দক্ষিণ তুৰা, ৰানিকৰৰ উপ নিৰ্বাচনত এনপিপি, ইউডিপিৰ বিজয়

Mlaya-bypolls

ফাইল ফটো

এনপিপিৰ সভাপতি তথা মেঘালয়ৰ মুখ্য মন্ত্ৰী কনৰাড ছাংমাই দক্ষিণ তুৰাৰ উপনিৰ্বাচনত বিজয়ী হৈছে আৰু য়ুনাইটেড ডেমক্ৰেটিক পাৰ্টীৰ প্ৰাৰ্থী পীয়ুষ মাৰৱেইন ৰানিকৰ সমষ্টিত বিজয়ী হৈছে।

দক্ষিণ তুৰাত মুখ্য মন্ত্ৰীগৰাকীয়ে ১৩,৬৫৬ টা, কংগ্ৰেছৰ চাৰ্লোটি মোমিনে ৫,২৩৫টা আৰু নিৰ্দলীয় প্ৰাৰ্থীদ্বয় জন লেছিক কে ছাংমাই ২,২১১ টা আৰু খৃছ কাবুল ছাংমাই ৮৯৭টা লাভ কৰিছে। উল্লেখযোগ্য যে  আৰু নোটাত (NOTA) ২১৮টা ভোট দিয়া হৈছে।

৮৪২১ টা ভোটৰ বিৰাট ব্যৱধানত বিজয়ী হৈ মুখ্য মন্ত্ৰী ছাংমাই সকলো অভিলেখ ভংগ কৰিছে।

আনহাতে ৰানিকৰত ইউডিপিৰ পীয়ুষ মাৰৱিনে এনপিপি দলৰ পৰা সমষ্টিটোৰ পৰা ৫ বাৰৰ বিধায়ক হিচাপে নিৰ্বাচিত হোৱা মাৰ্টিন এম ডাগোক ২,৮৯৬টা ভোটৰ ব্যৱদানত পৰাস্ত কৰি ৰানিকৰ সমষ্টিটো আঁজুৰি লৈছে।

মাৰৱিনে ১৩,১৮৩টা আৰু ডাংগোৱে ১০,২৮৭ টা ভোট লাভ কৰিছিল। পীপ্‌লছ ডেমক্ৰেটিক ফ্ৰণ্টৰ পিএন ছিয়েমে ১৯৭৮টা ভোট আৰু নোটাত ১৮৪টা ভোট পৰিছিল।

উপ নিৰ্বাচনত লাভ কৰা এই বিজয়েৰে এনপিপিয়ে ৬০ জনীয়া মেঘালয় বিধানসভাত বিধানসভাত দলটোৰ বিধায়কৰ সংখ্যা ২০লৈকে বৃদ্ধি কৰাৰ বিপৰীতে ইউডিপিৰ বিধায়কৰ সংখ্যা হ’লগৈ ৭ গৰাকী।

উল্লেখ্য যে এনপিপি আৰু ইউডিপি হৈছে এমডিএ চৰকাৰৰ সহযোগী দল।

মুখ্য মন্ত্ৰী কনৰাড ছাংমাৰ নেতৃত্বত এনপিপি দলে এমডিএ চৰকাৰক নেতৃত্ব প্ৰদান কৰিছে।