• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Thursday, July 23, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home Popular Stories

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

সোনোম ৱাংচুকক সাক্ষাৎ কৰাত বিফল বিৰোধী দলৰ প্ৰতিনিধি; মেদান্ত চিকিৎসালয়ৰ মূল প্ৰৱেশদ্বাৰতে সাংসদসকলক বাধা প্ৰদান আৰক্ষীৰ।

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
July 23, 2026 8:50 am
9
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

শেহতীয়া প্ৰশ্নকাকত ফাদিল বিতৰ্কৰ নৈতিক দায়িত্ব স্বীকাৰ কৰি কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগৰ দাবীত ‘ককৰোচ জনতা পাৰ্টি’য়ে অব্যাহত ৰখা আন্দোলনৰ প্ৰতি লক্ষ্য ৰাখি দিল্লীৰ যন্তৰ-মন্তৰত কঠোৰ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ইয়াৰ মাজতে বুধবাৰে দিল্লীৰ কনট প্লেচত এক হিংসাত্মক পৰিস্থিতিৰ সৃষ্টি হয় য’ত একাংশ দুষ্কৃতিকাৰীয়ে আৰক্ষীৰ ওপৰত শিল আৰু বটল নিক্ষেপ কৰাৰ ফলত দিল্লী আৰক্ষীৰ এগৰাকী উচ্চপদস্থ বিষয়া আহত হয়। বৰ্তমান আইন-শৃংখলা বজাই ৰাখিবলৈ ঘটনাস্থলীত বিশাল আৰক্ষী বাহিনী মোতায়েন কৰা হৈছে।

 

Apply Now

দিল্লী আৰক্ষীয়ে জানিবলৈ দিয়া মতে, বুধবাৰে নিশা প্ৰায় ৮.৩০ বজাত কনট প্লেচৰ টলষ্টয় মাৰ্গৰ সমীপত একাংশ দুষ্কৃতিকাৰীয়ে কৰ্তব্যৰত আৰক্ষীৰ ওপৰত অতৰ্কিতে শিল আৰু বটল নিক্ষেপ কৰে। এই ঘটনাত কনট প্লেচৰ এ চি পি বিবেক ভগত আহত হয়। লগে লগে সহকৰ্মী বিষয়াসকলে তেওঁক চিকিৎসাৰ বাবে আৰ এম এল চিকিৎসালয়লৈ লৈ যায়। আৰক্ষীৰ সূত্ৰৰ মতে, কেইমিনিটমানৰ বাবে ঘটনাস্থলীৰ পৰিস্থিতি উত্তপ্ত হৈ পৰিছিল যদিও বৰ্তমান পৰিস্থিতি নিয়ন্ত্ৰণাধীন।

 

ইপিনে, বিৰোধী দলৰ কেইবাগৰাকীও সাংসদক মেদান্ত চিকিৎসালয়ত চিকিৎসাধীন হৈ থকা সমাজকৰ্মী সোনোম ৱাংচুকক সাক্ষাৎ কৰাত আৰক্ষীয়ে বাধা প্ৰদান কৰা বুলি অভিযোগ উত্থাপন হৈছে। সংবাদ মাধ্যমৰ আগত প্ৰতিক্ৰিয়া ব্যক্ত কৰি ঝাৰখণ্ড মুক্তি মৰ্চাৰ (জেএমএম) সাংসদ মহুৱা মাজীয়ে কয়, “সংসদৰ অধিৱেশন আৰম্ভ হোৱাৰ পূৰ্বৰে পৰা বিগত ২২ দিন ধৰি এই আন্দোলন চলি আছে। তেতিয়া চৰকাৰ ক’ত আছিল? আজি আমি সোনোম ৱাংচুকক সাক্ষাৎ কৰিবলৈ গৈছিলো। আমাক কিয় সাক্ষাৎ কৰিবলৈ দিয়া নহ’ল? আমাক চিকিৎসালয়ৰ প্ৰৱেশদ্বাৰতে বাধা দিয়া হৈছিল। তেওঁৰ পত্নীয়ে আমাক জানিবলৈ দিছিল যে তেওঁক লগ কৰাত আদালতৰ কোনো নিষেধাজ্ঞা নাছিল।”

