ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ উদ্বেগজনক ছবি; অস্বাভাবিক হাৰত বৃদ্ধি পাইছে তাপমাত্ৰা, হ্ৰাস পাইছে স্বাভাবিক বৰষুণৰ পৰিমাণ

media-handler

প্ৰতিনিধিত্বমূলক আলোকচিত্ৰ। উৎস-ইণ্টাৰনেট

জলবায়ুৰ পৰিৱৰ্তন সমগ্ৰ দেশৰ লগতে অসমতো প্ৰত্যাহবান হিচাপে দেখা দিছে।ৰাষ্ট্ৰসংঘৰ ইন্টাৰ গভাৰ্ণমেন্টেল পেনেল অন ক্লাইমেট চেঞ্জ চমুকৈ আই পি চি চিৰ ২০০৭ চনৰ প্ৰতিবেদন মতে, জলবায়ুৰ পৰিৱৰ্তন ইতিমধ্যে মানব জাতিৰ দুৱাৰদলিত উপস্থিত হৈছে।

শেহতীয়াভাৱে বাংগালুৰুৰ ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানৰ অধ্যাপক তথা বিশিষ্ট বিজ্ঞানী এন এইচ ৰৱীন্দ্ৰ নাথে জলবায়ু পৰিৱৰ্তনৰ গ্ৰাসত পৰা দেশৰ ১২ খন ৰাজ্যত চলোৱা অধ্যয়ন মতে  অসম, মিজোৰাম আৰু জম্মু-কাশ্মীৰ উদ্বেগজনকভাৱে জলবায়ু পৰিবৰ্তনৰ কৱলত পৰিছে।

উল্লেখযোগ্য যে, ২০১৫ চনতে ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ লগত মোকাবিলা কৰাৰ বাবে ৰাজ্য চৰকাৰৰ আসাম ষ্টেট একচন প্লেন অন ক্লাইমেট চেঞ্জ (২০১৫-২০২০) চমুকৈ এছ  পি এ চি চি শীৰ্ষক জলবায়ু পৰিৱৰ্তন সম্পৰ্কীয় একচন  প্লেনখনত  ৰাজ্যত জলবায়ু পৰিৱৰ্তনৰ কেতবোৰ উদ্বেগজনক তথ্য প্ৰকাশ পাইছে।

উৎস-ইণ্টাৰনেট

একচন প্লেনখনত থকা ভাৰতীয় বতৰ বিজ্ঞান বিভাগৰ  তথ্য মতে যোৱা ৫৯ বছৰত ৰাজ্যত সৰ্বাধিক তাপমাত্ৰা আৰু স্বাভাবিক বৰষুণৰ পৰিমাণ অস্বাভাবিক হাৰত হ্ৰাস পাইছে।

তথ্য মতে,  ১৯৫১ চনৰ পৰা ৰাজ্যত সৰ্বাধিক তাপমাত্ৰা আৰু সৰ্বনিন্ম তাপমাত্ৰা বছৰি ০.০১ পৰা ০.০২ ছেলছিয়াছ পৰিমাণত বৃদ্ধি পাই আহিছে লগতে স্বাভাবিক বৰষুণৰ পৰিমাণ বছৰি ২.১৬ মিলিমিটাৰ  হাৰত হ্ৰাস পাই আছে।

লক্ষ্যণীয় যে, বছৰি গড়ে স্বাভাবিক বৰষুণৰ পৰিমান হ্ৰাস পাইছে যদিও কোনোবা এদিনত হোৱা অতিমাত্ৰা বৰষুণৰ পৰিমাণ ভয়াবহ ৰূপত বৃদ্ধি পাই আহিছে।এই অৱস্থা অব্যাহত থাকিলে ২০৫০ চনৰ ভিতৰত ৰাজ্যত  কোনোবা এদিনত হোৱা অতিমাত্ৰা বৰষুণৰ  পৰিমাণ ৫ শশতাংশৰ পৰা ৩৮ শতাংশ  বৃদ্ধি হ’ব।

ধাৰণা কৰা মতে ২০৫০ চনৰ  ভিতৰত ৰাজ্যত কোনোবা এদিনত হোৱা অতিমাত্ৰা বৰষুণৰ পৰিমাণ  ৩৮ শতাংশ লৈ বৃদ্ধি হ’লে মহাপ্ৰলয়ৰ সৃষ্টি হ’ব।

উৎস-ইণ্টাৰনেট

২০৫০ চনৰ ভিতৰত ধুবুৰী, গোৱালপাৰা, নলবাৰী,কামৰূপ, বৰপেটা, বঙাইগাঁও, শোণিতপুৰ, গোলাঘাট, দৰং জিলাত খৰাং সপ্তাহৰ সংখ্যা ৫ শতাংশৰ পৰা ৭৫ শতাংশলৈ বৃদ্ধি হ’ব।এই তথ্যৰ পৰাই  ৰাজ্যৰ ভৱিষ্যতৰ জলবায়ু পৰিৱৰ্তনৰ ভয়াবহতা অনুমান কৰিব পাৰি।

জলবায়ু পৰিৱৰ্তনে যে ভৱিষ্যতে ৰাজ্যত ভয়াবহ পৰিস্থিতিৰ সৃষ্টি কৰিব তাৰ আগজাননী ইতিমধ্যে দি আছে। বতৰ  বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে বিগত জুন মাহত ৰাজ্যত ২৫ শতাংশ বৰষুণ কম হৈছে। আকৌ জুলাইত অতিমাত্ৰা বৰষুণৰ পৰিমাণ বৃদ্ধি হৈছিল। যাৰ বাবে এইবাৰ বানপানীয়ে ভয়াবহ ৰূপ ধাৰণ কৰাৰ ক্ষেত্ৰত অতিমাত্ৰা বৰষুণৰ পৰিমাণ বৃদ্ধি হোৱাক অন্যতম কাৰণ হিচাপে চিহ্নিত কৰিব পাৰি।

ৰাজ্যত জলবায়ু পৰিবৰ্তনে লাহে লাহে ভয়াবহ ৰূপ ধাৰণ কৰিব ধৰিছে তাৰ আগজাননী ইতিমধ্যে দিছে। ৰাজ্যত জলবায়ু পৰিবৰ্তনৰ ফলত হোৱা বেমাৰ যেনে- ডেংগু,  মেলেৰিয়া, শ্বাস-প্ৰশ্বাস জনিত ৰোগ,  ভাইৰেল হেপাটাইটিছ, আদি বেমাৰ বৃদ্ধি পাই আছে।