কংগ্ৰেছ চৰকাৰৰ দিনত লোৱা কেইবাটাও বৃহৎ প্ৰকল্প সম্পূৰ্ণ কৰা বুলি দাবী কৰি সেইবোৰৰ কৃতিত্ব হস্তগত কৰা মোদী নেতৃত্বাধীন বিজেপি চৰকাৰে নিজৰ চৰকাৰৰ দিনত সম্পূৰ্ণ কৰিব পৰা নাই জাতিংগা-হাৰাংগাজাওৰ মাজত থকা মাত্ৰ ২৫ কিল’মিটাৰ পথ।
ইষ্ট-ৱেষ্ট কৰিড’ৰ প্ৰকল্পৰ অধীনৰ ৰাষ্ট্ৰীয় ঘাইপথ-২৭-অৰ এই অংশ আজি বহু বছৰ ধৰি অতি বিধ্বস্ত ৰূপত আছে। ডিমা হাচাওৰ ৰাইজ, দল-সংগঠন, হাফলংৰ ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফ’ৰাম আদিয়ে বিভিন্ন সময়ত দাবী কৰি আহিছে যদিও পথছোৱা খৰতকীয়াকৈ নিৰ্মাণৰ কোনো তৎপৰতা নাই মোদী চৰকাৰৰ NHAI (National Highways Authority of India)ৰ।
বিকাশ, উন্নয়নৰ গতি ত্বৰান্বিত হোৱা বুলি সততে দাবী কৰি থকা চৰকাৰখনৰ যোৱা পাঁচবছৰত জাতিংগা-হাৰাংগাজাও ৰাষ্ট্ৰীয় ঘাইপথ নিৰ্মাণৰ কাম এক ইন্সিও আগ বঢ়া নাই বুলি অভিযোগ কৰিছে স্থানীয় ৰাইজ আৰু দল-সংগঠনে। তাৰ পৰিৱৰ্তে মৃত্যুফান্দত পৰিণত হৈছে তথাকথিত ৰাষ্ট্ৰীয় ঘাইপথছোৱা।
কেন্দ্ৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰৰ পাছত ৰাজ্যত সৰ্বানন্দ সোণোৱাল নেতৃত্বৰ চৰকাৰ গঠন হোৱাৰ পাছত ৰাইজৰ মনত আশাৰ সঞ্চাৰ হৈছিল যে এতিয়া ৰাষ্ট্ৰীয় ৰাজমাৰ্গ প্ৰাধিকৰণৰ অধীনত থকা এন এইচ্ছ-২৭ ইষ্ট-ৱেষ্ট কৰিড’ৰৰ মহাচড়কৰ নিৰ্মাণ কাম ক্ষিপ্ৰতাৰে আগ বাঢ়িব।
কিন্তু বাস্তৱত ঠিক বিপৰীত ছবি পৰিলক্ষিত হৈছে। কাৰণ জাতিংগা-হাৰাংগাজাওৰ মাথোঁ ২৫ কিল’মিটাৰ নতুন পথ নিৰ্মাণৰ দূৰৈৰ কথা। বৰ্তমান থকা পথছোৱাকে সচল ৰখাত ব্যৰ্থ হৈছে NHAI (National Highways Authority of India)ৰ লগতে বিজেপি চৰকাৰ। ২০১৬ চনত জে কে এম ইনফ্ৰা নামৰ তেতিয়াৰ ঠিকাদাৰী সংস্থাৰ ঠিকা বাতিল কৰাৰ পাছত আজিকোপতি নতুন সংস্থাক কামৰ দায়িত্ব নতুনকৈ তুলি নিদিয়াৰ কাৰণে সমস্যাৰ সৃষ্টি হৈছে।
স্থানীয় বিভিন্ন দল সংগঠনে অভিযোগ কৰে যে NHAI নামৰ কেন্দ্ৰীয় সংস্থাটোৱে বৰ্তমান থকা পথটোও যান-বাহন চলাচলৰ উপযুক্ত কৰাত সম্পূৰ্ণভাৱে ব্যৰ্থ হৈছে। তেওঁলোকৰ অভিযোগ, পথ মেৰামতিৰ নামতো দুৰ্নীতিয়ে গা কৰি উঠিছে, য’ত NHAI–ৰ হাফলং পি আই য়ু প্ৰত্যক্ষভাৱে জড়িত থকা বুলি জনৰৱ উঠিছে। পি আই য়ুক পৰোক্ষভাৱে সমৰ্থন দি আহিছে গুৱাহাটীত থকা NHAI-ৰ ৰিজিঅ’নেল কাৰ্য্যালয়ে।
