• About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact
Saturday, August 15, 2026
NORTHEAST NOW (Assamese)
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি
No Result
View All Result
NORTHEAST NOW (Assamese)
No Result
View All Result
Home উত্তৰ-পূব অসম

মিজো ছাত্ৰ সন্থাৰ পত্ৰৰ পাছত সততে সৰৱ মুখ্যমন্ত্ৰী কিয় এতিয়ালৈকে নীৰৱ?

সঁচাকৈ বাংলাদেশী অনুপ্ৰৱেশকাৰীৰ বেদখল হৈছে নেকি অসম-মিজো সীমান্তত?

কল্পজ্যোতি শইকীয়া by কল্পজ্যোতি শইকীয়া
July 29, 2021 7:10 pm
Himanta Mizo
3
VIEWS
Share on FacebookShare on WhatsAppShare on Twitter

কালি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাক পত্ৰযোগে মিজো ছাত্ৰ সন্থাই একপ্ৰকাৰৰ ভাবুকি দিছিল।

কিন্তু সততে যিকোনো বিষয়ত মুখ-চুপতি মাৰি ভাল পোৱা তথা কোনোবাই কিবা কটাক্ষ কৰিলে তাৰ দুগুণ হাৰত প্রত্যুত্তৰৰ উজান উঠোৱা মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা ২৪ ঘন্টা ওকলি যোৱাৰ পাছতো নিমাত।

Apply Now

অসম-মিজোৰাম সীমান্তত উত্তেজনা অব্যাহত থকাৰ সময়তে কালি মিজো ছাত্ৰ সন্থাৰ সভাপতি জে লালমুৱানজুৱালাই অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ  আক্ৰমণ কৰি এখন পত্ৰ লিখিছিল।

পত্ৰ খনত ছাত্ৰ নেতাগৰাকীয়ে কৈছিল-‘মিজোৰামৰ সাধাৰণ জনতাৰ বিৰুদ্ধে আপুনি হিংসাৰ সূচনা কৰিছে। যাৰ পৰিণতিত সাত জনকৈ লোকে প্ৰাণ বিসৰ্জন দিবলগীয়া হৈছে। আপুনি সৃষ্টি কৰা এনে পৰস্থিতিৰ আঁৰত আপোনাৰ এক গোপন পৰিকল্পনা আৰু ৰাজনৈতিক উদ্দেশ্য নিহিত হৈ আছে। সেই বিষয়ত আমি অজ্ঞ নহওঁ। ইনাৰ লাইন ৰিজাৰ্ভ ফৰেষ্ট এলেকাৰ ৫০৯ বৰ্গ মাইল অঞ্চলত বাংলাদেশৰ বহু প্ৰব্ৰজনকাৰীয়ে বাস কৰি আছে। আপুনি সেই মানুহ খিনিক স্বায়ত্ত্বশাসিত জিলা পৰিষদ দিব বিচাৰিছে আৰু ইয়াৰ জৰিয়তে আপুনি আপোনাৰ ৰাজনৈতিক অভীপ্সা পূৰণ কৰিব বিছাৰিছে।‘

‘আপুনি এইবোৰ কথা সংবাদ মাধ্যম আৰু জনতাৰ পৰা লুকুৱাই ৰাখিছে যদিও প্ৰকৃত সত্য সকলোৱে বুজি পাইছে। আপুনি জনতাৰ যি তেজ এতিয়া ব্যৱহাৰ কৰি আছে সেই তেজ এদিন আপোনাৰ গাৰ পিনেই আহিব আৰু আপোনাকেই ধ্বংস কৰিব।‘ এইদৰে পত্ৰযোগে হুংকাৰ দিছিল মিজো ছাত্ৰ সন্থাৰ সভাপতিগৰাকীয়ে।

উক্ত চিঠিতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক আকাংক্ষাই সেই শান্তি বিঘ্নিত কৰিছে বুলি দাবী কৰাৰ লগতে আনকি সাত ভনীক হত্যাৰ পৰিবেশ সৃষ্টি হৈ শান্তি নাইকীয়া হৈ পৰিছে বুলিও সভাপতিগৰাকীয়ে উল্লেখ কৰে।

এককথাত আপুনি চুবুৰীয়া উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰ সৈতে শত্ৰুতা গঢ়ি তুলিছে বুলি তেওঁ উল্লেখ কৰে।

কিন্তু অসম চৰকাৰৰ হাতত ইয়াৰ উত্তৰ নাই নেকি? এই প্ৰশ্নৰ উত্তৰ নিশ্চয়কৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই দিব লাগিছিল কিয়নো তেওঁৰ বিৰুদ্ধে উত্থাপিত হৈছে এই বিস্ফোৰক অভিযোগ।

ইপিনে, বিজেপিৰ আই.টি. চেলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পক্ষ লৈ চালে বেৰে কোবাবলৈ আৰম্ভ কৰিছে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ বাবেই মিজোৰামৰ পৰা সৰবৰাহ হোৱা বাৰ্মিজ চুপাৰিৰ সৰবৰাহ বন্ধ হোৱাৰ বাবে তথা মিজোৰামৰ মাজেৰে অসমলৈ ম্যানমাৰৰ পৰা ড্ৰাগছৰ সৰবৰাহ বন্ধ কৰাৰ বাবে এতিয়া মিজোৰামে অসমৰ মুখ্যমন্ত্ৰীক শত্ৰুজ্ঞান কৰিবলৈ আৰম্ভ কৰিছে।

আই.টি. চেলৰ মতে ‘এই আটাইবোৰ অবৈধ ব্যৱসায়ৰ পৰা মিজোৰামৰ ৰাজনৈতিক নেতা, ছাত্ৰ সংগঠনৰ নেতা আৰু মিজোৰাম আৰক্ষী যুগ যুগ ধৰি লাভাম্বিত হৈ আহিছিল, যিহেতু এতিয়া সকলো বন্ধ হৈ পৰিছে গতিকে স্বাভাৱিক ভাবে তেওঁলোকে মাননীয় মুখ্যমন্ত্ৰী আৰু অসম আৰক্ষীক শত্ৰু জ্ঞান কৰিবলৈ আৰম্ভ কৰিছে ।‘

ইপিনে, অসম-মিজোৰামৰ সীমা বিবাদৰ মাজতে অঞ্জন দেউৰী নামৰ এজন লোকে ছ’চিয়েল মিডিয়াত মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ কৰি শত্ৰুতা বৃদ্ধি নকৰিবলৈ আহ্বান জনোৱাৰ লগতে বাংলাদেশীৰ উপদ্ৰৱৰ কথাও বৰ্ণনা কৰে।

তেওঁ লিখি কয়, ‘মিজোৰাম আৰু অসম সীমান্তৰ লাইলাপুৰৰ নিকটবৰ্তী ঠাই সমূহত বাংলাদেশী মূলৰ সংখ্যালঘুৰ আগ্ৰাসন দিনে দিনে বৃদ্ধি পাইছে। সেয়েহে পৰহিৰ দৰে দুৰ্ভাগ্যজনক ঘটনা ঘটিবলৈ পালে। আবেগিক অসমীয়াই প্ৰকৃত ঘটনা নজনাকৈয়ে মিজোৰামৰ বিৰুদ্ধে অৰ্থনৈতিক অৱৰোধ জাতীয় কাৰ্যসূচী লৈ চুবুৰীয়া ৰাজ্যখনৰ লগত শত্ৰুতা নকৰিব।‘

তেওঁৰ মতে ‘থলুৱা অসমীয়াক মিজোৰামত কোনোদিনেই কোনো লোকে হাৰাশাস্তি কৰা আজিলৈকে শুনা নাই। বহুত শান্তিপ্ৰিয় মিজোসকল।‘

ধলাই সমষ্টিৰ অন্তৰ্গত লাইলাপুৰত পূৰ্বে মিজোসকলৰ আধিপত্য আছিল বুলি উল্লেখ কৰি তেওঁ লগতে লিখি কয়, ‘পিছত সংখ্যালঘু সম্প্ৰদায়ৰ আধিপত্য বৃদ্ধি পোৱাত মিজোসকলে লাইলাপুৰৰ পৰা প্ৰায়  ৩ কিলোমিটাৰ আঁতৰৰ হাৱাইথাংৰ ফালে যায়গৈ আৰু তাতেই দোকান বজাৰ স্থাপন কৰি বজাৰখন পূৰ্বতকৈ বহু গুণে বৃদ্ধি কৰে।শেহতীয়াকৈ তাতো সংখ্যালঘু সম্প্ৰদায়ৰ লোকৰ আধিপত্য বৃদ্ধি পাবলৈ ধৰে আৰু মিজো লোকসকলৰ দোকান -বজাৰ সমূহত সঘনাই চোৰ হবলৈ ধৰে।‘

‘সমান্তৰাল ভাৱে পাহাৰৰ দাতি কাষৰীয়া অঞ্চল সমূহত বেদখল কৰি গৰু-ছাগলী আদি পশুপালন কৰিবলৈ গৃহ নিৰ্মান কৰিবলৈ আৰম্ভ কৰে আৰু সুযোগ বুজি সেই ঘৰকেই স্থায়ী ঘৰলৈ ৰূপান্তৰিত কৰে। এনেবোৰ কাৰণতেই অসম-মিজোৰাম সীমান্তত দিনে দিনে সংঘাত বৃদ্ধি পাবলৈ আৰম্ভ কৰিছে।‘ তেওঁ এইদৰে লিখি কয়।

