মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰিলে ক্লডিয়া শ্বেইনবামে

মেক্সিকোৰ প্ৰথমগৰাকী মহিলা ৰাষ্ট্ৰপতি ক্লডিয়া শ্বেইনবাম। ফটোঃ সংগ্ৰহীত।

স্বাধীনতাৰ ২০০ বছৰৰ পাছত প্ৰথমবাৰৰ বাবে মেক্সিকোৰ এগৰাকী মহিলা ৰাষ্ট্ৰপতি হিচাপে লাভ কৰিছে। মঙলবাৰে শপত গ্ৰহণ কৰে ক্লডিয়া শ্বেইনবামে। তেওঁৰ পূৰ্বৰ ৰাষ্ট্ৰপতি গৰাকীৰ দৰে ব্যাপক সামাজিক সুৰক্ষাৰ নিশ্চয়তা কৰা আৰু দৰিদ্ৰৰ বাবে যুঁজ দিয়াৰ প্ৰতিশ্ৰুতি দিলেও নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে পৰ্বতসম প্ৰত্যাহ্বানৰ সন্মুখীন হৈছে।

৬২ বছৰীয়া নতুন ৰাষ্ট্ৰপতিগৰাকীয়ে সন্মুখীন হোৱা প্ৰত্যাহ্বানসমূহৰ ভিতৰত আছে সমগ্ৰ দেশতে বৃদ্ধি পোৱা হিংসা, অৰ্থনীতিৰ গতি মন্থৰ হোৱা আৰু হাৰিকেনত বিধ্বস্ত প্ৰশান্ত মহাসাগৰীয় উপকূলত আকাপুলকোৰ পুনৰ নিৰ্মাণ কৰা।

ইয়াৰ বাহিৰেও তেওঁ ড্ৰাগছ ব্যৱসায়ীৰ আধিপত্য থকা উত্তৰাঞ্চল নগৰ কালিকানত আইন-শৃংখলাৰ ব্যাপক অৱনতিৰ সৈতে মোকাবিলা কৰিবলগীয়া হৈছে। দেশৰ উত্তৰ দিশৰ টিজুয়ানাৰ পৰা দক্ষিণৰ চিয়াপাছলৈকে হিংসা সাধাৰণ মানুহৰ জীৱনত তেওঁলোকৰ ৰুটিন হৈ পৰিছে।

লগতে পঢ়কঃ আঘাতৰ বাবে এমাহ বাহিৰত, বাৰ্চিলোনাই এই ১৭ বছৰীয়া ফুটবলাৰক আগবঢ়াইছে ৪৬৪০ কোটি টকা

শপত গ্ৰহণ কৰাৰ পিছত ক্লডিয়া শ্বেইনবামে কয়, “এতিয়া ৰূপান্তৰৰ সময়, এতিয়া মহিলাসকলৰ সময়। মই এগৰাকী মাতৃ, এগৰাকী আইতা, এগৰাকী বিজ্ঞানী আৰু এগৰাকী বিশ্বাসী মহিলা আৰু লগতে আজিৰে পৰা মই মেক্সিকান জনসাধাৰণৰ ইচ্ছামতে এগৰাকী ৰাষ্ট্ৰপতি।”

ইয়াৰ পূৰ্বে যোৱা জুন মাহত ক্লডিয়া শ্বেইনবামে ৬০ শতাংশ ভোট লাভ কৰি নিৰ্বাচনত জয়লাভ কৰিছিল। জলবায়ু বিজ্ঞানীৰ পৰা ৰাজনীতিবিদলৈ পৰিণত হোৱা শ্বেইনবামে মেক্সিকো চহৰৰ মেয়ৰ হিচাপেও কাৰ্যনিৰ্বাহ কৰিছিল। তেওঁ এগৰাকী ইহুদী মহিলা।