ব্যৱসায়-বাণিজ্য সম্প্ৰসাৰণৰ উদ্দেশ্যে বাংলাদেশ-ম্যানমাৰ ভ্ৰমণ কৰিব অসমৰ ৩০ জনীয়া প্ৰতিনিধি দলে

2-1-750x375

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে মঙলবাৰে জনতা ভৱনৰ মুখ্য মন্ত্ৰীৰ সভাগৃহত অহা ২৬ জুনৰ পৰা ৪ জুলাইলৈ বাংলাদেশ আৰু ম্যানমাৰ ভ্ৰমণ কৰিব লগীয়া সম্পৰ্ক যাত্ৰাৰ প্ৰতিনিধি দলটোৰ সৈতে মত-বিনিময় কৰি আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰে।

উল্লেখ্য যে ৩০ জনীয়া প্ৰতিনিধি দলটোত ১৪ গৰাকী বিধায়কৰ উপৰি ভাৰতীয় প্ৰশাসনিক সেৱা, অসম অসামৰিক সেৱাৰ বিষয়াই এই যাত্ৰাত অংশ গ্ৰহণ কৰিব। দলটোৰ নেতৃত্ব বহন কৰিব উদ্যোগ আৰু বাণিজ্য বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে।

ভ্ৰমণৰ সময়ছোৱাত প্ৰতিনিধি দলটোৱে পৰিবহন ব্যৱসায়ৰ লগত জড়িত সংস্থা, ৰপ্তানিকাৰী, চেম্বাৰ অব কমাৰ্চৰ শীৰ্ষ বিষয়াসকলৰ সৈতে আলোচনা কৰি ব্যৱসায়-বাণিজ্য অধিক সম্প্ৰসাৰণৰ সম্ভাৱনীয়তা সমূহ বিকশাই তোলাৰ বাবে প্ৰয়াস কৰিব।

মত বিনিময়ৰ সময়ত মুখ্য মন্ত্ৰী সোণোৱালে কয় যে এই দেশসমূহৰ জনসাধাৰণৰ সৈতে সম্পৰ্ক আৰু অধিক সুদৃঢ় কৰিব লাগিব। ওচৰ-চুবুৰীয়া দেশসমূহৰ সৈতে সাংস্কৃতিক বিনিময়ত গুৰুত্ব আৰোপ কৰি মুখ্য মন্ত্ৰীয়ে ‘এডভাণ্টেজ আসাম’ শীৰ্ষক সন্মিলন গুৱাহাটীত সুকলমে অনুষ্ঠিত হোৱাৰ পিছত অসম চৰকাৰে গ্ৰহণ কৰা বিভিন্ন পদক্ষেপে ইতিমধ্যে ইতিবাচক দিশ মুকলি কৰিছে।

ইয়াৰ উপৰি দক্ষিণ-পূব এছিয়াৰ অন্যান্য দেশ সমূহৰ সৈতে অৰ্থনৈতিক সহযোগিতাৰ গতি অধিক ত্বৰান্বিত কৰাৰ বাবে ৰাজ্য চৰকাৰৰ প্ৰতিনিধি দলে অনাগত দিনত সেই দেশ সমূহো ভ্ৰমণ কৰিব বুলি মন্তব্য কৰে।

মঙলবাৰৰ উদ্যোগ আৰু বাণিজ্য, এক্ট ইষ্ট পলিচি পৰিক্ৰমা বিভাগৰ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, এক্ট ইষ্ট পলিচি পৰিক্ৰমা বিভাগৰ অতিৰিক্ত মুখ্য সচিব ৰবি কাপুৰ, মুখ্য মন্ত্ৰীৰ মিডিয়া উপদেষ্টা হৃষীকেশ গোস্বামী, মুখ্য মন্ত্ৰী আইন উপদেষ্টা শান্তনু ভৰালী আৰু এই ভ্ৰমণত যাবলগীয়া কেইবাগৰাকীও বিধায়ক উপস্থিত থাকে।