পাঁচ সহপাঠীৰ ছুৰিকাঘাতত প্ৰাণ হেৰুৱালে দশম শ্ৰেণীৰ ছাত্ৰই: গ্ৰেপ্তাৰ অভিযুক্তক

Student killed by Five Classmates

সহপাঠী বন্ধুৰ সৈতে হোৱা সামান্য বাদ-বিবাদৰ বাবেই নৃশংস হত্যাৰ বলি হৈছে এগৰাকী দশম শ্ৰেণীত অধ্যয়নৰত ছাত্ৰ। পাঁচ সহপাঠীয়ে উপৰ্যুপৰি ছুৰিকাঘাত কৰি হত্যা কৰিছে ছাত্ৰগৰাকীক। এই নৃশংস হত্যাকাণ্ড সংঘটিত হৈছে দেশৰ ৰাজধানী চহৰ দিল্লীত।

সহপাঠীৰ এনে নৃশংস আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত ছাত্ৰগৰাকীক ততাতৈয়াকৈ চিকিৎসালয়লৈ লৈ যোৱা হৈছিল যদিও আঘাত অত্যন্ত গুৰুতৰ হোৱাৰ বাবে তেওঁক সুস্থ কৰি তোলাত চিকিৎসকসকল বিফল হয় আৰু চিকিৎসাৰ সময়তে ছাত্ৰগৰাকীৰ মৃত্যু হয়।

স্থানীয় আৰক্ষী উপ আয়ুক্ত গৰাকীয়ে জানিবলৈ দিয়া মতে বৃহস্পতিবাৰে আদৰ্শ নগৰ আৰক্ষী থানাত ছাত্ৰগৰাকীৰ এই আক্ৰমণ সন্দৰ্ভত ফোন যোগে খবৰ দিয়া হৈছিল আৰু খবৰ লাভ কৰাৰ পিছতে আৰক্ষীৰ এটা দল ঘটনাস্থলীত উপস্থিত হৈছিল।

তেওঁ লগতে জানিবলৈ দিয়া মতে তদন্তৰ সময়ত চিচিটিভি ফুটেজ পৰীক্ষা কৰা হৈছিল আৰু স্থানীয় চোৰাংচোৱা বিভাগৰ অনুসন্ধানৰ সফলতাৰ বাবে ঘটনাৰ দুঘণ্টাৰ ভিতৰতে আজাদপুৰৰ লাল বাগৰ পৰা অভিযুক্ত পাঁচ কিশোৰক আটক কৰা হৈছিল।

হত্যাত অভিযুক্ত কিশোৰকেইগৰাকীৰ বিৰুদ্ধে ভাৰতীয় দণ্ডবিধিৰ ৩০২, ৩০৭ আৰু ৩৪ ধাৰাৰ অধীনত গোচৰ ৰুজু কৰা হৈছে বুলি তেওঁ জানিবলৈ দিয়ে।

অনুসন্ধানৰ সময়ত আৰক্ষীয়ে লাভ কৰা তথ্য মতে, অভিযুক্ত সহপাঠী কেইগৰাকীৰ সৈতে মৃত ছাত্ৰগৰাকী তৰ্কত লিপ্ত হৈছিল আৰু প্ৰতিশোধৰ বাবে তেওঁলোকে দীপাংশু নামৰ ছাত্ৰগৰাকীক হত্যা কৰে।

হত্যাত ব্যৱহৃত এখন বুটাম নিয়ন্ত্ৰিত ছুৰি উদ্ধাৰ কৰে আৰক্ষীয়ে। তদন্তকাৰী বিষয়া এগৰাকীয়ে উল্লেখ কৰা মতে এই ছুৰিখন অনলাইন যোগে ক্ৰয় কৰিছিল অভিযুক্ত ছাত্ৰ কেইগৰাকীয়ে। হত্যাকাণ্ডটোৰ সন্দৰ্ভত তদন্ত অব্যাহত আছে বুলি তেওঁ লগতে জানিবলৈ দিয়ে।