উচ্চতম ন্যায়ালয়ত ন্যায়াধীশৰ শক্তি বৃদ্ধি কৰিবলৈ প্ৰধান মন্ত্ৰী মোদীক অনুৰোধ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈৰ

cji-ranjan-gogoi-writes-to-pm-modi-increase-retirement-age-of-judges-sc-strength1_730X365

ফটো : দৈনিক ভাস্কৰৰ সৌজন্যত

ভাৰতৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে উচ্চতম ন্যায়ালয়ৰ কামকাজ সুচাৰুৰূপে চলাই নিয়াৰ বাবে ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীক অনুৰোধ জনাইছে।

গগৈয়ে লগতে প্ৰধান মন্ত্ৰী মোদীক উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ চাকৰি অৱসৰৰ ম্যাদ ৬৫ বছৰলৈকে বৃদ্ধি কৰাৰ বাবেও অনৰোধ জনাইছে।

প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ লিখা এখন পত্ৰত মুখ্য ন্যায়াধীশ গৰাকীয়ে উল্লেখ কৰে যে উচ্চতম ন্যায়ালত ৫৮,০০০ তকৈয়ো অধিক গোচৰ পৰি আছে আৰু প্ৰতিবছৰে এই সংখ্যা বৃদ্ধি পাই আহিছে।

পত্ৰখনত গগৈয়ে উল্লেখ কৰিছে যে সৰ্বোচ্চ ন্যায়ালয়খনত ন্যায়াধীশৰ অভাৱৰ বাবে আইনৰ প্ৰশ্নৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ গোচৰসমূহত সিদ্ধান্ত গ্ৰহণ কৰিবলৈ প্ৰয়োজনীয় সাংবিধানিক বিচাৰপীঠ গঠন কৰিব পৰা হোৱা নাই।

তেওঁ জনসাধাৰণক যাতে সময়মতে ন্যায় আগবঢ়াব পৰা যায় তাৰ বাবে ন্যায়াধীশৰ সংখ্যা বৃদ্ধি কৰিবলৈ প্ৰধান মন্ত্ৰীক অনুৰোধ জনায়।

ভাৰতৰ মুখ্য ন্যায়াধীশ গৰাকীয়ে বছৰ বছৰ ধৰি পৰি থকা গোচৰসমূহৰ নিষ্পত্তি কৰিবৰ বাবে সংবিধানৰ অনুচ্ছেদ ক্ৰমে ১২৮ আৰু ২২৪ এ’ৰ অধীনত সৰ্বোচ্চ ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশ আৰু উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশক নিৰ্দিষ্ট কাৰ্যকালৰ ভাৱে নিযুক্তি দিয়াৰ বাবেও অনুৰোধ জনায়।

গগৈয়ে তেওঁৰ পত্ৰখনত লগতে বিগত বছৰসমূহত উচ্চতম ন্যায়ালয়ৰ ন্যায়াধীশৰ সংখ্যাৰ এক বিশদ তথ্যও দাঙি ধৰে।

প্ৰধান মন্ত্ৰীলৈ লিখা আন এখন পত্ৰত গগৈয়ে উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশসকলৰ অৱসৰৰ বয়স ৬৫ বছৰলৈকে বৃদ্ধি কৰাৰ বাবে অনুৰোধ জনায় কিয়নো ই উচ্চ ন্যায়ালয়সমূহত ভালেসংখ্যক অভিজ্ঞ ন্যায়াধীশৰ উপস্থিতিৰ সম্ভাৱনা নিশ্চিত কৰিব।