• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Wednesday, September 17, 2025
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

`পৰেশ বৰুৱাৰ সৈতে যোগাযোগত আছো যদিও তাৎক্ষণিক আলোচনাৰ সম্ভাৱনা নাই’; মন্তব্য মুখ্যমন্ত্ৰীৰ

এন ই নাও নিউজ, গুৱাহাটী by এন ই নাও নিউজ, গুৱাহাটী
January 2, 2024 11:43 am
1
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সোমবাৰে কয় যে তেওঁ পৰেশ বৰুৱা নেতৃত্বাধীন আলফা(স্বাধীন) ফৈদৰ সৈতে যোগাযোগত আছে যদিও অদূৰ ভৱিষ্যতে সংগঠনটোৰ সৈতে আলোচনাৰ সম্ভাৱনা নাই। সাৰ্বভৌমত্বৰ বিষয়টো এৰি দিয়াটো বৰুৱাৰ বাবে সহজ নহয় যদিও তেওঁ উপলব্ধি কৰিব লাগিব যে অসমৰ ৰাইজে আৰু সেয়া নিবিচাৰে। সংবাদ মাধ্যমৰ সৈতে হোৱা এক বাৰ্তালাপত মুখ্যমন্ত্ৰী শৰ্মাই এইদৰে কয়।

‘অসমৰ ৰাজনৈতিক মুৰব্বী হিচাপে মই বৰুৱাৰ সৈতে যোগাযোগ ৰাখিম।’ সাধাৰণতে তিনি-ছয়মাহৰ মূৰে মূৰে তেওঁৰ লগত কথা পাতো আৰু সোনকালে তেওঁৰ লগত আকৌ কথা পতাৰ পৰিকল্পনা কৰিছো। কিন্তু তেওঁ তৎক্ষণাত আলোচনাৰ বাবে আহিব বুলি মই আশা কৰা নাই,’- মুখ্যমন্ত্ৰীয়ে কয়।

তেওঁ লগতে কয়,  ‘আমি আলোচনাৰ সকলো পথ মুকলি কৰি ৰাখিছো, কিন্তু অদূৰ ভৱিষ্যতে আলোচনা হোৱাৰ সম্ভাৱনা দেখা নাই। এয়া এক দীৰ্ঘদিনীয়া প্ৰক্ৰিয়া আৰু আমি আশা কৰিছো যে তেওঁ কোনোবাদিন আলোচনাৰ বাবে আহিব।’

ৰাজ্যখন এতিয়া শান্তি আৰু সম্প্ৰীতিৰ ভূমি হৈ পৰাৰ পিছত পৰেশ বৰুৱাই অসমত আহি ১৫ দিন থাকিলে কেইবা দশক পূৰ্বে প্ৰণয়ন কৰা আলফাৰ দাবী চনদখন বৰুৱাই নিজেই সলনি কৰিব বুলি দাবী কৰে মুখ্যমন্ত্রী হিমন্ত বিশ্ব শৰ্মাই ৷

লগতে পঢ়কঃ নতুন বছৰৰ আৰম্ভণিতে মণিপুৰত পুনৰ হিংসাত্মক ঘটনা; ৪জন নিহত, ৫খন জিলাত জাৰি সান্ধ্য আইন

মুখ্যমন্ত্ৰীয়ে কয়, ‘তেওঁ ৰাজ্যৰ জনসাধাৰণৰ বাবে যুঁজিছে যদিও তেওঁলোকে উন্নয়ন বিচাৰে, স্বাধীন অসম নহয়।’

নিৰন্তৰ যোগাযোগ, আলোচনা আৰু বৰুৱাক ৰাজ্যৰ পৰিৱৰ্তিত বাস্তৱতাৰ বিষয়ে সচেতন কৰা উচিত বুলি উল্লেখ কৰি তেওঁ কয় যে “মই মোৰ মন্ত্ৰীসকলক উৎসাহিত কৰিছো যাতে তেওঁলোকে সংযুক্ত মুক্তি বাহিনী, অসম (স্বাধীন)ৰ সদস্যসকলৰ সৈতে কথা পাতে যাতে তেওঁলোকে ৰাজ্যখনত হোৱা উন্নয়নৰ  সম্পৰ্কে সচেতন হয়। মই আনকি চোৰাংচোৱা বিষয়াসকলকো কৈছো যে তেওঁলোকৰ সংস্পৰ্শত থকা লোকসকলক ট্ৰ্যাক নকৰিব’।