অঞ্জন দেউৰী আৰু মিজো ছাত্ৰ সন্থাই উত্থাপন কৰা এই বিষয়সমূহৰ ক্ষেত্ৰত অসম চৰকাৰে কিবা উত্তৰ দিব নে? বিষয়টোৰ ওপৰত গুৰুত্ব আৰোপ কৰি দুয়োখন ৰাজ্যই আলোচনাৰ মাধ্যমেৰে এক সঠিক সিদ্ধান্তত উপনীত হ’ব পাৰিব নে?

কল্পজ্যোতি শইকীয়া

কল্পজ্যোতি শইকীয়া

নৰ্থ-ইষ্ট নাওৰ সাংবাদিক

Stay Connected

  • 117k Fans

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

ডাঙৰ সপোন দেখক, ২০৪৭ চনৰ ভিতৰত বিকশিত ভাৰত গঢ়াৰ আহ্বান প্ৰধানমন্ত্ৰী মোদীৰ

August 15, 2026 10:24 am
এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

এখন সশস্ত্ৰ সংগ্ৰাম, অপূৰ্ণ স্বপ্ন, বঞ্চনা আৰু স্বাধীনতাৰ ৮০ বছৰত অসমৰ উপলব্ধি

August 15, 2026 9:36 am

Get the latest Assamese news from Assam and NorthEast India. নৰ্থ-ইষ্ট নাও এটা মাল্টি-এপ ভিত্তিক সম্পূৰ্ণভাৱে আঞ্চলিক, দ্বিভাষিক নিউজ প’ৰ্টেল। পেচাদাৰী ব্যক্তিৰ এটা গোটৰ নেতৃত্বত এই ডিজিটেল অসমীয়া বাতৰি প্ৰতিষ্ঠানটোৱে উত্তৰ-পূবৰ আঠখন ৰাজ্য আৰু এইবোৰৰ প্ৰতিৱেশী দেশকেইখনৰ প্ৰতিটো খা-খবৰ সামৰি লোৱাৰ চেষ্টা কৰিব। দুটাকৈ ইংৰাজী এপ আৰু এটা অসমীয়া এপৰ সংস্কৰণ থকা এইটোৱে হ’ল এই ধৰণৰ প্ৰথমটো নিউজ প’ৰ্টেল। আমি ৰাজনৈতিকভাৱে নিৰপেক্ষ আৰু দক্ষিণ-পূব আৰু দক্ষিণ এছিয়াৰ মাজৰ প্ৰকৃত বা-বাতৰিৰ সাঁকোৰ ভূমিকা ল’বলৈ চেষ্টা কৰিম।

Follow Us

Our Properties

  • ⚪ NORTHEAST NOW
  • ⚪ NORTHEAST JOBS
  • ⚪ NORTHEAST TENDERS

Recent News

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

ইৰাণ যুদ্ধত ডাঙৰ বিপৰ্যয়ৰ সন্মুখীন আমেৰিকা; হেৰুৱাইছে ৪৫খন এমকিউ ৯ ৰিপাৰ ড্ৰ’ন

August 15, 2026 11:56 am
স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

স্মৃতিৰ কেলেণ্ডাৰত ১৫ আগষ্ট ২০০৪ : ধেমাজীয়ে সুধিব খুজিছে – আমি কিমান স্বাধীন? ‎

August 15, 2026 10:56 am
  • About
  • Copyright
  • Privacy Policy
  • Authors
  • Grievance Redressal
  • Contact

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd

No Result
View All Result
  • মুখ্যপৃষ্ঠা
  • নৰ্থ-ইষ্ট
    • অৰুণাচল
    • অসম
    • ছিকিম
    • ত্ৰিপুৰা
    • নাগালেণ্ড
    • মণিপুৰ
    • মিজোৰাম
    • মেঘালয়
  • দেশ
  • আন্ত: ৰাষ্ট্ৰীয়
  • অভিমত
  • ক্ৰীড়া
  • সাময়িকী
    • ৰাজনীতি
    • বাণিজ্য
    • শিক্ষা
  • জীৱনশৈলী
    • দিহা-ভৰসা
  • প্ৰাসংগিক প্ৰশ্ন
  • স্বাস্থ্য
  • অন্যান্য
    • ভাষা-সাহিত্য
    • সংস্কৃতি
    • মনোৰঞ্জন
    • প্ৰযুক্তি
    • বিজ্ঞান-প্ৰযুক্তি

© 2025 - Maintained by EZEN Software & Technology Pvt. Ltd