NORTHEAST NOW (Assamese)

কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ মৃত্যু সমাজৰ বাবে অপূৰণীয় ক্ষতি : মুখ্য মন্ত্ৰী সোণোৱাল

November 9, 2018 6:14 pm · এন ই নাও নিউজ
মনোৰঞ্জন গোস্বামী। ফাইল ফটো

‘কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ মৃত্যু আমাৰ সমাজ তথা বৌদ্ধিক জগতৰ বাবে অপূৰণীয় ক্ষতি’। বিশিষ্ট চিন্তাবিদ, সমাজকৰ্মী, ৰাজনীতিক কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ পৰলোকপ্ৰাপ্তিত এইদৰে গভীৰ শোক প্ৰকাশ কৰিছে অসমৰ মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে।

আজি মুখ্য মন্ত্ৰী সোণোৱালে সংবাদ মাধ্যমলৈ প্ৰেৰণ কৰা এক শোকবাৰ্তাত কয় যে সমাজ জীৱনলৈ কৰ্ণেল গোস্বামীয়ে যি অৰিহণা আগবঢ়াই গৈছে সেয়া ৰাজ্যৰ জনসাধাৰণে শ্ৰদ্ধাৰে স্মৰণ কৰিব। বিভিন্ন অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক সমস্যা সমাধানৰ ক্ষেত্ৰত প্ৰয়াত গোস্বামীয়ে নিৰ্মোহ বিশ্লেষণ আগবঢ়াই গৈছে।

দীঘলীপুখুৰী পাৰত যুদ্ধ স্মাৰক নিৰ্মাণৰ ক্ষেত্ৰতো প্ৰয়াত গোস্বামীয়ে অগ্ৰণী ভূমিকা পালন কৰিছিল। তদুপৰি কেইবাখনো মূল্যৱান গ্ৰন্থ ৰচনা কৰি বৌদ্ধিক জগতলৈ গুৰুত্বপূৰ্ণ অৱদান আগবঢ়াই যোৱা বুলিও মুখ্য মন্ত্ৰী সোণোৱালে উল্লেখ কৰে।

এই শোক বাৰ্তাৰ জৰিয়তে মুখ্য মন্ত্ৰীয়ে কৰ্ণেল গোস্বামীৰ বিদেহ আত্মাৰ চিৰশান্তিৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনোৱাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।

উল্লেখযোগ্য যে ভাৰতীয় সেনাবাহিনীৰ অৱসৰপ্ৰাপ্ত সেনা বিষয়া, এগৰাকী স্তম্ভলেখক আৰু দেশৰ প্ৰসিদ্ধ সাংবাদিক অৰ্ণৱ গোস্বামীৰ পিতৃ কৰ্ণেল মনোৰঞ্জন গোস্বামীৰ বৃহস্পতিবাৰে মাজনিশা ১২.৪৫ বজাত মুম্বাইৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটিছিল।

Related News