নিষ্কন্টক! প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা

Himanta in Jayanta Baruah's Residence

ৰাজ্যখনৰ ৰাজনৈতিক সমীকৰণ সলনিৰ লগে লগে সামাজিক দৃশ্যপটো সলনি হোৱাৰ ইংগিত বহন কৰিছে মঙলবাৰৰ এক ঘটনাই !

মঙলবাৰে পুৱা সাদিন– প্ৰতিদিন গোষ্ঠীৰ স্বত্বাধিকাৰী জয়ন্ত বৰুৱাৰ বাসগৃহত হঠাতে উপস্থিত হয় মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা।

মুখ্যমন্ত্ৰী ৰূপে দায়িত্বভাৰ লোৱাৰ পাছতে এইদৰে জয়ন্ত বৰুৱাৰ ঘৰত উপস্থিত হয় নতুন মুখ্যমন্ত্ৰীগৰাকী। মুখ্যমন্ত্ৰী গৰাকীৰ সৈতে কেবিনেট মন্ত্ৰী অশোক সিংঘালো উপস্থিত থাকে।

মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই জয়ন্ত বৰুৱাৰ সৈতে আলোচনাত মিলিত হয়।

জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ইয়াক এক অনানুষ্ঠানিক সাক্ষাৎ বুলি উল্লেখ কৰি কয়,’’ আমাৰ এক ঘৰুৱা সম্পৰ্ক আছে আৰু বৃত্তিগতভাৱে আমি আমাৰ নিজৰ দিশেৰে আগবাঢ়িছো। অসমৰ উন্নয়নৰ বাবে সকলোৱে ইতিবাচক মানসিকতাৰে আগবাঢ়িব লাগিব।‘’

গান্ধীবস্তিত একেলগে ডাঙৰ হোৱা বুলি সদৰী কৰি মুখ্যমন্ত্ৰী ড০ শৰ্মাই এগৰাকী জ্যেষ্ঠ নাগৰিক হিচাপে আশীৰ্বাদ ল’বলৈ অহা বুলি কয়।

আনহাতে, সংবাদ মাধ্যমৰ আগত জয়ন্ত বৰুৱাই কয়,’’আমি সুখী যে অসমে এগৰাকী তৰুণ, দক্ষ আৰু গতিশীল মুখ্যমন্ত্ৰী লাভ কৰিছে। মই তেওঁক ভৱিষ্যতৰ বাবে শুভেচ্ছা জনাইছো যাতে তেওঁ ৰাজ্যখনৰ উন্নয়নৰ বাবে কাম কৰি যাব পাৰে। আমাৰ এক পুৰণি সম্পৰ্ক আছে আৰু আজি আমি ৰাজ্যখনৰ উন্নয়নৰ বিষয়ে আলোচনা কৰিছো।‘’

স্বাভাৱিকতে দুয়োগৰাকী ব্যক্তিৰ এই ‘মহামিলন’ক লৈ পৰ্যবেক্ষক মহলৰ মাজত চৰ্চা আৰম্ভ হৈছে।

বিগত সময়ত হিমন্ত বিশ্ব শৰ্মা আৰু জয়ন্ত বৰুৱাৰ মাজত চলি থকা শীতল যুদ্ধৰ অৱসান ঘটাৰ ইংগিত বহন কৰিলে নেকি এই আজিৰ এই মহামিলনে সেয়া লক্ষ্যণীয় হৈ পৰিছে।

উল্লেখ্য যে বিগত সময়ত হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি-কেলেংকাৰিৰ অভিযোগ ৰাইজৰ সন্মুখত দাঙি ধৰি জয়ন্ত বৰুৱাৰ মালিকাধীন সংবাদ গোষ্ঠীটোৱে একপ্ৰকাৰ নেতাগৰাকীৰ সন্মুখত প্ৰত্যাহ্বানৰ সৃষ্টি কৰিছিল।

আনহাতে, হিমন্ত বিশ্ব শৰ্মাইয়ো বিভিন্ন সময়ত জয়ন্ত বৰুৱাৰ বিৰুদ্ধে ৰাজহুৱাভাৱে মন্তব্য আগবঢ়াই নিজৰ ক্ষোভ সদৰী কৰিছিল।

বিগত সময়ত সকলোৰে মনত এক ধাৰণাৰ সৃষ্টি হৈ আহিছিল যে জয়ন্ত বৰুৱাৰ ‘বলিষ্ঠ’ ভূমিকাৰ বাবেই হিমন্ত বিশ্ব শৰ্মাৰ ৰাজনৈতিক জীৱনৰ উত্তৰণ স্থবিৰ হৈছে।

কংগ্ৰেছত থকা দিনৰে পৰা জয়ন্ত বৰুৱাৰ সংবাদ গোষ্ঠীটোৱে হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে তথ্য সম্বলিত বাতৰি প্ৰকাশ কৰি নেতাগৰাকীক শলঠেকত পেলাই অহা দেখা গৈছিল।

সেয়া যি নহওক, মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰাৰ পাছতে সেইগৰাকী ‘বৈৰীবন্ধু’ জয়ন্ত বৰুৱাৰ বাসগৃহত উপস্থিত হৈ হিমন্ত বিশ্ব শৰ্মাই ‘বৰফ গলা’ৰ ইংগিত দিয়া বুলিও চৰ্চা লাভ কৰিছে।