NORTHEAST NOW (Assamese)

জালিয়াতিৰ চিকাৰ দেশৰ মুখ্য ন্যায়াধীশৰ মাতৃ; ২.৫ কোটি টকা হৰলুকিৰ অভিযোগত এজনক গ্ৰেপ্তাৰ

December 10, 2020 12:59 pm · এন ই নাও নিউজ

এইবাৰ জালিয়াতিৰ চিকাৰ হ’ল  স্বয়ং দেশৰ মুখ্য ন্যায়াধীশ এছ এ ব’বডেৰ মাতৃ। আৰক্ষীয়ে জানিবলৈ দিয়া মতে তেওঁৰ পৰা প্ৰায় ২.৫কোটি টকা হৰলুকি কৰি নিয়া হৈছে।

আৰক্ষীয়ে এই ঘটনাত ইতিমধ্যে এজন লোকক গ্ৰেপ্তাৰ কৰিছে।

নাগপুৰ আৰক্ষীয়ে জানিবলৈ দিছে যে পশ্চিম নাগপুৰত পৰিয়ালৰ কমিউনিটি হল তথা লনৰ চোৱাচিতাৰ কামৰ দায়িত্ব তাপস ঘোষ নামৰ এজন লোকক দিছিল মুখ্য ন্যায়াধীশ গৰাকীৰ ৯৫ বছৰীয়া মাতৃ মুক্ত ব’বডেই।

উক্ত হলটোও বিয়া আৰু আন অনুষ্ঠানৰ বাবে ভাড়া দিয়া হয়। যোৱা ১০বছৰ ধৰি হল চোৱাচিতাৰ কাম চম্ভালিছিল তাপস ঘোষে। ইয়াৰ লগতে আৰ্থিক লেনদেনৰ কামো তেওঁৱে চাইছিল।

এনেদৰে চলি থকাৰ মাজতে যোৱা সোমবাৰে জালিয়াতিৰ বিষয়টো ধৰা পৰে। ব’বডে পৰিয়ালৰ এজন কৰ্মচাৰীয়ে বেংকত টকা জমা থবলৈ গৈ জানিব পাৰে যে হল তথা লনৰ পৰা ভাড়াৰ বাবে যি ধন পোৱা হৈছিল সেয়া নিয়মীয়াকৈ জমা দিয়া হোৱা নাই।

ইয়াৰ পাছতে মুখ্য ন্যায়াধীশগৰাকীৰ মাতৃয়ে মেনেজাৰ তাপস ঘোষক মাতি পঠিয়াই আৰু বিষয়টো জানিব বিচাৰে।

তাপস ঘোষৰ পৰা সন্তোষজনক উত্তৰ নোপোৱাত ব’বডেৰ মাতৃয়ে সীতাবুলডী থানাত অভিযোগ দাখিল কৰে।

উক্ত অভিযোগৰ ভিত্তিত বিশেষ তদন্তকাৰী দল গঠন কৰা হয়। দলটোত নাগপুৰ চিটি আৰক্ষীৰ অৰ্থনৈতিক দুৰ্নীতি নিবাৰক শাখাৰ বিষয়াও আছিল। এছআই টিয়ে তাপস ঘোষক চলোৱা জেৰাৰ পাছত তেওঁক গ্ৰেপ্তাৰ কৰে।

গ্ৰেপ্তাৰ হোৱা তাপস ঘোষৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ কেইবাটাও ধাৰাত গোচৰ ৰুজু কৰা হয়।

আৰক্ষীয়ে জানিবলৈ দি কয় যে প্ৰাথমিক তদন্তত তাপস ঘোষে  ২.৫ কোটি টকাৰ জালিয়াতি কৰা বুলি অনুমান কৰা হৈছে। বিষয়টোৰ ওপৰত বিতং তদন্ত চলাই থকা হৈছে।

Related News