একে সময়তে সেনা আৰু আৰক্ষীৰ অভিযান অব্যাহত থাকিব যদিহে সংগঠনটোৰ সদস্যসকলে গ্ৰেনেড নিক্ষেপ কৰে। মুখ্যমন্ত্ৰীয়ে ধেমেলীয়া সুৰত কয় যে আমি সেইটো বন্ধ কৰিব নোৱাৰো।

আলফাৰ আলোচনাপন্থী ফৈদৰ সৈতে হোৱা ত্ৰিপাক্ষিক চুক্তি সন্দৰ্ভত শৰ্মাই কয় যে ই একেটা সময়তে ৰাজ্যৰ খিলঞ্জীয়াৰ ৰাজনৈতিক আৰু ভূমিৰ অধিকাৰ প্ৰতিষ্ঠা কৰিছে যিটো আগন্তুক দীৰ্ঘদিনলৈ বিঘ্নিত কৰিব পৰা নাযাব।

মুখ্যমন্ত্ৰীয়ে কয়, ‘ৰাজ্যত এই সীমা নিৰ্ধাৰণৰ অনুশীলনে ব্ৰহ্মপুত্ৰ উপত্যকাৰ ৯৬টা আৰু বৰাক উপত্যকাৰ ৯টা বিধানসভা সমষ্টি এই অঞ্চলসমূহৰ খিলঞ্জীয়া লোকসকলৰ বাবে সুৰক্ষিত হোৱাটো নিশ্চিত কৰিছে। আলফা চুক্তিয়ে নিশ্চিত কৰিছে যে এই সীমা নিৰ্ধাৰণৰ অনুশীলনত অনুসৰণ কৰা নীতি বজাই ৰখা হ’ব।’

লগতে পঢ়কঃ2024 Leap Year: ২০২৪ চনটো এটা অধিবৰ্ষ? কিয় প্ৰতি চাৰি বছৰৰ মূৰে মূৰে লিপ ইয়েৰ নহয়?

২৯ ডিচেম্বৰৰ চুক্তি অনুসৰি কোনোৱেই চৰকাৰী বনাঞ্চল বেদখল কৰি সেই অঞ্চলৰ ভোটাৰ তালিকাত নিজৰ নাম লিখিব নোৱাৰিব। এজন ভোটাৰে নিজৰ নাম এটা সমষ্টিৰ পৰা আন এটা সমষ্টিলৈ স্থানান্তৰ কৰিব নোৱাৰিব। তেওঁলোকৰ ভোটাধিকাৰ বাতিল নহ’ব যদিও তেওঁলোকৰ মূল সমষ্টিত তালিকাভুক্ত হ’ব বুলিও শৰ্মাই কয়।

এজন ব্যক্তিয়ে হয় মাটি ক্ৰয় কৰি নহয় চৰকাৰী চাকৰি লোৱাৰ দৰে অন্যান্য গুৰুত্বপূৰ্ণ স্বাৰ্থত কোনো বিশেষ অঞ্চলৰ স্থায়ী বাসস্থান অৰ্জন কৰিব লাগে বুলিও তেওঁ লগতে কয়। ‘আলফাৰ সৈতে হোৱা চুক্তিৰ দুটা প্ৰধান ফলাফল হ’ল যে ভৱিষ্যতেও সীমা নিৰ্ধাৰণৰ নীতি বজাই ৰখা হ’ব আৰু সাধাৰণতে এটা অঞ্চলত বাস কৰা ব্যক্তি এজনে মাটি বেদখল কৰি আন এটা অঞ্চলৰ ভোটাৰ হ’ব নোৱাৰে। খিলঞ্জীয়াৰ অধিকাৰ সুৰক্ষিত কৰাৰ বাবে সাংবিধানিক সীমাৰ ভিতৰত এয়াই চূড়ান্ত সমাধান।’

