বৰাক উপত্যকাত ভূমিস্খলনত মৃত্যু হোৱা ব্যক্তিৰ পৰিয়াললৈ শীঘ্ৰে এককালীন সাহায্য প্ৰদানৰ নিৰ্দেশ মুখ্য মন্ত্ৰীৰ

WhatsApp Image 2020-05-15 at 1.13.54 PM

মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ ফাইল ফটো

নেৰানেপেৰা বৰষুণৰ ফলত বৰাক উপত্যকাত সংঘটিত হোৱা ভূমিস্খলনত কেইবাগৰাকীও ব্যক্তিৰ প্ৰাণহানি হ’বলগীয়া হোৱা ঘটনাত মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়ালবৰ্গলৈও গভীৰ সমবেদনা জ্ঞাপন কৰে।

ভূমিস্খলত জনসাধাৰণৰ মৃত্যু হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক ঘটনা বুলি উল্লেখ কৰি মুখ্য মন্ত্ৰীয়ে বৰাক উপত্যকাৰ তিনিখন জিলা ক্ৰমে কাছাৰ, কৰিমগঞ্জ আৰু হাইলাকান্দিৰ উপায়ুক্তসকলক উদ্ধাৰ অভিযান ক্ষিপ্ৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে লগতে এছ ডি আৰ এফকো উদ্ধাৰ আৰু সাহায্য অভিযান তীব্ৰতৰ কৰাৰ বাবে নিৰ্দেশ দিয়ে।

আনহাতে, সোণোৱালে এই ঘটনাত নিহত হোৱা ব্যক্তিৰ পৰিয়ালৰ নিকটাত্মীয়লৈ এককালীন সাহায্যৰ ধনৰাশি তাৎক্ষণিকভাৱে প্ৰদানৰ পদক্ষেপ ল’ভলৈও নিৰ্দেশ দিয়ে।

মুখ্য মন্ত্ৰীয়ে এই ঘটনাত আহত ব্যক্তিসকলৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিবলৈও জিলা প্ৰশাসনক নিৰ্দেশ দিয়ে। আহত ব্যক্তিসকলৰ আশু-আৰোগ্যও কামনা কৰে।