 

একেদৰে আৰ জে ডিৰ সাংসদ সঞ্জয় যাদৱে চৰকাৰৰ নীতিত তীব্ৰ ক্ষোভ প্ৰকাশ কৰি অভিযোগ কৰে যে চৰকাৰী নীতিৰ বাবেই আজি যুৱ প্ৰজন্মই কষ্ট ভোগ কৰিবলগীয়া হৈছে। তেওঁ কয়, “ইমান বৃহৎ সংখ্যক জনসাধাৰণৰ প্ৰতিবাদৰ পিছতো যদি চৰকাৰে ছাত্ৰ সমাজৰ সমস্যাক লৈ ৰাজনীতি কৰিব নালাগে বুলি জেদ ধৰি থাকে, তেন্তে সেয়া হ’ব এই চৰকাৰৰ অহংকাৰৰ চূড়ান্ত ৰূপ। এইটো কোনো ৰাজনৈতিক দল বা সংগঠনৰ কাম নহয়। চৰকাৰৰ নীতিৰ বাবে দুৰ্ভোগ ভুগি থকা আৰু লাঠিচালনাৰ দ্বাৰা নিৰ্যাতিত হোৱা যুৱ প্ৰজন্মইহে ইয়াত বহি প্ৰতিবাদ কৰি আছে।”

 

উল্লেখ্য যে, সমাজকৰ্মী সোনোম ৱাংচুকে নিজৰ ২৫ দিনীয়া অনশন ভংগ কৰাৰ পূৰ্বচৰ্ত হিচাপে আন্দোলনকাৰীসকলৰ বিৰুদ্ধে কোনো আইনী ব্যৱস্থা গ্ৰহণ নকৰাৰ চৰকাৰী প্ৰতিশ্ৰুতিৰ দাবী পুনৰাই উত্থাপন কৰিছে। বৰ্তমান যন্তৰ-মন্তৰৰ পৰিস্থিতি আৰক্ষীৰ কঠোৰ নিৰাপত্তাৰ মাজত নিয়ন্ত্ৰণাধীন হৈ আছে যদিও কনট প্লেচৰ ঘটনাৰ পৰিপ্ৰেক্ষিতত সমগ্ৰ অঞ্চলটোত নিৰাপত্তা ব্যৱস্থা অধিক শক্তিশালী কৰা হৈছে। অৱশ্যে, এই সমগ্ৰ ঘটনাৱলী সন্দৰ্ভত চৰকাৰ বা প্ৰশাসনৰ তৰফৰ পৰা বৰ্তমানলৈকে কোনো আনুষ্ঠানিক প্ৰতিক্ৰিয়া প্ৰকাশ কৰা হোৱা নাই।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

July 23, 2026 9:02 am
যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

July 23, 2026 8:50 am
সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

সাৱধান! কেৱল খাদ্যই নহয়, এইসমূহ কাৰণতো বৃদ্ধি পায় কলেষ্টেৰল; প্ৰতি ১০ জনৰ ৯ জনেই আক্ৰান্ত

July 23, 2026 7:09 am
যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

যন্তৰ-মন্তৰত পুনৰ সংঘৰ্ষ: আৰক্ষীক লক্ষ্য কৰি শিল নিক্ষেপৰ অভিযোগ, আহত পাঁচ আৰক্ষী; সাময়িকভাৱে বন্ধ ইণ্টাৰনেট সেৱা

July 23, 2026 7:07 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

প্ৰতিবাদ স্তব্দ কৰাৰ প্ৰয়াস! চৰকাৰে বন্ধ কৰি দিলে দিল্লীৰ ১৬টাকৈ মেট্ৰ’ ষ্টেচন

July 23, 2026 9:02 am
যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

যন্তৰ-মন্তৰত বিশাল আৰক্ষী বাহিনী মোতায়েন, দিল্লীত ক্ৰমাৎ তীব্ৰতৰ হৈছে চিজেপিৰ আন্দোলন

July 23, 2026 8:50 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd