১৫ ফেব্ৰুৱাৰীৰ পৰা কোভিডৰ সকলো SOP প্ৰত্যাহাৰ; জনতা ভৱনত সংবাদমেল পাতি আৰু কি কি ক’লে মুখ্যমন্ত্ৰীয়ে?

WhatsApp Image 2022-02-07 at 11.50.53 AM

সোমবাৰে জনতা ভৱনত এখন সংবাদমেল অনুষ্ঠিত কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই কেইবাটাও গুৰুত্বপূৰ্ণ ঘোষণা কৰে। কোভিড এছঅ’পিকে ধৰি ব’হাগ বিহু উদযাপন সম্পৰ্কতো মুখ্যমন্ত্ৰীয়ে সদৰী কৰিলে কেতবোৰ সিদ্ধান্ত।

মুখ্যমন্ত্ৰীয়ে সংবাদমেলত জানিবলৈ দিয়ে যে এপ্ৰিল পৰ্যন্ত ৰাজ্যত কেইবাটাও নিৰ্বাচন অনুষ্ঠিত হ’ব।

কিন্তু মেট্ৰিক আৰু হায়াৰ ছেকেণ্ডাৰী পৰীক্ষা দিবলৈ ছাত্ৰ-ছাত্ৰীয়ে ভেকচিন লৈ যাব লাগিব। ভেকচিন ল’বলৈ তেওঁ ছাত্ৰ-ছাত্ৰীসকলক অনুৰোধ জনায়।

তেওঁ সভা সমিতিলৈ অহা লোকসকলেও দুয়োপালি ভেকচিন ল’ব লাগিব বুলি কয়। চিনেমা হ’ললৈও দুয়োপালি ভেকচিন লোৱা লোকহে যাব পাৰিব।

লগতে পঢ়ক: Covid-19 Update: দেশত এমাহৰ পিছত ১লাখৰ তললৈ নামিল কৰ’নাৰ দৈনিক সংক্ৰমণ; নিম্নগামী পজিটিভিটিৰ হাৰ

১৫ ফেব্ৰুৱাৰীৰ পৰা কোভিডৰ সকলো SOP প্ৰত্যাহাৰ কৰা হব। কোনোধৰণৰ কাৰ্ফিউ নাথাকে, মাস্ক আৰু চেনিটাইজাৰ বাদ দি সকলোবোৰ নীতি-নিয়ম উঠাই দিয়া হ’ব। ১৫ ফেব্ৰুৱাৰীৰ পৰা সকলোবোৰ বিদ্যালয় খুলি দিয়া হ’ব।

১৫ ফেব্ৰুৱাৰীলৈকে ৰাজ্যত কোভিডৰ পৰিৱেশ ভাল হ’ব বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে ১৫ এপ্ৰিলৰ পৰা ২০ এপ্ৰিললৈ অনুষ্ঠিত হ’বলগীয়া ১০ বছৰীয়া পুৰণি বিহু সন্মিলন কেইখনক চৰকাৰে ডেৰ লাখ টকাকৈ অনুদান দিব।

বিহু ১ ব’হাগৰ পৰা ৭ ব’হাগৰ ভিতৰত পাতিব লাগিব। সেইদৰে, ১০ বছৰ ধৰি বা তাৰ পূৰ্বৰে পৰা বিহু পাতি অহা বিহু সন্মিলনেহে চৰকাৰৰ এই সাহায্য লাভ কৰিব।

লগতে পঢ়ক:সুৰ সম্ৰাজ্ঞীৰ অন্তিম যাত্ৰাৰ এখন ভাইৰেল ছবিয়ে তুলি ধৰিলে ‘ভাৰতীয়তা’ৰ প্ৰতিফলন!