আনহাতে, হাফলঙৰ ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফ’ৰামৰ হেঁচাত পৰি আজি NHAIৰ এটা প্ৰতিনিধি দল হাফলঙত উপস্থিত হৈ জিলা উপায়ুক্ত অমিতাভ ৰাজখোৱাৰ লগত ৰুদ্ধদ্বাৰ বৈঠকত মিলিত হয়। বৈঠকত ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফ’ৰামৰ প্ৰতিনিধি দলো উপস্থিত থাকে, য’ত NHAI-ৰ মেনেজাৰ (tech) সুশীল কুমাৰ ভাৰ্মা, হাফলঙৰ প্ৰজেক্ট ডিৰেক্টৰ কাৰ্গে কামকি, ছাত্ৰ নেতা ডেভিদ কেইভম আদি উপস্থিত থাকে।
সংবাদ মাধ্যমৰ লগত হোৱা বাৰ্তালাপত NHAI-ৰ মেনেজাৰ (tech) সুশীল ভাৰ্মাই কয়, অনতি পলমে জাতিংগা-হাৰাংগাজাও আৰু মাইবাং-জাতিংগা অংশৰ সংস্কাৰৰ কাম আৰম্ভ কৰা হ’ব। ইতিমধ্যে হাৰাংগাজাওৰ পথৰ কাৰণে ৪৯ কোটি আৰু জাতিংগাৰ কাৰণে ২২ কোটিৰ তহবিল মোকলাই দিয়াৰ কাৰণে অনুমোদন দিছে NHAI-ৰ প্ৰধান কাৰ্য্যালয়ে। কিন্তু নিৰ্বাচনী আচৰণ বিধি বলৱত হৈ থকাৰ কাৰনে কাম আৰম্ভ কৰা হোৱা নাই। যদি ৰাজ্যৰ মুখ্য সচিবে বিশেষভাৱে কাম কৰাৰ অনুমতি দিয়ে তেতিয়া হ’লে অনতি পলমে মেৰামতিৰ কাম আৰম্ভ হ’ব।
ইপিনে ঘাইপথ মেৰামতি বা নিৰ্মাণক লৈ NHAI-ক দোষাৰোপ কৰে NHAI-ৰ হাফলঙৰ প্ৰজেক্ট ডিৰেক্টৰ কাৰ্গে কামকি। তেওঁ কয়, আমাৰ যি কৰিব লগীয়া আছে কৰি আছোঁ। অৱশ্যে কাৰ্গে কামকিয়ে ঘাইপথৰ অচলাৱস্থাৰ কথা স্বীকাৰ কৰে। তেওঁ কয়, “আমি প্ৰজেক্ট কাৰ্য্যকৰী কৰাৰ কাৰণে আছোঁ। দিল্লীয়ে প্ৰজেক্টৰ দায়িত্ব দিলে তাক সুকলমে পালন কৰি থাকোঁ। আনহাতে ৰিজিঅ’নেল কাৰ্য্যালয়ে কিয় কাম কৰা নাই এই বিষয়ে মন্তব্য দিয়াৰ অধিকাৰ আমাৰ নাই”।
ইণ্ডিজেনাছ ষ্টুডেণ্টছ ফ’ৰামৰ সভাপতি ডেভিদ কেইভমে কয়, “কাইলৈৰ পৰা জাতিংগা-হাৰাংগাজাও ঘাইপথৰ মেৰামতিৰ কাম আৰম্ভ কৰিব বুলি কৈছে। কিয়নো বৰষুণ হ’লে নিৰ্বাচনৰ কামত ব্যাঘাতৰ সৃষ্টি কৰিব। যদি কাম আৰম্ভ নহয় তেতিয়া আন্দোলন গঢ়ি তোলা হ’ব বুলি কয় ডেভিদে।