ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰীলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ শুভাৰম্ভ

ৰাজ্যৰ পাঁচ লক্ষাধিক হিতাধিকাৰিলৈ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ গৃহ আবন্টন আৰু পুঁজি প্ৰদানৰ আজি শুভাৰম্ভ কৰা হয় l

যোৰহাটৰ কাছাৰী মৈদানত ৰাজ্যৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ,কেন্দ্ৰীয় পঞ্চায়ত গ্ৰামোন্নয়ন মন্ত্ৰী গিৰিৰাজ সিঙে আজি বন্তি প্ৰজলনেৰে গৃহৰ আবণ্টন আৰু পুঁজি প্ৰদান অনুষ্ঠানৰ শুভাৰম্ভ কৰে ।

পঞ্চায়ত আৰু  গ্ৰামোন্নয়নৰ প্ৰধান সচিব ডঃ জে বি এক্কাৰ আদৰণি ভাষণৰ পাছতে উপস্থিত পঞ্চায়ত মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে অসমৰ বাবে আজি এটা ঐতিহাসিক দিন বুলি উল্লেখ কৰে আৰু আৱাস গৃহ কি দৰে নিৰ্মাণ হব এই  সন্দৰ্ভত ভাষণ প্ৰদান কৰে।

কেন্দ্ৰীয় মন্ত্ৰী গিৰীৰাজ সিঙে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু অসমৰ মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কাম কাজক শলাগ লৈ উত্তৰ পূৰ্বাঞ্চলৰ বাবে প্ৰধানমন্ত্ৰীয়ে বহুত আঁচনি গ্ৰহণ কৰিছে বুলি জানিবলৈ দিয়ে।

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমৰ দৰিদ্ৰ জনসাধাৰণৰ  বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰি আহিছে আৰু অসমত ২০২৪ ৰ ভিতৰত কোনো কেঁচা ঘৰ নেথাকিব বুলি জনায়। অসমত ১৯ লাখ গৃহ নিৰ্মাণ হব আৰু সেই গৃহ নিৰ্মাণৰ বাবে প্ৰায় ২৭ হাজাৰ কোটি ব্যয় হব তথা এই টকা প্ৰধানমন্ত্ৰীয়ে অসমক দিব বুলি তেওঁ জানিবলৈ দিয়ে।

গৃহ লাভ কৰা হিতাধিকৰীসকলক এটকাও কোনো বিষয়াক ঘোচ নিদিবলৈ তেওঁ আহ্বান জনায়। কোনো লোকে যদি গৃহ লাভ কৰাৰ বিনিময়ত উৎকোচ বিচাৰে তেতিয়া আৰক্ষী বা স্থানীয় বিধায়কক অভিযোগ দিবলৈ কয়। হিতাধিকাৰীসকলক গৃহ নিৰ্মাণৰ বাবে পোৱা টকা কেইটাৰ সৎ ব্যৱহাৰ কৰিবলৈ অনুৰোধ জনায়। অসমক দুৰ্নীতিমুক্ত কৰি এখন নতুন অসম গঢ়িবলৈ আহ্বান জনায়।

অনুষ্ঠানত হিতাধিকাৰীসকলৰ এখন হাতপুথি উন্মোচন কৰা হয়। প্ৰথমবাৰৰ বাবে ৰাজ্যত ৫ লাখ দহ হেজাৰ গৃহ নিৰ্মাণ হব। ইয়াৰ বাবে এহেজাৰ ছশ পয়সত্তৰ কোটি ভাৰত চৰকাৰে মুকলি কৰিছে বুলি জনায়। হিতাধিকাৰীসকলে তিনিটা কিস্তিত এই ধন পাব। প্ৰতিটো ঘৰত হিতাধিকাৰী সকলে এক লাখ একাৱন্ন হাজাৰ সাতশ টকা লাভ কৰিব বুলি তেওঁ জানিবলৈ দিয়ে।

হিতাধিকাৰীসকলৰ বাবে বাবে গৃহ নিৰ্মাণত মুঠ সাত হেজাৰ সাত শ উঞ্চলিছ কোটি টকা খৰচ হব।এটা ঘৰত ১ লাখ ৫১ হেজাৰ ৭৫৫ টকা ব্যয় হব l আজি প্ৰথম কিস্তিত ৩৩ হাজাৰকৈ টকা হিতাধিকাৰীৰ একাউণ্ট সোমাব বুলি তেওঁ জনায়।

আজিৰ এই অনুষ্ঠানত সাংসদ  তপন গগৈ, কামাখ্যা প্ৰসাদ তাছা, বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামী, ভবেন ভৰালী, ৰূপজ্যোতি কুৰ্মী ,আৰু ভাস্কৰ বৰুৱাও উপস্থিত থাকে।