উত্তৰ পূৱ কয়লা ক্ষেত্ৰ বন্ধ হৈ থকা বিষয়টো আলোচনাৰ বাবে মাৰ্ঘেৰিটাত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা

dog

আজি মাৰ্ঘেৰিটা ক’ল ইণ্ডিয়াৰ দিহিং গেষ্ট হাউচত উপস্থিত হয় অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা।

২০২০ বৰ্ষৰ ৩ জুনৰ পৰা উত্তৰ পূৱ কয়লা ক্ষেত্ৰ বন্ধ হৈ থকা বিষয়টোৰ সন্দৰ্ভত আলোচনাৰ অৰ্থে মুখ্যমন্ত্ৰীয়ে আজি ক’ল ইণ্ডিয়াৰ কৰ্তৃপক্ষৰে বৈঠক কৰাৰ উদেশ্য উপস্থিত হয়।

মাৰ্ঘেৰিটা উত্তৰ-পূব কয়লা ক্ষেত্ৰ পুনৰ মুকলি কৰাৰ ক্ষেত্ৰত কিছু জটিলতা আছে ।
পৰিবেশ সংক্ৰান্তীয় দিশ সমূহ অধ্যয়নৰ প্ৰয়োজনীয়তা আছে ।

এই সন্দৰ্ভত দিল্লীত অহা মাহত ত্ৰিপাক্ষিক বৈঠক অনুস্থিত ‌হব । স্থানীয় ৰাইজে কয়লা ক্ষেত্ৰ পুনৰ মুকলি হোৱাটো বিচাৰে ।

উত্তৰ-পূব কয়লা ক্ষেত্ৰ লোকচানত চলি থকা বাবে ব্যক্তিগতকৰণৰ কথা নাহে ।

মুখ্যমন্ত্ৰীয়ে বন বিভাগ,ৰাজহ বিভাগ আৰু ক’ল ইণ্ডিয়া ত্ৰিপাক্ষিক আলোচনা কৰি শীঘ্ৰে ক’ল ইণ্ডিয়া মুকলিৰ আশ্বাস দিয়ে সংবাদমাধ্যমৰ আগত।