NORTHEAST NOW (Assamese)

ব্যতিক্ৰমী ব’বডে! বিজেপি নেতাৰ পুত্ৰৰ Harley Davidsonত দেশৰ মুখ্য ন্যায়াধীশ

June 29, 2020 12:06 pm · এন ই নাও নিউজ
Updated: June 29, 2020 12:10 pm
ফটো টুইটাৰৰ পৰা সংগৃহীত

সাধাৰণতেই দেশৰ এখনৰ মুখ্য ন্যায়াধীশক বাইকৰ প্ৰতি দুৰ্বলতা প্ৰকাশ কৰা দেখা নাযায়। কিন্তু এই ক্ষেত্ৰত এক ব্যতিক্ৰম হৈছে বৰ্তমানৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডে।

মুখ্য ন্যায়াধীশ হিচাপে দায়িত্ব গ্ৰহণ কৰাৰ পূৰ্বে এক সাক্ষাৎকাৰত ব’বডেই বাইকৰ প্ৰতি থকা তেওঁৰ চখৰ কথা প্ৰকাশ কৰাৰ লগতে এটা সময়ত তেওঁৰ এখন বুলেট থকাৰ কথাও জনাইছিল।

নিজৰ এই চখৰ বাবে শেহতীয়াকৈ আকৌ চৰ্চালৈ আহিছে মুখ্য ন্যায়াধীশ গৰাকী।

অলপতে নিজৰ গৃহ জিলা মহাৰাষ্ট্ৰৰ নাগপুৰত এখন যথেষ্ট দামী Harley Davidson বাইকৰ ওপৰত বহি থকা ব’বডেৰ কেইখনমান ফটো শেহতীয়াকৈ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে।

ফটো কেইখনত মুখ্য ন্যায়াধীশ ব’বডেক ‘Limited Edition CVO 2020’ মডেলৰ এখন Harley Davidson বাইকত বহি থকা দেখা যায়।

অৱশ্যে অতি ব্যয়বহূল এই বাইকখন এছ এ ব’বডেৰ নিজা নহয়। বাইকখন হৈছে নাগপুৰৰ এজন বিজেপি নতাৰ পুত্ৰৰ।

মুখ্য ন্যায়াধীশ গৰাকী বহি থকা Harley Davidson বাইকখনৰ গৰাকী ৰোহিত ছনবাজি মুছালে হৈছে নাগপুৰৰ বিজেপি নেতা ছনবা মুছালেৰ পুত্ৰ। ছনবা মুছালেয়ে ২০১৪ চনৰ বিধানসভা নিৰ্বাচনত নাগপুৰৰ ছাউনেৰ সমষ্টিৰ পৰা প্ৰতিদ্বন্দ্বীতা আগবঢ়াইছিল।

লকডাউনৰ বাবে নাগপুৰৰ নিজা ঘৰত থকা অৱস্থাত মুখ্য ন্যায়াধীশ গৰাকীক এইদৰে বিজেপিৰ নেতাৰ পুত্ৰৰ বিলাসী বাইকত বহি ফটো উঠা দেখা গ’ল।

Related News