NORTHEAST NOW (Assamese)

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

July 23, 2026 9:02 am · এন ই নাও নিউজ, গুৱাহাটী
Updated: July 23, 2026 9:29 am

দিল্লীৰ যন্তৰ মন্তৰত চলি থকা ককৰোচ জনতা পাৰ্টিৰ আন্দোলনক কেন্দ্ৰ কৰি বৃহস্পতিবাৰে পুৱাৰে পৰা ৰাজধানীত নিৰাপত্তা ব্যৱস্থা অধিক কঠোৰ কৰা হৈছে। আন্দোলনস্থলীত প্ৰতিবাদকাৰীৰ সংখ্যা ক্ৰমাৎ বৃদ্ধি পোৱাৰ ফলত দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যনে নিৰাপত্তাজনিত কাৰণ দেখুৱাই ১৬টা মেট্ৰ’ ষ্টেচন অনিৰ্দিষ্ট কাললৈ বন্ধ ঘোষণা কৰিছে।

দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যনে জনোৱা অনুসৰি লোক কল্যাণ মাৰ্গ, ৰাজীৱ চক, পেটেল চক, ৰামকৃষ্ণ আশ্ৰম মাৰ্গ, বাৰাখম্বা ৰোড, ছুপ্ৰিম কোৰ্ট, সেৱা তীৰ্থ, জনপথ, মাণ্ডী হাউচ, চেণ্ট্ৰেল ছেক্ৰেটেৰিয়েট, আইটিঅ’, দিল্লী গেট, ইন্দ্ৰপ্ৰস্থ, খান মাৰ্কেট, জোৰ বাগ আৰু শিৱাজী ষ্টেডিয়াম মেট্ৰ’ ষ্টেচনসমূহ সাময়িকভাৱে বন্ধ ৰখা হৈছে। এই সিদ্ধান্তৰ ফলত বহু যাত্ৰী অসুবিধাৰ সন্মুখীন হৈছে।

যন্তৰ মন্তৰত চলি থকা আন্দোলনত ক্ৰয়ান্বয়ে প্ৰতিবাদকাৰীৰ সংখ্যা বাঢ়ি আহিছে। ভিৰ বৃদ্ধি পোৱাৰ পৰিপ্ৰেক্ষিতত আইন-শৃংখলা বজাই ৰাখিবলৈ দিল্লী আৰক্ষী আৰু আন সুৰক্ষা সংস্থাসমূহে বিশেষ ব্যৱস্থা গ্ৰহণ কৰিছে। ৰাজধানীৰ বহু গুৰুত্বপূৰ্ণ এলেকাত আৰক্ষীৰ উপস্থিতি বৃদ্ধি কৰা হৈছে আৰু পৰিস্থিতিৰ ওপৰত নিৰন্তৰ নজৰ ৰখা হৈছে।

দিল্লী মেট্ৰ’ ৰে’ল কৰ্প’ৰেশ্যনে এক বিবৃতিত কয় যে নিৰাপত্তাৰ কথা বিবেচনা কৰিয়েই এই পদক্ষেপ গ্ৰহণ কৰা হৈছে। কেতিয়ালৈকে ষ্টেচনসমূহ বন্ধ থাকিব সেই বিষয়ে এতিয়াও কোনো নিৰ্দিষ্ট সময়সীমা ঘোষণা কৰা হোৱা নাই। পৰিস্থিতি স্বাভাৱিক হোৱাৰ পাছত পুনৰ মেট্ৰ’ সেৱা আৰম্ভ কৰাৰ সিদ্ধান্ত লোৱা হ’ব বুলি জানিব পৰা গৈছে।

আন্দোলনস্থলীত প্ৰতিবাদকাৰীৰ উপস্থিতি বৃদ্ধি পোৱাৰ লগে লগে দিল্লীৰ জনজীৱনতো ইয়াৰ প্ৰভাৱ পৰিবলৈ আৰম্ভ কৰিছে। সুৰক্ষা সংস্থাসমূহে নাগৰিকসকলক প্ৰয়োজন নোহোৱাকৈ ভিৰ থকা এলেকালৈ নাযাবলৈ আহ্বান জনাইছে।

Related News