মুখ্যমন্ত্ৰীৰ ঘোষণা : ১০ দিনৰ বাবে সম্পূৰ্ণ লকডাউন! কোন কোন জিলা সাজু হ’ব সম্পূৰ্ণ লকডাউনলৈ?

Himmmmmmmm

যদি অহা সপ্তাহত কোভিডৰ সংক্ৰমণ নকমে তেন্তে ১০ দিনৰ বাবে সম্পূৰ্ণ লকডাউন দিয়া হ’ব বুলি ঘোষণা কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।

যি যি জিলাত কোভিডৰ সংক্ৰমণ হ্ৰাস নাপাব সেই জিলাসমূহত লকডাউন দিয়া হ’ব বুলি দুলীয়াজানত মুখ্যমন্ত্ৰীগৰাকীয়ে কয়।

অহা বুধবাৰে কেবিনেটৰ গুৰুত্বপূৰ্ণ বৈঠকত বিষয়টোৰ পৰ্য্যালোচনা কৰি কোন কোন জিলাত সম্পূৰ্ণ লকডাউনৰ প্ৰয়োজনীয়তা আছে সেই সিদ্ধান্ত ৰাজহুৱা কৰিব ৰাজ্য চৰকাৰে।

উদাহৰণস্বৰূপে বিশ্বনাথ, গোলাঘাট, শোণিতপুৰ, নগাওঁ, কাছাৰ, তিনিছুকীয়া, ডিব্ৰুগড় জিলাত কোভিডৰ সংক্ৰমণ হ্ৰাস পোৱা নাই বৰঞ্চ এই জিলাসমূহত দিনক দিনে বৃদ্ধি পাইছে কোভিড আক্ৰান্তৰ সংখ্যা।

গতিকে এইকেইখন জিলাত সম্পূৰ্ণ লকডাউনৰ পূৰ্ণ সম্ভাৱনা আছে।

কালিৰ দিনটোত বিশ্বনাথত ২২১ গৰাকী, ডিব্ৰুগড়ত ২১৭ গৰাকী, কাছাৰ জিলাত ১৭৫ গৰাকী, গোলাঘাট জিলাত ২৪৯ গৰাকী, নগাওঁ জিলাত ২২৮ গৰাকী, তিনিচুকীয়া জিলাত ২৫১ গৰাকী, শোণিতপুৰ জিলাত ২৯৫ গৰাকী লোক মাৰাত্ম কোভিড-১৯ ত আক্ৰান্ত হৈছে।

যদি এই পৰিস্থিতি অহা সপ্তাহলৈকে অ-পৰিৱৰ্তিত অৱস্থাত থাকে তেন্তে এই জিলাসমূহৰ জনসাধাৰণ সম্পূৰ্ণ লকডাউনৰ বাবে সাজু হওঁক। কিয়নো কোভিড পৰিস্থিতি নিয়ন্ত্ৰণৰ বাবে চৰকাৰৰ শেষ অস্ত্ৰ হৈছে সম্পূৰ্ণ লকডাউন।

যদিও পূৰ্বতে কামৰূপ মহানগৰ জিলাত কোভিড আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি পাইছিল তথা ১৬০০ ও স্পৰ্শ কৰিছিল। কিন্তু কালিৰ দিনটোত মাত্ৰ ১৯৯ গৰাকী লোকহে আক্ৰান্ত হৈছিল কোভিড-১৯ত। গতিকে কামৰূপ মহানগৰ জিলাত সম্পূৰ্ণ লকডাউনৰ সম্ভাৱনা নাই।