আমগুৰিত ৭০ মেগাৱাট শক্তি সম্পন্ন সৌৰ পাৰ্কৰ আধাৰশিলা স্থাপন মুখ্য মন্ত্ৰীৰ

CM Sonowal

ফটো : নৰ্থ-ইষ্ট নাও

বুধবাৰে শিৱসাগৰ জিলাৰ আমগুৰিত মুখ্য মন্ত্ৰীয়ে ৭০ মেগাৱাট শক্তি সম্পন্ন সৌৰ পাৰ্কৰ আধাৰশিলা স্থাপন কৰে। আমগুৰিৰ জাপিসজিয়া গাঁৱত ৩৪০ একৰ ভূমিত নিৰ্মাণ হ’ব লগীয়া এই পাৰ্কে প্ৰদূষণ মুক্ত সৌৰ শক্তি উৎপাদন কৰাৰ উপৰি গৱেষণা আৰু উন্নয়নৰ কেন্দ্ৰ হিচাপে কাম কৰিব।

সৌৰ পাৰ্কৰ আধাৰশিলা স্থাপন কৰি ৰাজ্যৰ মুখ্য মন্ত্ৰীয়ে কয়, ‘অসম আন্দোলনৰ ফলশ্ৰুতিত স্বাক্ষৰ হোৱা অসম চুক্তিৰ আধাৰত প্ৰায় তিনি দশক পূৰ্বে আমগুৰিত এটা গেছ ভিত্তিক শক্তি প্ৰকল্প স্থাপনৰ পৰিকল্পনা গ্ৰহণ কৰা হৈছিল। বিভিন্ন কাৰণত এই প্ৰকল্প বাস্তবায়িত নহল। অসম চৰকাৰে ৰাইজৰ এই দাবীৰ প্ৰতি সন্মান জনাই প্ৰদূষণ মুক্ত সৌৰ শক্তি প্ৰকল্প ৰূপায়ণৰ বাবে আগবঢ়ি আহিছে’।

‘ৰাজ্যখনৰ শক্তিখণ্ডৰ উৎপাদন ক্ষমতা বৃদ্ধিৰ বাবে আৰু শক্তি উৎপাদনৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ বাবে অসম চৰকাৰৰ যি লক্ষ্য আছিল সেই ক্ষেত্ৰত এই সৌৰ পাৰ্ক এক নতুন সংযোজন। ৰাজ্য চৰকাৰে ২০৩০ চনৰ ভিতৰত ৬৫০০ মেগাৱাট শক্তি উৎপাদনৰ বাবে পৰিকল্পনা গ্ৰহণ কৰিছে আৰু এই দিশত বহুদূৰ বাট আগুৱাবলৈ বাকী আছে’ বুলি ব্যক্ত কৰে মুখ্য মন্ত্ৰী সোনোৱালে।

ইফালে অনুষ্ঠানত অসমৰ শক্তি বিভাগৰ স্বতন্ত্ৰ ৰাজ্যিক মন্ত্ৰী তপন কুমাৰ গগৈয়ে নিজৰ ভাষণত কয়, ‘৭০ মেগাৱাট ক্ষমতা সম্পন্ন এই সৌৰ পাৰ্কে ৰাজ্যৰ শক্তি খণ্ডক শক্তিশালী কৰিব। প্ৰস্তাৱিত নৰ্থ ইষ্ট গেছ গ্ৰীডৰ কাম সম্পূৰ্ণ হলে সৌৰ পাৰ্কৰ এলেকাতে নিৰ্ধাৰিত কৰি ৰখা এক বৃহৎ ভূমিত গেছ ভিত্তিক শক্তি প্ৰকল্প নিৰ্মাণৰ বাবেও পদক্ষেপ গ্ৰহণ কৰা হ’ব’।

শক্তি মন্ত্ৰী গৰাকীয়ে লগতে বিভিন্ন আঁচনিৰ বিষয়েও উল্লেখ কৰে। ইয়াৰ উপৰি বিদ্যুৎজনিত দুৰ্ঘটনা ৰোধ কৰাৰ বাবে বিদ্যুৎ তাঁৰৰ পৰিৱৰ্তে কেব’ললৈ ৰূপান্তৰ কৰা হৈছে আৰু সকলো কাঠৰ বা বাঁহৰ খুটা আঁতৰাই পকী খুটা সংস্থাপনৰ কাম চলি আছে বুলিও মন্তব্য কৰে।

অনুষ্ঠানত যোৰহাট লোকসভা সমষ্টিৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, আমগুৰি বিধান সভা সমষ্টিৰ বিধায়ক প্ৰদীপ হাজৰিকা, মাহমৰা বিধানসভা সমষ্টিৰ বিধায়ক যোগেন মহন, থাওৰা বিধানসভা সমষ্টিৰ বিধায়ক কুশল দুৱৰী, শিৱসাগৰ জিলা উপায়ুক্ত ডাঃ এছ লক্ষ্মণন, এ পি ডি চি এলৰ অধ্যক্ষ বিনোদ কুমাৰ পিপাৰচেনীয়া, এ পি ডি চি এলৰ পৰিচালন সঞ্চালক কল্যানী বৰুৱাৰ লগতে বহুটো গণ্য মান্য ব্যক্তি উপস্থিত থাকে।