ভয়াৱহ ক’ভিড! গভীৰ নিশাও জিলা উপায়ুক্তক চিকিৎসালয় পৰিদৰ্শন কৰিবলৈ নিৰ্দেশ মুখ্যমন্ত্ৰীৰ

dc

আজি বিয়লি ভাগত জিলা উপায়ুক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ’ কনফাৰেন্সৰ জৰিয়তে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ পৰ্যালোচনা কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই।

উক্ত কনফাৰেন্সৰ জৰিয়তে গভীৰ নিশাও সংকটজনক ক’ভিড ৰোগীসকলক উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱাটো সুনিশ্চিত কৰাৰ স্বাৰ্থত নিয়মীয়াকৈ জিলা চিকিৎসালয়সমূহ পৰিদৰ্শন কৰিবলৈ উপায়ুক্তসকলক মুখ্যমন্ত্ৰীৰ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

ইয়াৰোপৰি, প্ৰতিখন জিলাতে একোগৰাকী অতিৰিক্ত উপায়ুক্তক টীকাকৰণ কেন্দ্ৰসমূহৰ দায়িত্ব ন্যস্ত কৰিবলৈ মুখ্যমন্ত্ৰীয়ে নিৰ্দেশ দিয়ে।

ইপিনে, অতিমাৰীৰ সংক্ৰমণ প্ৰতিৰোধৰ স্বাৰ্থত কণ্টেইনমেণ্ট জ’নসমূহত জাৰি কৰা বাধা-নিষেধসমূহ আৰু অধিক কটকটীয়া কৰি তুলিবলৈ আৰক্ষী অধীক্ষকসকলক মুখ্যমন্ত্ৰী ডঃ শৰ্মাই নিৰ্দেশ দিয়ে।

আনহাতে, উক্ত ভিডিঅ’ কনফাৰেন্সতে এই সংকটৰ সময়ত জনসাধাৰণলৈ মানৱীয় দৃষ্টিভংগীৰে সৰ্বোৎকৃষ্ট সেৱা আগবঢ়োৱাৰ ওপৰত মুখ্যমন্ত্ৰীয়ে গুৰুত্ব আৰোপ কৰিবলৈ জিলা উপায়ুক্তসকলক পৰামৰ্শ দিয়ে।