কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পত্ৰযোগে মিজো ছাত্ৰ সন্থাই একপ্ৰকাৰৰ ভাবুকি দিছিল।
কিন্তু সততে যিকোনো বিষয়ত মুখ-চুপতি মাৰি ভাল পোৱা তথা কোনোবাই কিবা কটাক্ষ কৰিলে তাৰ দুগুণ হাৰত প্রত্যুত্তৰৰ উজান উঠোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ২৪ ঘন্টা ওকলি যোৱাৰ পাছতো নিমাত।
অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে কালি মিজো ছাত্ৰ সন্থাৰ সভাপতি জে লালমুৱানজুৱালাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ আক্ৰমণ কৰি এখন পত্ৰ লিখিছিল।
পত্ৰ খনত ছাত্ৰ নেতাগৰাকীয়ে কৈছিল-‘মিজোৰামৰ সাধাৰণ জনতাৰ বিৰুদ্ধে আপুনি হিংসাৰ সূচনা কৰিছে। যাৰ পৰিণতিত সাত জনকৈ লোকে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে। আপুনি সৃষ্টি কৰা এনে পৰস্থিতিৰ আঁৰত আপোনাৰ এক গোপন পৰিকল্পনা আৰু ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে। সেই বিষয়ত আমি অজ্ঞ নহওঁ। ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট এলেকাৰ ৫০৯ বৰ্গ মাইল অঞ্চলত বাংলাদেশৰ বহু প্ৰব্ৰজনকাৰীয়ে বাস কৰি আছে। আপুনি সেই মানুহ খিনিক স্বায়ত্ত্বশাসিত জিলা পৰিষদ দিব বিচাৰিছে আৰু ইয়াৰ জৰিয়তে আপুনি আপোনাৰ ৰাজনৈতিক অভীপ্সা পূৰণ কৰিব বিছাৰিছে।‘
‘আপুনি এইবোৰ কথা সংবাদ মাধ্যম আৰু জনতাৰ পৰা লুকুৱাই ৰাখিছে যদিও প্ৰকৃত সত্য সকলোৱে বুজি পাইছে। আপুনি জনতাৰ যি তেজ এতিয়া ব্যৱহাৰ কৰি আছে সেই তেজ এদিন আপোনাৰ গাৰ পিনেই আহিব আৰু আপোনাকেই ধ্বংস কৰিব।‘ এইদৰে পত্ৰযোগে হুংকাৰ দিছিল মিজো ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে।
উক্ত চিঠিতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আকাংক্ষাই সেই শান্তি বিঘ্নিত কৰিছে বুলি দাবী কৰাৰ লগতে আনকি সাত ভনীক হত্যাৰ পৰিবেশ সৃষ্টি হৈ শান্তি নাইকীয়া হৈ পৰিছে বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে।
এককথাত আপুনি চুবুৰীয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ সৈতে শত্ৰুতা গঢ়ি তুলিছে বুলি তেওঁ উল্লেখ কৰে।
কিন্তু অসম চৰকাৰৰ হাতত ইয়াৰ উত্তৰ নাই নেকি? এই প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লাগিছিল কিয়নো তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে এই বিস্ফোৰক অভিযোগ।
ইপিনে, বিজেপিৰ আই.টি. চেলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পক্ষ লৈ চালে বেৰে কোবাবলৈ আৰম্ভ কৰিছে।
মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই মিজোৰামৰ পৰা সৰবৰাহ হোৱা বাৰ্মিজ চুপাৰিৰ সৰবৰাহ বন্ধ হোৱাৰ বাবে তথা মিজোৰামৰ মাজেৰে অসমলৈ ম্যানমাৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰাৰ বাবে এতিয়া মিজোৰামে অসমৰ মুখ্যমন্ত্ৰীক শত্ৰুজ্ঞান কৰিবলৈ আৰম্ভ কৰিছে।
আই.টি. চেলৰ মতে ‘এই আটাইবোৰ অবৈধ ব্যৱসায়ৰ পৰা মিজোৰামৰ ৰাজনৈতিক নেতা, ছাত্ৰ সংগঠনৰ নেতা আৰু মিজোৰাম আৰক্ষী যুগ যুগ ধৰি লাভাম্বিত হৈ আহিছিল, যিহেতু এতিয়া সকলো বন্ধ হৈ পৰিছে গতিকে স্বাভাৱিক ভাবে তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক শত্ৰু জ্ঞান কৰিবলৈ আৰম্ভ কৰিছে ।‘
ইপিনে, অসম-মিজোৰামৰ সীমা বিবাদৰ মাজতে অঞ্জন দেউৰী নামৰ এজন লোকে ছ’চিয়েল মিডিয়াত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰি শত্ৰুতা বৃদ্ধি নকৰিবলৈ আহ্বান জনোৱাৰ লগতে বাংলাদেশীৰ উপদ্ৰৱৰ কথাও বৰ্ণনা কৰে।
তেওঁ লিখি কয়, ‘মিজোৰাম আৰু অসম সীমান্তৰ লাইলাপুৰৰ নিকটবৰ্তী ঠাই সমূহত বাংলাদেশী মূলৰ সংখ্যালঘুৰ আগ্ৰাসন দিনে দিনে বৃদ্ধি পাইছে। সেয়েহে পৰহিৰ দৰে দুৰ্ভাগ্যজনক ঘটনা ঘটিবলৈ পালে। আবেগিক অসমীয়াই প্ৰকৃত ঘটনা নজনাকৈয়ে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ জাতীয় কাৰ্যসূচী লৈ চুবুৰীয়া ৰাজ্যখনৰ লগত শত্ৰুতা নকৰিব।‘
তেওঁৰ মতে ‘থলুৱা অসমীয়াক মিজোৰামত কোনোদিনেই কোনো লোকে হাৰাশাস্তি কৰা আজিলৈকে শুনা নাই। বহুত শান্তিপ্ৰিয় মিজোসকল।‘
ধলাই সমষ্টিৰ অন্তৰ্গত লাইলাপুৰত পূৰ্বে মিজোসকলৰ আধিপত্য আছিল বুলি উল্লেখ কৰি তেওঁ লগতে লিখি কয়, ‘পিছত সংখ্যালঘু সম্প্ৰদায়ৰ আধিপত্য বৃদ্ধি পোৱাত মিজোসকলে লাইলাপুৰৰ পৰা প্ৰায় ৩ কিলোমিটাৰ আঁতৰৰ হাৱাইথাংৰ ফালে যায়গৈ আৰু তাতেই দোকান বজাৰ স্থাপন কৰি বজাৰখন পূৰ্বতকৈ বহু গুণে বৃদ্ধি কৰে।শেহতীয়াকৈ তাতো সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ আধিপত্য বৃদ্ধি পাবলৈ ধৰে আৰু মিজো লোকসকলৰ দোকান -বজাৰ সমূহত সঘনাই চোৰ হবলৈ ধৰে।‘
‘সমান্তৰাল ভাৱে পাহাৰৰ দাতি কাষৰীয়া অঞ্চল সমূহত বেদখল কৰি গৰু-ছাগলী আদি পশুপালন কৰিবলৈ গৃহ নিৰ্মান কৰিবলৈ আৰম্ভ কৰে আৰু সুযোগ বুজি সেই ঘৰকেই স্থায়ী ঘৰলৈ ৰূপান্তৰিত কৰে। এনেবোৰ কাৰণতেই অসম-মিজোৰাম সীমান্তত দিনে দিনে সংঘাত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।‘ তেওঁ এইদৰে লিখি কয়।
অঞ্জন দেউৰী আৰু মিজো ছাত্ৰ সন্থাই উত্থাপন কৰা এই বিষয়সমূহৰ ক্ষেত্ৰত অসম চৰকাৰে কিবা উত্তৰ দিব নে? বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়োখন ৰাজ্যই আলোচনাৰ মাধ্যমেৰে এক সঠিক সিদ্ধান্তত উপনীত হ’ব পাৰিব নে?