভাড়া দিব লাগিব ৭ টকা।

উল্লেখ্য যে  আজিৰ পৰা বৃদ্ধি পোৱা চিটি বাছৰ ভাড়াৰ নতুন নিৰীখ অনুসৰি ৩ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’‍ল ৭ টকা, ৩ ৰ পৰা ৫ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ৮ টকা, ৫ৰ পৰা ৯ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ১২ টকা।

ইয়াৰ উপৰি ৯ৰ পৰা ১৩ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ১৫ টকা, ১৩ৰ পৰা ১৭ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ১৮ টকা, ১৭ৰ পৰা ২১ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ল ২১ টকা আৰু ২১ৰ পৰা ২৫ কিলোমিটাৰ পৰ্যন্ত ভাড়া হ’ব ২৩ টকা।

মন কৰিব লগীয়া যে পেট্ৰ’ল-ডিজেলৰ মূল্য বৃদ্ধিৰ সুবিধা লৈ চিটি বাছৰ লগতে একাংশ যান-বাহনে নিজৰ খেয়াল-খুচিমতে ভাড়া বৃদ্ধি কৰা কাৰ্যক লৈ সৰ্বত্ৰে এতিয়া ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে। ইয়াৰ উপৰি অতি শীঘ্ৰে চিটি বাছ ভাড়া বৃদ্ধি প্ৰসংগটোৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰাৰ বাবে মহানগৰবাসীয়ে চৰকাৰৰ ওচৰত আহ্বান জনায়।