দেশৰ পৰিষ্কাৰ ৰে’ল ষ্টেশ্যন : ৰে’ল মন্ত্ৰ্যালয়ৰ সমীক্ষাত তালিকাৰ ২১ নম্বৰ স্থানত গুৱাহাটী

গুৱাহাটী ৰে'ল ষ্টেশ্যন

পৰিষ্কাৰ পৰিচ্ছন্নতাৰ দিশত কেন্দ্ৰীয় চৰকাৰে গুৰুত্ব আৰোপ কৰি বিভিন্ন সময়ত সমীক্ষাৰ জৰিয়তে ইয়াৰ মান নিৰূপণৰ ব্যৱস্থা কৰি আহিছে। ইয়াৰে অংশ হিচাপে কেন্দ্ৰীয় ৰে’ল মন্ত্ৰ্যালয়ে ৰে’ল ষ্টেশ্যনসমূহৰ পৰিষ্কাৰ পৰিচ্ছন্নতাৰ ওপৰত চলোৱা এটা সমীক্ষা প্ৰকাশ কৰিছে।

এই সমীক্ষাত দেশৰ পৰিষ্কাৰ ৰে’ল ষ্টেশ্যনসমূহৰ তালিকাত স্থান লাভ কৰিছে গুৱাহাটী ৰে’ল ষ্টেশ্যনে। কেন্দ্ৰীয় ৰে’ল মন্ত্ৰ্যালয়ে প্ৰকাশ কৰা সমীক্ষা অনুসৰি দেশৰ পৰিষ্কাৰ ৰে’ল ষ্টেশ্যনসমূহৰ তালিকাত গুৱাহাটী ৰে’ল ষ্টেশ্যনে ২১ নম্বৰ স্থান লাভ কৰিছে।

আনহাতে সমীক্ষাটোত দেশৰ ভিতৰতে পৰিষ্কাৰ ৰে’ল ষ্টেশ্যনৰ তালিকাত প্ৰথম স্থান লাভ কৰিছে যোধপুৰ ৰে’ল ষ্টেশ্যনে।

দেশৰ ৰে’ল ষ্টেশ্যনসমূহৰ পৰিষ্কাৰ-পৰিচ্ছন্নতা আৰু সা-সুবিধাসমূহক সামৰি  চলোৱা সমীক্ষাটোত গুৱাহাটী ৰে’ল ষ্টেশ্যনে ১০০০ পইণ্টৰ ভিতৰত ৮৬৩.৬৮ পইণ্ট লাভ কৰি ২১ নম্বৰ স্থান লাভ কৰিছে।

এই ক্ষেত্ৰত ১০০০ পইণ্টৰ ভিতৰত যোধপুৰ ৰে’ল ষ্টেশ্যনে ৯.৭৭.৯৭ পইণ্টেৰে প্ৰথম, জয়পুৰ ৰে’ল ষ্টেশ্যনে ৯৭২.৩০ পইণ্টেৰে দ্বিতীয় আৰু তিৰুপতি ৰে’ল ষ্টেশ্যনে ৯৬৪.৯৬ পইণ্টেৰে তালিকাত তৃতীয় স্থান লাভ কৰিবলৈ সক্ষম হৈছে।

আনহাতে, সমীক্ষাটোত ‘এ’ কেটেগৰী ৰে’ল ষ্টেশ্যনৰ তালিকাত ৰাজ্যখনৰ আন নটা ৰে’ল ষ্টেশ্যনৰ নামো অন্তৰ্ভুক্ত হৈছে।

সেই অনুসৰি এই তালিকাত বঙাইগাঁও ৰে’ল ষ্টেশ্যনে ৮৪ নম্বৰ, কামাখ্যা ৰে’ল ষ্টেশ্যনে ৮৬ নম্বৰ, বৰপেটাৰোড ৰে’ল ষ্টেশ্যনে ১১৫ নম্বৰ, ৰঙিয়া  ৰে’ল ষ্টেশ্যনে ১২০ নম্বৰ, যোৰহাট ৰে’ল ষ্টেশ্যনে ২১৬ নম্বৰ, শিলচৰ  ৰে’ল ষ্টেশ্যনে ২৫৬ নম্বৰ, লামডিং  ৰে’ল ষ্টেশ্যনে ২৫৯ নম্বৰ, তিনিচুকীয়া ৰে’ল ষ্টেশ্যনে ২৯৫ নম্বৰ আৰু ডিব্ৰুগড় ৰে’ল ষ্টেশ্যনে ৩০৫ নম্বৰ স্থান লাভ কৰিছে।