২৫ জানুৱাৰিৰ ভিতৰত প্ৰাদেশিকীকৰণ সন্দৰ্ভত চৰকাৰক স্থিতি স্পষ্ট কৰাৰ দাবী : শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চ

স্থিতি স্পষ্ট নকৰিলে আগন্তুক বিধানসভা অধিৱেশনত ল'ব ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী

অসম শিক্ষক- কৰ্মচাৰী ঐক্যমঞ্চ। ফাইল ফটো।

বছৰ বছৰ ধৰি বিনা পাৰিশ্ৰমিকত মানৱ সম্পদ গঢ়াৰ কামত জড়িত হৈ থকা ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক সকাহ দিয়াৰ পৰিৱৰ্তে অইন দেশৰ নাগৰিকৰ প্ৰতি বিশেষ দৰদ প্ৰদৰ্শন কৰা বিজেপি নেতৃত্বাধীন ৰাজ্য চৰকাৰৰ প্ৰতি বিষোদগাৰ প্ৰকাশ কৰিছে ভেন্সাৰ শিক্ষানুষ্ঠানৰ সৰ্ববৃহৎ সংগঠন অসম শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই।

ঐক্যমঞ্চৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি কুশল কুমাৰ হালৈ আৰু কাৰ্যকৰী সভাপতি ছবেদ ভূঞাই সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক প্ৰেছ বিবৃতিত ৰাজ্যৰ ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক চৰকাৰখনে মৃত্যুৰ দুৱাৰডলিলৈ ঠেলি দি অইন দেশৰ নাগৰিকসকলৰ প্ৰতি বিশেষ দৰদ প্ৰদৰ্শন কৰাটো দুৰ্ভাগ্যজনক বুলি উল্লেখ কৰিছে।

তাৰোপৰি বিবৃতিটোত উল্লেখ কৰে যে ভেন্সাৰ শিক্ষানুষ্ঠান প্ৰাদেশিকীকৰণৰ প্ৰতিশ্ৰুতিৰে শাসনত অধিষ্ঠিত বৰ্তমানৰ চৰকাৰখনৰ আঢ়ৈ বছৰীয়া কাৰ্যকালত ভেন্সাৰ শিক্ষানুষ্ঠানৰ শিক্ষক-কৰ্মচাৰীক এটা ফুটা কড়িও দিবলৈ সক্ষম নহ’ল। শিক্ষকসকলক সকাহ দিয়াৰ পৰিৱৰ্তে বৰ্তমানৰ চৰকাৰখনে ভেন্সাৰ শিক্ষক-কৰ্মচাৰীয়ে পূৰ্বৰ চৰকাৰৰ দিনত পাই থকা বিত্তীয় সাহাৰ্যখিনিও ষড়যন্ত্ৰমূলক ভাৱে বন্ধ কৰি ৰাখে।

ফলত দুৰ্ভগীয়া শিক্ষক-কৰ্মচাৰীৰ জীৱনৰ প্ৰতি লক্ষ্য ৰাখি অহা ২১ জানুৱাৰীৰ পৰা শিক্ষা বিভাগৰ সঞ্চালক, বিধায়ক, শিক্ষা মন্ত্ৰী আৰু মুখ্য মন্ত্ৰীক শিক্ষক কৰ্মচাৰীৰ ঐক্যমঞ্চই অন্তিমবাৰৰ বাবে স্মাৰকপত্ৰ প্ৰেৰণ কৰিব বুলি আজিৰ বিবৃতিত কয়।

লগতে শিক্ষক কৰ্মচাৰী ঐক্যমঞ্চই অহা ২৫ জানুৱাৰিৰ ভিতৰত প্ৰাদেশীকৰণ সন্দৰ্ভত চৰকাৰৰ স্থিতি স্পষ্ট কৰাৰ দাবী জনায়। অন্যথা আগন্তুক অসম বিধানসভাৰ অধিৱেশনত ধাৰাবাহিক আন্দোলনৰ কাৰ্যসূচী ল’ব বুলিও বিবৃতিটোৰ জৰিয়তে চৰকাৰক সকীয়াই দিয়ে।

উল্লেখযোগ্য যে বিগত বিধানসভাৰ নিৰ্বাচনত বিজেপিৰ ‘ষ্টাৰ কেম্পেইনাৰ’ হিমন্ত বিশ্ব শৰ্মাই বিজেপি নেতৃত্বাধীন মিত্ৰ জোঁটৰ চৰকাৰ হ’লে প্ৰথম কেবিনেটতে প্ৰাদেশিকীকৰণ কৰাৰ প্ৰতিশ্ৰুতি দিছিল কিন্তু দুৰ্ভাগ্যজনকভাৱে বিগত আঢ়ৈ বছৰতো প্ৰভাৱশালী মন্ত্ৰীগৰাকীয়ে নিজৰ প্ৰতিশ্ৰুতি পালন কৰিবলৈ সক্ষম নহ’ল।