ক’ৰ’না ভাইৰাছৰ বিৰুদ্ধে যুঁজাৰ বাবে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গঠন কৰা পি এম কেয়াৰ্ছ ফাণ্ডলৈ আজি মুখ্য মন্ত্ৰী সৰ্বানন্দ সোণোৱালে নিজৰ এমাহৰ দৰমহা আগবঢ়ায়।
আনহাতে মহামাৰী ভাইৰাছবিধৰ বিৰুদ্ধে যুঁজিবলৈ মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজি তথা অসম আৰোগ্য নিধিলৈ আজিৰ দিনটোত ৰাজ্যৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তিয়ে আৰ্থিক সাহায্য প্ৰদান কৰে।
আজি সাহায্য আগবঢ়োৱা সকলৰ ভিতৰত আছs বিধায়ক ৰাজদীপ গোৱালা, ভাৰতীয় জনতা পাৰ্টীৰ কৰিমগঞ্জ জিলা সমিতি, কৰিমগঞ্জ জিলা ক্ৰীড়া সন্থা, উত্তৰ-পূৰ্বাঞ্চল লোক সমিতি।
শিলচৰ জিলা কংগ্ৰেছ সমিতিয়ে এক লাখ টকা, সদৌ অসম দেৱ দামোদৰ সংঘ আৰু ভাৰতৰ কমিউনিষ্ট পাৰ্টী(মাৰ্ক্সবাদী) অসম ৰাজ্যিক সমিতিয়েও ১.৫১ লাখ টকা প্ৰদান কৰে।
ইয়াৰ উপৰি গুৱাহাটী তথা ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ অনুষ্ঠান-প্ৰতিষ্ঠান তথা ব্যক্তি বিশেষে মুখ্য মন্ত্ৰীৰ সাহায্য পুঁজিলৈ সাধ্যানুসাৰে আৰ্থিক বৰঙণি আগবঢ়োৱা বুলি এক প্ৰেছ বিক্ষপ্তিৰ জৰিয়তে জনায়।
উল্লেখ্য যে, অসমত এই পৰ্যন্ত ২৯ গৰাকী লোক ক’ৰ’না ভাইৰাছত আক্ৰান্ত হৈছে আৰু ইয়াৰে এজন লোকৰ অৱস্থা সংকটজনক বুলি জানিব পৰা গৈছে।