তদুপৰি, ৰাজ্যৰ মুঠ ১২৬টা সমষ্টিৰ ভিতৰত ১০০ৰো অধিক সমষ্টিৰ ৰাজনৈতিক প্ৰতিনিধি ৰাজ্যখনত বসবাস কৰি থকা লোকৰ বংশধৰ হ’ব বুলি উল্লেখ কৰি তেওঁ খিলঞ্জীয়াৰ ৰাজনৈতিক ক্ষমতা ২০০ৰ পৰা ৩০০ বছৰলৈ বিঘ্নিত হ’ব নোৱাৰাটো নিশ্চিত কৰিব বুলি কয়। কোনো ‘নামঘৰ’  বা মন্দিৰৰ ব্যাসাৰ্ধৰ ভিতৰত যাতে বাহিৰৰ পৰা কোনো লোকে ভূমি ক্ৰয় কৰিব নোৱাৰে, সেই কথাও এই চুক্তিৰ জৰিয়তে নিশ্চিত কৰা হৈছে বুলি তেওঁ কয়।

আনহাতে, ৰাজ্যৰ চাৰিখন জিলাত এতিয়াও বলবৎ হোৱা বিতৰ্কিত সশস্ত্ৰ বাহিনী বিশেষ ক্ষমতা আইন (AFSPA) প্ৰত্যাহাৰ সন্দৰ্ভত শৰ্মাই কয়, ‘আমি ইয়াৰ সম্পূৰ্ণ প্ৰত্যাহাৰ বিচাৰিছিলো যদিও কেন্দ্ৰই সতৰ্ক হ’ব বিচাৰিছিল, বিশেষকৈ চুবুৰীয়া ৰাজ্যসমূহৰ সৈতে লাগি থকা সীমান্তৱৰ্তী জিলাসমূহত। হয়তো পৰৱৰ্তী পৰ্যায়ৰ পৰ্যালোচনাত ইয়াক দুখন জিলালৈ নমাই অনা হ’ব’।

লগতে পঢ়কঃ চাণক্য নীতি! নাৰীৰ এই গুণবোৰৰ আগত দুৰ্বল হৈ পৰে পুৰুষ; প্ৰশংসা কৰি ভাগৰি নপৰে কেতিয়াও

ইপিনে, নাগৰিক সংশোধনী আইন কাৰ্যকৰী সন্দৰ্ভত শৰ্মাই কয় যে ই ইতিমধ্যে আইনৰ শাসনত পৰিণত হৈছে যদিও অসমৰ ৰাইজে উচ্চতম ন্যায়ালয়লৈ গৈছে, যিয়ে সিদ্ধান্ত ল’ব। হিন্দু বাঙালীৰ নাগৰিকত্ব লাভৰ বাবে কাট অফ ইয়েৰ ২০১৪ আৰু ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী অনুসৰি ইয়াৰে তিনিৰ পৰা চাৰি লাখ চিনাক্ত কৰা হৈছে। CAA নিৰ্বিশেষে সমষ্টিৰ সীমা নিৰ্ধাৰণৰ কচৰৎ আৰু আলফাৰ সৈতে হোৱা চুক্তিৰ দ্বাৰা খিলঞ্জীয়া জনসাধাৰণৰ ৰাজনৈতিক অধিকাৰ সুৰক্ষিত কৰা হৈছে বুলিও তেওঁ লগতে কয়।

এন ই নাও নিউজ, গুৱাহাটী

এন ই নাও নিউজ, গুৱাহাটী

নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Stay Connected

  • 117k Fans

Recent News

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

বায়ু প্ৰদূষণৰ বাবে ক’লা হৈ পৰিছে লালকিল্লা : প্ৰকাশ পাইছে অধ্যয়নত

September 17, 2025 8:36 am
ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

ৰক্তচাপ নিয়ন্ত্ৰণৰ পৰা মধুমেহলৈকে… তুলসী পাতৰ উপকাৰিতাৰ বিষয়ে নজনা কিছু কথা জানো আহক

September 17, 2025 7:30 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

আদানীৰ কু-কীৰ্তি উদঙাই বিপদত সংবাদ মাধ্যম : ভিডিঅ’ ডিলিট কৰিবলৈ কেইবাটাও সংবাদ মাধ্যম আৰু ইউটিউবলৈ নিৰ্দেশ চৰকাৰৰ

September 17, 2025 10:45 am
৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

৭৫ টা বসন্ত পাৰ কৰিলে নৰেন্দ্ৰ মোদীয়ে : জন্মদিনত ভাৰতৰ প্ৰধানমন্ত্ৰীলৈ ফোন ড’নাল্ড ট্ৰাম্পৰ

September 17, 2025 9:31 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • প্ৰতিৱেশী
  • অভিমত
  • ক্ৰীড়া
  • বাণিজ্য
  • যুৱ-কণ্ঠ
  • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • ফেচবুক কৰ্ণাৰ
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd