NORTHEAST NOW (Assamese)

চীন-ভাৰত সীমান্তত দলং নিৰ্মাণ বোৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্যনৰ

December 19, 2018 3:06 pm ·

অৰুণাচলৰ মুখ্য মন্ত্ৰী পেমা খাণ্ডুৱে যোৱাকালি ১৮ ডিচেম্বৰ মঙলবাৰে আনজাও জিলাৰ অন্তৰ্গত  টিলুৱা নদীৰ ওপৰত টাইডিং আৰু হায়ুলিয়াং চহৰক সংযোগ কৰা দলং এখনৰ উদ্বোধন কৰিছে।

৭ কোটি টকা ব্যয়সাপেক্ষ ১১০ মিটাৰ দৈৰ্ঘ্যবিশিষ্ট তীখাৰ ছুপাৰষ্ট্ৰাংকছাৰৰ ওপৰত নিৰ্মিত এই দলংখন প্ৰজেক্ট উদয়কৰ অন্তৰ্গত বোৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্যনে (BRO) নিৰ্মাণ কৰি উলিয়াইছে। এই দলংখনেৰে গধুৰ সামৰিক আহিলাপাতি চীন সীমান্তলৈ বহন কৰিব পৰা হ’ব।

৪৮ বোৰ্ডাৰ ৰ’ড টাস্ক ফৰ্চৰ কামাণ্ডাৰ কৰ্নেল ৰাজীৱ ধিংৰাই কৈছে, ‘‘এই দলংখন বোৰ্ডাৰ ৰ’ড অৰ্গেনাইজেশ্যনে নিৰ্মাণ কৰি উলিওৱা আটাইতকৈ দীঘল দলং। এই দলংখন পুৰণি ৩৬০ ফুটৰ বেইলী ব্ৰীজখনৰ পৰিৱৰ্তে ব্যৱহৃত হ’ব। লোহিত জিলাৰ সদৰ তেজুত এটা অৰুণাচল ৰাইজিং কেম্পেইনক সম্বোধন কৰি তেওঁ কৈছে, ‘‘হোলোংগি গ্ৰীনফিল্ড বিমান বন্দৰটো অতি শীঘ্ৰেই নিৰ্মাণ হৈ উঠিব। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে জানুৱাৰিত অৰুণাচল ভ্ৰমণ কৰাৰ আশা আছে আৰু তেওঁ আহি বিমান বন্দৰটোৰ আধাৰশিলা স্থাপন কৰিব।‘’

ইফালে, অৰুণাচল প্ৰদেশ কংগ্ৰেছে অভিযোগ কৰিছে যে বিজেপি চৰকাৰে জিলা আৰু ‘অৰুণাচল ৰাইজিং কেম্পেইন’ৰ নামত জনসাধাৰণক আভুৱা ভাৰি আছে।

নতুনকৈ গঠন কৰা লেপা ৰাডা, পাকে কেছাং আৰু শ্বি য়োমি জিলাৰ সন্দৰ্ভত অৰুণাচল কংগ্ৰেছ কমিটীৰ সভাপতি টাকাম সঞ্জয়ে প্ৰশ্ন উত্থাপন কৰিছে যে পৰ্যাপ্ত মানুহ আৰু পদৱীৰ সৃষ্টি নকৰাকৈ কেনেদৰে জিলাকেইখন চলোৱা হ’ব। তেওঁ কয় যে ইয়ে ৰাইজৰ সমস্যা বৃদ্ধিহে কৰিব।

Related News