কোভিড প্ৰট’কলৰ দোহাই দি ৰাজ্যৰ ৬ জিলাত অনুষ্ঠিত কৰা নহ’ল টেট; মুখ্যমন্ত্ৰীৰ উদ্ভট যুক্তি

সংখ্যালঘু অধ্যুষিত ৬ জিলাত নাই টেট পৰীক্ষা কেন্দ্ৰ।ধুবুৰী, মানকাছাৰ, গোৱালপাৰা, কৰিমগঞ্জ, বৰপেটা আৰু হাইলাকান্দিত নাই টেট পৰীক্ষা কেন্দ্ৰ।

এই জিলাকেইখনত অতি ৰহস্যজনকভাৱে টেট পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ কোনোধৰণৰ কেন্দ্ৰ নাৰাখিলে ৰাজ্যৰ শিক্ষা বিভাগে।

যাৰ ফলত উক্ত জিলাকেইখনৰ বহুসংখ্যক শিক্ষিত যুৱক-যুৱতী হতাশগ্ৰস্ত হোৱা দেখিবলৈ পোৱা গৈছে, কিয়নো। ৬ খন জিলাক বাদ কৰি বাকী ২৭ খন জিলাত টেট পৰীক্ষা অনুষ্ঠিত কৰিব পৰাকৈ পৰীক্ষা কেন্দ্ৰ নিৰ্দ্ধাৰণ কৰা হৈছে।

ৰাজ্যৰ শিক্ষাবিভাগৰ এই টোগলকী কাণ্ডৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে AIUDF।

ৰাজনৈতিক দলটোৰ ৰাজ্যিক সাধাৰণ সম্পাদক আমিনুল ইছলামে চৰকাৰৰ এই স্থিতি অতিকৈ সন্দেহজনক আখ্যা দিয়াৰ লগতে বিজেপি চৰকাৰক মুছলমান বিদ্বেষী আখ্যা দিয়ে।

আমিনুলৰ অভিযোগ ‘সংখ্যালঘু অধ্যুষিত বাবেই ৬ খন জিলাত দিয়া নহ’ল এটাও টেট পৰীক্ষা কেন্দ্ৰ’। ‘বিজেপিৰ বিধায়ক নথকা জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ দিয়া নাই’।

ইপিনে, সৰ্বত্তে ৰাজ্যৰ শিক্ষা বিভাগৰ এই সিদ্ধান্তৰ বিৰুদ্ধে চৰ্চা হোৱাৰ পাছতে ইয়াক লৈ মুখ খুলিছে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই।কোভিড প্ৰট’কলৰ দোহাই দি ৬খন জিলাত টেট পৰীক্ষা অনুষ্ঠিত কৰিব পৰা নগ’ল বুলি দায়সৰা মন্তব্য মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শর্মাৰ।

তেওঁৰ মতে ‘কোভিডৰ বাবে সীমিত কৰা হৈছে টেট পৰীক্ষা কেন্দ্ৰ।’

প্ৰশ্ন হয়, ‘৬ খন জিলাৰ বাবেই কেৱল কোভিড প্ৰট’কল কিয়?কোভিড প্ৰট’কল মানি ২৭ খন জিলাৰ দৰেই ৬ খন জিলাটো টেট পৰীক্ষা কেন্দ্ৰ স্থাপন কৰিব নোৱাৰিলেহেঁতেন নে?৬ খন জিলাক বাদ দি বাকী ২৭ জিলাত কোভিড একেবাৰে নাই নেকি?

ইপিনে, সংখ্যালঘু অধ্যুষিত এলেকাত উদ্দেশ্যপ্ৰণোদিতভাৱে ৰাজ্য চৰকাৰে টেট পৰীক্ষা কেন্দ্ৰ স্থাপন নাই কৰা বুলি AIUDF ৰ কটাক্ষৰ পাছত AIUDF ক উভটি ধৰিছে মুখ্যমন্ত্ৰীয়ে।

তেওঁ কয় “সংখ্যালঘু সংখ্যাগুৰু বুলি জিলাবিলাক ট্ৰেড মাৰ্ক হৈ গ’ল নেকি?সংখ্যালঘু-সংখ্যাগুৰু ভাৱনাক কঠোৰ হাতেৰে দমন কৰিব চৰকাৰে।”

এনেদৰেই ৰাজ্যৰ ৬ খন জিলাত টেট পৰীক্ষাৰ কেন্দ্ৰ নথকাক লৈ উত্তপ্ত হৈ পৰিছে ৰাজ্যৰ ৰাজনীতি।