• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
English |  
Saturday, June 7, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
No Result
View All Result
NORTHEAST NOW (Assamese)
English

জলপ্ৰপাত বুলি ভুল নকৰিব, আইজলত এয়া মেঘৰহে খেলা, চাওঁক ‘মেঘৰ জলপ্ৰপাত’ৰ ভাইৰেল ভিডিঅ’

এন ই নাও নিউজ,গুৱাহাটী by এন ই নাও নিউজ,গুৱাহাটী
November 9, 2021 8:45 pm
542
VIEWS
Share on FacebookShare on Twitter

প্ৰথম দৃষ্টিত এয়া এক জলপ্ৰপাত যেনেই লাগে যদিও প্ৰকৃততে এয়া জলপ্ৰপাত নহয়।

বিচিত্ৰ প্ৰকৃতিৰ বিচিত্ৰ ঘটনাসমূহৰ মাজৰে এটা হিচাবে বিবেচিত ‘মেঘৰ জলপ্ৰপাত’ৰ সৃষ্টি হোৱা দেখা গ’ল মিজোৰামৰ আইজলত।

আকাশত মেঘে নানান আকৃতি লয়—কেতিয়া দুৰন্ত গতিত দৌৰি ছকা ঘোঁৰাৰ, কেতিয়াবা ধ্যানমগ্ন যোগীৰ, কেতিয়া হাতী অথবা শহাপহু আদিৰ।

কিন্তু আইজলত মেঘে এনে কোনো আকৃতি গ্ৰহণ কৰা নাই।

ইয়াৰ পৰিৱৰ্তে বোৱতী পানীৰ দৰে মেঘ নামি আহিছে পাহাৰৰ মাজৰে। দূৰৈৰ পৰা চালে পাহাৰৰ নামনিলৈ নামি অহা মেঘৰ স্ৰোতক এটা জলপ্ৰপাত যেনেই লাগে।

আইজলত সংঘটিত হোৱা প্ৰকৃতিৰ এনে বিৰল ঘটনাৰ ভিডিঅ’ ইতিমধ্যে ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

দৰাচলতে তললৈ পানীৰ কোৱাল সোঁতৰ দৰে মেঘ নামি অহা এনে মেঘক বিজ্ঞানৰ ভাষাত ‘Orographic clouds’ বুলি কোৱা হয়।

Clouds cascade down the mountains at Aizawl in Mizoram, creating a mesmerizing 'cloud waterfall'!

This viral phenomenon requires very specific weather conditions to take shape, making it a rare sight to behold.

VC: Simon Jaeger (simon.jaeger.587 on Facebook) pic.twitter.com/VieStWaysA

— The Better India (@thebetterindia) July 3, 2021

এনে মেঘক বহুতে জলপ্ৰপাত মেঘ বুলিও কয়।

যেতিয়া আকাশৰ স্থিৰ বায়ুয়ে কোনো ওখ পাহাৰত খুন্দা খায় তেতিয়া বায়ু খিনি ক্ৰমাৎ ওপৰলৈ উঠি যাবলৈ ধৰে।

বায়ুত থকা জলীয় বাষ্প সেই সময়ত অত্যধিক চেঁচা হৈ পৰে আৰু ইয়াক মেঘৰ দৰে দেখা যায়।

যেতিয়া সেই মেঘ পাহাৰৰ আৰু বেছি ওখলৈ গতি কৰে তেতিয়া সেয়া অধিক গধুৰ হৈ পৰে আৰু পাহাৰৰ ঢালেৰে মেঘবোৰ নামি আহিবলৈ আৰম্ভ কৰে।

মেঘ এনেদৰে নামি আহিলে সেয়া ওপৰৰ পৰা পানীৰ সোঁত বৈ অহা যেন দেখিবলৈ পোৱা যায়। এনে নান্দনিক পৰিঘটনাই ঘটিছে আইজলত।

এই পৰিঘটনাটো আইজলত ঘটা কিছুদিন হৈছে যদিও শেহতীয়াকৈ ইয়াৰ ভিডিঅ’ ইণ্টাৰনেটত ভাইৰেল হৈ পৰিছে।

Recent News

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

আজি ঈদৰ দিনটোত কিয় কুৰবানী দিয়া হয় জানেনে? হজৰত ইব্ৰাহিমে নিজ পুত্ৰক কুৰবানী দিবলৈ কিয় বিচাৰিছিল?

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

নাড্ডাৰ পিছত কোন? বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি পদৰ বাবে চৰ্চাত তিনিগৰাকী জ্যেষ্ঠ নেতাৰ নাম

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

শুই থকাৰ পৰা তুলি নি ধৰ্ষণ তিনি বছৰীয়া শিশুক : আৰক্ষীৰ এনকাউণ্টাৰত নিহত অভিযুক্ত

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

পৰিৱেশ সংৰক্ষণৰ বাবে কটন বিশ্ববিদ্যালয়ৰ সৈতে বুজাবুজিৰ চুক্তি স্বাক্ষৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ  

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

 
Our Properties
 
  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS
  • ⚪ INNFINITY
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • অসম
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • সংস্কৃতি
  • ভাষা-সাহিত্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰযুক্তি
  • মনোৰঞ্জন
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ

© 2018 - Maintained by EZEN Software & Technology Pvt. Ltd