আনহাতে, ব্যৱসায়ীসকলক অসমৰ ৰাইজক মৰমৰ দৃষ্টিৰে চাবলৈ অনুৰোধ জনাই মুখ্যমন্ত্ৰীয়ে কয় যে বিহুৰ ওপৰত কোনো নীতি-নিৰ্দেশনা নাথাকিব। সকলোৱে মুকলিকৈ অনুষ্ঠিত কৰিব পাৰিব বিহু। সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত কৰিব পাৰিব।

মুখ্যমন্ত্ৰী ড০ শৰ্মাই লগতে এপ্ৰিলত গুৱাহাটী পৌৰ নিগমৰ নিৰ্বাচন অনুষ্ঠিত হ’ব বুলিও কয়। সেইদৰে, এপ্ৰিলতে কাৰ্বি আংলং স্বায়ত্ব শাসিত পৰিষদৰ নিৰ্বাচনো অনুষ্ঠিত হ’ব।

ইপিনে, মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে যে প্ৰতিখন চহৰৰ উপায়ুক্ত কাৰ্যালয় এতিয়াৰে পৰা integrated হ’ব। সৰু সৰু সকলোবোৰ অফিচ একেটা স্থানতে থাকিব। এতিয়াৰে পৰা আৰু সৰু সৰু অ’ফিচবোৰ সিঁচৰিত হৈ থাকিব নোৱাৰিব। চহৰৰ ভিতৰৰ পৰা জেইল সমূহ উঠাই নিয়া হ’ব বুলিও তেওঁ জনায়।  

লগতে পঢ়ক:বেটে-বলে উজলিল টীম ইণ্ডিয়া; ৰোহিতৰ নেতৃত্বত প্ৰথম এদিনীয়াত ৬ উইকেটত হৰুৱালে ৱেষ্ট ইণ্ডিজক

মুখ্যমন্ত্ৰীয়ে উপায়ুক্তৰ কাৰ্যালয়ৰ লগতে একোখনকৈ ষ্টেডিয়াম নিৰ্মাণৰ পৰিকল্পনাৰ কথাও সদৰী কৰে। পৌৰসভা সমূহক State level কেডাৰ বনোৱাৰ পৰিকল্পনাৰ কথা উল্লেখ কৰে মুখ্যমন্ত্ৰীয়ে।

আনহাতে, মুখ্যমন্ত্ৰীয়ে কয়, ‘’কাৰ্যালয়ত আপোনাৰ মুখ নেদেখুৱাকৈয়ে এতিয়াৰে পৰা লাভ কৰিব হ’ল্ডিং নাম্বাৰ, ট্ৰেড লাইচেন্স। আৱেদন কৰাৰ ১৫ মিনিটৰ ভিতৰতে আপুনি ট্ৰেড লাইচেন্স লাভ কৰিবলৈ সক্ষম হ’ব পাৰিব। এতিয়াৰে পৰা ঘৰ বনোৱাৰ অনুমতিও আপুনি অনলাইনৰ জৰিয়তেই লাভ কৰিব।

মুখ্যমন্ত্ৰীয়ে পাৰ্টি বিহীন পৌৰসভা নিৰ্বাচন অনুষ্ঠিত কৰাৰ পৰিকল্পনা আছিল বুলি উল্লেখ কৰি সমাজৰ আগৰণুৱা লোকসকলক পৌৰ নিগমৰ নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ অনুৰোধ জনায়।

লগতে পঢ়ক:নগাঁৱৰ আমনিত সংঘটিত পথ দুৰ্ঘটনাত থিতাতে নিহত ব্যৱসায়ী; আমনিত শোকৰ ছাঁ

তদুপৰি, পঞ্চায়ত নিৰ্বাচনৰ বাবে পাৰ্টী বিহীন নিৰ্বাচন অনুষ্ঠিত কৰিবৰ বাবে ৰাজহুৱা বিতৰ্ক অনুষ্ঠিত কৰিবলৈ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে। পৌৰ নিগম , পঞ্চায়তৰ নিৰ্বাচনত সমাজৰ আগৰণুৱা লোকসকলক নিৰ্বাচনত প্ৰতিদ্বন্দ্বিতা কৰিবলৈ সুবিধা দিবলৈ এই পদক্ষেপ গ্ৰহণ কৰাৰ আহ্বান জনায় মুখ্যমন্ত্ৰীয়ে।

মুখ্যমন্ত্ৰীয়ে লগতে সদৰী কৰে যে ৰাজ্যত বৰ্তমানলৈকে ৭৬২ গৰাকী PSO প্ৰত্যাহাৰ কৰা হৈছে।