২০১৮ বৰ্ষৰ শেষৰ দিনটোতে অসম আৰক্ষীৰ পৰা অৱসৰ গ্ৰহণ কৰিলে মহানগৰ আৰক্ষীৰ আয়ুক্ত প্ৰদীপ শালৈয়ে। ১৯৮৪’ৰ জুন মাহৰ পৰা আৰক্ষী বিভাগত যোগদান কৰি ১৯৯৯ চনত আইপিএছ বিষয়া হিচাপে দায়িত্ব লৈ অৱশেষত মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে যোগদান কৰি ৩৪ বছৰীয়া চাকৰি জীৱনৰ পৰা অৱসৰ গ্ৰহণ কৰিলে শালৈয়ে।
উল্লেখ্য যে, চলিত বৰ্ষৰ ১ ছেপ্টেম্বৰৰ দিনাই প্ৰাক্তন আৰক্ষী আয়ুক্ত হীৰেন নাথৰ পৰা প্ৰদীশ শালৈয়ে লৈছিল মহানগৰ আৰক্ষী আয়ুক্তৰ দায়িত্বভাৰ। জানিব পৰা মতে, তেওঁ ২০০৯ চনত জ্যেষ্ঠ আৰক্ষী অধীক্ষক হিচাপে নিযুক্ত হৈছিল তথা পৰৱৰ্তী পৰ্য্যায়ত আৰক্ষী মহা পৰিদৰ্শক হিচাপে সেৱা আগবঢ়াইছিল।
বিদায়ৰ বেলিকা তেওঁক অসম আৰক্ষীৰ ফালৰ পৰা সম্পূৰ্ণ আৰক্ষীৰ মৰ্যাদাৰে বিদায় সম্ভাষণ জনোৱাৰ লগতে তেঁৱো উপস্থিত সকলো আৰক্ষীকে কৰমৰ্দন কৰি মুখত এমোকৰা হাঁহিৰে বিদায় লয়।
বিদায়ৰ বেলিকা তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘’আৰক্ষীত তিতা কেঁহা থাকিলেও ই এক অতি ভাল সেৱা। মই চাকৰিত যোগদান কৰাৰ সময়ত সন্ত্ৰাসবাদৰ মাত্ৰাটো অত্যাধিক আছিল, এতিয়া অলপ কমিছে।‘’
তেওঁ লগতে অসম আৰক্ষীত আৰক্ষীৰ সংখ্যা বৰ্তমানো কম আছে বুলি সদৰী কৰি লগতে কয়, ‘’এই সংখ্যা বৃদ্ধি কৰিব লাগিব তেতিয়াহে পৰি থকা গোচৰসমূহৰ সঠিক তদন্ত হ’ব।‘’
তদুপৰি গুৱাহাটী মহানগৰত বৰ্তমানো প্ৰায় ২০ হাজাৰ গোচৰ পৰি থকা বুলি জানিবলৈ দিয়ে।
ইপিনে, মহানগৰ আৰক্ষী আয়ুক্ত হিচাপে আজি দায়িত্বভাৰ ল’লে দীপক কুমাৰে। ইয়াৰ পূৰ্বে তেওঁ ৰাজ্যৰ আইন-শৃংখলাৰ মহাপৰিৰ্দশক হিচাপে কৰ্মৰত আছিল। তেওঁ গুৱাহাটীৰ পঞ্চমজন আৰক্ষী আয়ুক্ত হিচাপে আজি দায়িত্বভাৰ গ্ৰহণ কৰে।
দায়িত্বভাৰ গ্ৰহণ কৰি তেওঁ সংবাদ মাধ্যমৰ আগত কয়, ‘’আৰক্ষীৰ সন্মুখত অহা প্ৰত্যাহ্বানবোৰ গ্ৰহণ কৰি সেইবোৰ কেনেদৰে সমাধান কৰিব পাৰি তাৰ বাবে মই চেষ্টা কৰিম। আৰক্ষীৰ শীৰ্ষ পৰ্য্যায়ৰ বিষয়াসকল মিলি আলোচনা কৰি সমস্যাবোৰ সন্দৰ্ভত পৰ্য্যালোচনা কৰা হ’ব।‘’
আনহাতে, নতুন বছৰৰ প্ৰাকমুহূৰ্তত গুৱাহাটীৰ সকলো ৰাইজলৈ আহ্বান জনাই তেওঁ কয়, ‘‘সকলোৱে আনন্দ ফুৰ্তি কৰক, ঘুৰক আৰু সকলো সুৰক্ষিত থাকক।‘’
তদুপৰি মহিলাৰ ক্ষেত্ৰত অসম আৰক্ষী বিশেষ তৎপৰ বুলি উল্লেখ কৰি তেওঁ লগতে কয়, ‘’মহিলাৰ সুৰক্ষাৰ বাবে আৰক্ষীৰ বিভিন্ন বিভাগত ৩০ শতাংশ মহিলা ইতিমধ্যে নিযুক্তি দিয়া হৈছে।‘’