‘মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন ৰোগীৰ বিশেষ অধিকাৰ ভংগ কৰিলে,’ ৰাইজৰ দল

"মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাইয়ো কোভিড প্ৰট’কল ভংগ কৰিছে, গতিকে তেঁৱো মানসিক ৰোগী" ভাস্ক' ডি শইকীয়া

index.jpgk

সোমবাৰে পঞ্চদশ বিধানসভা অধিবেশনৰ অন্তিম দিনা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অখিল গগৈৰ বিৰুদ্ধে কৰা মন্তব্যৰ প্ৰত্যুত্তক দিছে ৰাইজৰ দলে।

এজন ৰোগীৰ ৰোগৰ বিষয়ে গোপন ৰখাতো ভাল বুলি উল্লেখ কৰি এক ভিডিঅ’যোগে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতি ভাস্ক’ ডি শইকীয়াই কয় ‘কিন্তু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এজন ৰোগীৰ বিশেষ অধিকাৰ ভংগ কৰিছে। ৰাইজৰ দলৰ ফালৰ পৰা এই বিষয়টো যথাযোগ্য কৰ্তৃপক্ষৰ ওচৰত দৃষ্টিগোচৰ কৰিবলৈ সিদ্ধান্ত লৈছোঁ।‘

ইপিনে, অখিল গগৈয়ে যদি বিধান সভাৰ এখন টেবুলৰ পৰা এখন টেবুললৈ গৈ কোভিড প্ৰটক’ল ভংগ কৰা বুজাই তেনেহলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাও এজন মানসিক ৰোগী কাৰণ তেওঁ নিজে কোভিড প্ৰটক’ল ভংগ কৰি বিভিন্ন অনুষ্ঠানত অংশগ্ৰহণ কৰি আছে বুলিও দাবী কৰে ৰাইজৰ দলৰ কাৰ্যকৰী সভাপতিগৰাকীয়ে।

তেওঁ এক উদাহৰণ দাঙি ধৰি কয় ‘মাজুলীত গৈ কণ কণ শিশুসকলৰ লগত অহাৰ গ্ৰহণ কৰা আৰু লগতে এজন কোভিড ৰোগীক লগত লৈ তেওঁ বিভিন্ন ঠাই পৰিভ্ৰমণ কৰিছিল।’

ইপিনে, বিজেপি চৰকাৰখনে কেতিয়াও অখিল গগৈক অসম বিধান সভাত সাহসী আৰু সবল উপস্থিত নিবিচাৰে বুলি উল্লেখ কৰে শইকীয়াই।

আনহাতে, মুখ্যমন্ত্ৰীয়ে অতি নিম্ন খাপৰ কৌতুক অভিনেতাৰ দৰে আচৰণ নকৰি দায়িত্বশীল ৰাজনেতাৰ আচৰণ কৰিব বুলি উল্লেখ কৰি শইকীয়াই আৰু কয় ‘কিন্তু সেইয়া তেওঁ নোৱাৰিলে আৰু তাৰ কাৰণ হ’ল এঙাৰক এশবাৰ ধুলেও সি কেতিয়াও বগা নহয়।‘

তেওঁ আৰু কয় ‘হিমন্ত বিশ্ব শৰ্মাৰ কেতিয়াও যুক্তি সহকাৰে অখিল গগৈৰ লগত মুখামুখী হোৱা সাহস নাছিল আৰু ভৱিষ্যতলৈ কেতিয়াও ন’হব। বিভিন্ন কৌশলেৰে অখিল গগৈক বিধান সভাত অংশগ্ৰহণ কৰাত বাধা দিবলৈ চেষ্টা চলাই আছে।‘

শইকীয়াই জনোৱা অনুসৰি ’২২ মে’ তাৰিখে গৃহ বিভাগৰ পৰা অহা পত্ৰত উল্লেখ আছে আছে অখিল গগৈৰ গোচৰ NIAৰ বিচাৰাধীন হৈ আছে আৰু সেইবাবে অখিল গগৈ NIA আদালতত ডালষ্ট হ’ব লাগে। কিন্তু আজি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত উল্লেখ কৰে যে অখিল গগৈ কেৱল মানসিক ৰোগী আৰু তেওঁৰ মানসিক ৰোগ হোৱা বাবে চিকিৎসাধীন হৈ আছে আৰু law and order ৰ ফালৰ পৰা অখিল গগৈ বিধান সভাত অংশগ্ৰন কৰাত কোনো সমস্যা নাই। প্ৰশ্ন হয় যে আমি কোনটো কথা সঁচা বুলি আমি মানি ল’ম এফালে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাত দিয়া ভাষণ নে গৃহ বিভাগৰ ফালৰ পৰা প্ৰেৰণ কৰা পত্ৰখনক।‘

‘গৃহ বিভাগটো যিহেতু মুখ্যমন্ত্ৰীৰ হাতত থাকে তেনেহ’লে সেই পত্ৰখনো তেওঁক নেদেখুৱাকৈ কেতিয়াও প্ৰেৰণ কৰিব নোৱাৰে। ইয়াৰ পৰা এটা কথা স্পষ্ট হৈ পৰিছে যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিধান সভাৰ মজিয়াত মিছা মাতিছে।‘ শইকীয়াই এইদৰে কয়।